দিল্লীৰ শীত

কুঁৱলীয়ে সেমেকাই তোলে দিল্লীৰ ৰাতিবোৰ,
তুষাৰ-চুম্বিত এজাক হিম চেঁচা বতাহৰ পৰশত
নিথৰ হৈ ৰয় সময়
লেতু-সেতু হৈ কুছি-মুছি লুকায় চৰাই-চিৰিকতি,
সেঙেতা দিনবোৰত শেতা দালিৰ কোমল পৰশে
চুই যায় মোৰ উত্তপ্ত মন,
নীলাচল পাহাৰৰ বুকুত শৈশৱ আৰু যৌৱন গৰকা মোৰ জীৱনে
দিল্লীৰ শীতে নিজম কৰা সন্ধিয়াবোৰত কিছুমান 
আতি-গুৰি নোহোৱা প্রশ্নৰ সমিধান বিছাৰে
উদাৰ মনোভাৱেৰে মই বিশ্লেষণ কৰোঁ
প্রতি বছৰে  উদ্যমেৰে অহা এই শীতৰ দিনবোৰৰ
আৰু আলস্যৰ ওৰণিয়ে ঢাকি ধৰা ৰাতিবোৰৰ…..

জঁয় পৰা ইউকেলিপতাছ্ গছৰ পাতবোৰে স্বাগতম জনাইছে
দিল্লীৰ শীতক,
বৰ তীব্র যদিও প্রতি বছৰৰ এই আগমন গতানুগতিক 
প্রতি বছৰে এইদৰেই সঙ্গীবিহীন হয় যমুনা
সাতুৰিবলৈ নাহে কণমানি ৰা-ছোৱালীবোৰ
অদৃশ্য দেখোন মাছমৰীয়াৰ টুলুঙা নাওঁ

বাৰ্ষিক গতানুগতিকতাত তুমি যেন এক অগতানুগতিক বাতৰি
তুমি শীতৰ কোমল  নে
লুইতৰ পাৰৰ মোৰ আইতাৰ গাঁৱৰ ঘৰৰ জুহালৰ
জাৰকালি দপদপাই জ্বলি থকা জুইকুৰাৰ উত্তাপ ?
হয় নেকি বাৰু তুমি চেৰাপুঞ্জীৰ কোনোবা
চেৰফি বজায় থকা নব তৰুণৰ জুপুৰীৰ কয়লাৰ অঙঠাৰ উষ্ণতা ?
চিন্তা কৰোঁ মই প্রতি সন্ধিয়া
দিল্লীৰ ব্যস্ততাৰে ভৰা সেমেকা সন্ধিয়া

Comments

Popular Posts