এটি ক্ষণ...
ধোঁৱা ধোঁৱা কুঁৱলীয়ে আবৰা ঠেঁঠুৱা জাৰৰ ৰাতিবোৰ
ক’লা-বগা চেক থকা নোমাল এখন কম্বলৰ মিঠা মিঠা উমৰ
আমেজ লৈ মই কটাই দিওঁ এলাহেৰে;
আহোঁ নাহোঁ কৈ অহা টোপনিৰ আঠুৱাখন তৰি লওঁ মোৰ চৌদিশে
তাতেই যেন শুই পৰে দৈনন্দিনৰ সমস্যাবোৰৰ সমাধান বিছাৰি ফুৰা মোৰ চিৰ চলন্ত মগজুটি...
গা পুৰি নিয়া চোকা ৰ’দৰ ভৰ দুপৰীয়াবোৰত
এটুকুৰা চাৰিচুকীয়া বৰফ কপালত লৈ
পকাতে বাগৰি মই ফেনৰ চেঁচা বতাহত এঙামুৰি লওঁ;
আৰু সেই ক্ষন্তেকীয়া আমেজত হেৰায় যায়
মোৰ ন’টবুকৰ মণিতৰৰ এচুকত এটি সৰু আয়কনত লুকাই থকা
আয়-ব্যয়ৰ এক্সেল শ্বীতৰ জটিল ফৰ্মূলা আৰু সংখ্যাবোৰ ...।
মই পুৱতি নিশা এজাক হঠাতে অহা বৰষুণৰ শব্দ শুনো
ঢেৰেকনিত কঁপি উঠা মোৰ কোঠাৰ বগা বেৰকেইখনত এন্ধাৰতে আভিৰ্ভাৱ হোৱা
একা-বেঁকা ছাঁবোৰ মই দেখো;
বিজুলীৰ পোহৰত নাচি থকা ছাঁবোৰে মোক কৈ যায়
পাহৰণিৰ মলিয়ন পৃষ্ঠাত ধূসৰ হৈ পৰা ল’ৰালিৰ বহুতো সাধু কথা
এটি মুহূৰ্তৰ বাবে মই আকৌ সোণালী পোক বিছাৰি বাটৰ কাষৰ সৰু সৰু গছবোৰৰ
পাতবোৰ লুটিয়াই চাওঁ
বজাৰত দিনক দিনে বাঢ়ি অহা সোণৰ দামে মোক তেতিয়া আমনি নকৰে...।
Comments
Post a Comment