পাহাৰ আৰু তাই
উন্মনা তাই..
অলপ আজলী, অলপ ৰাংঢালী
অকণমান বাউলী…
তাইৰ মনত পখিলাৰ নাচোন,
তাইৰ জীয়াঁৰ পাখি লগাই উৰি যায়,
দূৰৰ সেই পাহাৰৰ বুকুলৈ…
এই নীলা পাহাৰ তাইৰ প্রিয়তম ;
পাহাৰটিয়ে নিজৰ বহল বুকুত তাইক আকোৱালি লয়..
তাই হাঁহে,
তাই হাঁহিলে পাহাৰেও হাঁহে..
দুয়োৰে অভিকাংক্ষা আকাশৰ নীলিমাত মেঘ হৈ উৰে ;
তাইৰ আহ্লাদিত মন দেখি
চৌদিশ বর্ণিল হয় ,
পাহাৰেও স্বস্তিৰ হুমুনিয়াহ কাঢ়ে…
আৰু কালক্রমত এদিন কি যে হ’ল……?
তাই হেৰাই গ’ল..
সময়ৰ দূৰন্ত গতিত বৈ গ’ল,
নে সভ্য সমাজৰ ঘূৰ্ণাৱৰ্তত তাই সোমাই পৰিল,
নে পাহাৰটিৰ আলিঙ্গনৰ সোঁৱৰণীৰ তাই সমাধি পাতিলে,
নুবুজিলে আকাশে……
নেজানিলে বতাহে…….
পাহাৰ নিমাত, কিন্তু আক্ষেপ নাই,
পাহাৰে বেয়া পাব নোৱাৰে তাইক ;
নোৱাৰে পাহৰিব তাইৰ মৰম, তাইৰ উন্মনা চেনেহ,
কিন্তু কেতিয়াবা বৰষাসিক্ত সন্ধিয়া পৰত
পাহাৰেও কান্দে …
সেমেকি উঠা নিজৰ বুকুখনৰ বেদনাবোৰ ক’ত লুকুৱাব?
কোনে বুজিব ?
তাইতো নুবুজিলে…
নে বুজিও তাই নুবুজিলে…
পাহাৰে নেজানিলে,
তাইৰ চকুলো নেদেখিলে……..

Comments
Post a Comment