মোৰ ভালপোৱা.........

আৰাৱলীৰ শুকান চূড়াবোৰৰ মাটিয়া বুকুত
মোৰ মনৰ কথাবোৰে ঢৌ খেলে,
ধুলিয়ে ধূসৰিত এটি সন্ধিয়াৰ বতাহজাকত মই
জীৱনৰ ৰাগিনীৰ সুৰবোৰ বিছাৰোঁ,
সেউজ বনৰ একান্ত নিৰবতাত মই
তোমাৰ অনুভবৰ ৰং দেখোঁ,
নৃত্যৰত এহাল নীলা মৌৰা চৰায়ে
মোৰ মনত বহু অনুভূতিৰ জোৱাৰ আনে

তুমি সোধা এটা প্রশ্নই মোক
বাৰে বাৰে আহি আমনি কৰেহি..
জোনাকে পৃথিৱীৰ ওঁঠত শেষ চুমাটো আঁকি দিয়াৰ
প্রহৰত তুমি মোক সুধিছিলা 
মোৰ ভাল্পোৱাৰ প্রবলতা কিমান ?
মই তৰালীয়ে বুটা বছা ৰাতিৰ আঁচলত,
অৰণ্যৰ উন্মত্ত সেমেকা সুবাসত,
দুটি হৰিণাৰ অস্থিৰ মধুমিলনত
বিছাৰি নেপালোঁ তোমাৰ প্রশ্নৰ উত্তৰ

এনেতে দেখিলোঁ এটি পুৰণি দেৱালয়ৰ
ধ্বংসস্তূপত জ্বলি থকা এটা সৰু অথচ উজ্জ্বল চাকি,
মন্দিৰটো আছিল পৰিত্যক্ত,
কোনো পূজাৰীৰ মন্ত্রৰ উচ্চাৰনে প্রতিধ্বনি
কৰা নাছিল সেই গধূলীৰ আকাশত 
কিন্তু অজান কোনো ভক্তই জ্বলোৱা সেই চাকিয়ে জিলিকাই তুলিছিল
চকুৰে মনিব নোৱাৰা অকলশৰী্যা গোঁসাইজনাৰ প্রতিমা।।
মই চকু মুদি মূৰ দোৱাওতে এজনী জোনাকী পৰুৱাই
মোক সুধিলেহি, “কিমান তোৰ ভালপোৱাৰ প্রবলতা?”
মই বুজিলোঁ যে
সেই চাকিৰ উজ্জ্বলতাৰ তীব্রতাৰ সমানেই প্রবল 
মোৰ ভালপোৱা………
অচিন এখন সুপ্ত গাঁৱৰ নিৰিবিলি বুকুত মই 
তোমাৰ প্রশ্নৰ উত্তৰ বিছাৰি পালোঁ
তুমি শুনিলানে ?
শুনি বুজিলানে ?

Comments

Popular Posts