এখন বজাৰৰ কথা

এজাক উত্রাৱল গ্রাহকৰ কোলাহল,
বিক্রেতাৰো অভাৱ নাই,
আবেগৰ বিপণীত বেপাৰৰ পয়োভৰ আজি
তোমাক সেই হাটলৈ যোৱা মই দেখিছিলোঁ।

তুমি বাৰু কি বিছাৰি সেই বজাৰলৈ ঢাপলি মেলিছা ?
কৃত্রিমতাৰ ডগা-পাল্লাত জুখি-মাখি বিক্রি কৰা
ৰঙীন অনুভববোৰ তুমি কিনিবা নেকি?
নে নিলামীৰ বাবে সজায় থোৱা অনুভূতিবোৰে
তোমাক আকৰ্ষিত কৰিছে ?
সেই বজাৰত নিলাম হয় মৰম, আশা আৰু সপোন
লাগে মাথো কিনাৰ ক্ষমতা

পাষাণ হৈ পৰা বুকু দিপলিপ চেহেৰাৰ আঁৰত
সন্তৰ্পনে লুকুৱাই থোৱা -গাভৰুৰ বজাৰত
তোমাৰ কি কাম?
সিহঁতৰ দুৰু-দুৰু কঁপি থকা বুকুৰ স্পন্দনৰ 
সময় সাপেক্ষে এটা নিদিষ্ট মান তুমি জানো ঠিক কৰিব পাৰিবা ?
সময়-সুবিধা বুজি তুমি দাম দৰ কৰিবানে?
অগণন নিৰ্বিকাৰ বেপাৰী আৰু উদ্যমী গ্রাহকৰ গজগজনিত
হেৰাই যায় তোমাৰ পৰিচয়
হেৰাই যায় মোৰো পৰিচয়

শৈশৱৰ সাধুকথাবোৰত আইতাই কৈছিল
দূৰ দেশলৈ বেপাৰ কৰিবলে যোৱা সদাগৰৰ কথা
সদাগৰে লৈ অনা অজস্র ধনৰ কথা,
আজি আপোন দেশতে বিপণী,
ইয়াতে বেপাৰ-বাণিজ্যৰ প্রাচুৰ্য্য,
ঘৰতে লেন-দেন
আগ-চোতালতে বজাৰ
কেতিয়াবা সময়ৰ বিভ্রাট,
কেতিয়াবা নিয়তিৰ পাশা-খে্
কেতিয়াবা দিঠকৰ তাগিদাত বেপাৰীয়ে বিকে বহুতো
কুমলীয়া অপৰিপক্ক সপোন,
কিন্তু আক্ষেপ নাই কাৰো
তো্মাৰো নাই, মোৰো নাই
মুদীও তুষ্ট, গ্রাহকো তুষ্ট,
নানাবেশী সামগ্রীবোৰ
নানা ৰঙৰ ভাবনাবোৰ
বিভিন্ন আচবাববোৰ
ইহাত-সিহাত হয় এই বজাৰত
চৌদিশ মুখৰিত ব্যস্ত বিপণীত 
মইও বিকিবলে সজাই থোৱা এটি নিৰ্জীৱ আচবাবহে মাথো,
হয়তো শুৱনি কৰিম এটি উপেক্ষিত কোঠালী কোনো অচিনাকী পঁজা ঘৰৰ,
নতুবা থাকি যাম চিৰদিনে মই হৈ তোমাৰ প্রেয়সী আজৰি পৰৰ।

Comments