মই সদায়ে লগ পাওঁ মোৰ জীৱনৰ চূড়ান্ত সত্যক….
এন্ধাৰে মেলানি মগাৰ প্রহৰতে
মই ওলাই গৈছিলোঁ মুকলি আকাশৰ তললৈ,
মোৰ প্রতি খোজতে পোহৰে চুচুক-চামাক গতিৰে
পৃথিৱীক আকোৱালি লোৱাৰ প্রস্তুতি চলাইছিল,
পুৱতি তৰাৰ অন্তিম ৰশ্মিয়ে জোনক আমনি কৰিছিল,
এনে এটি ক্ষণত মই লগ পাইছিলোঁ তোমাক,
জীৱনৰ গতানুগতিক নিয়মাৱলীত তুমি যেন এটি অনন্য সত্য,
যুক্তিক মই আওকাণ কৰিছিলোঁ
বিবেকক ঠেলি পঠিয়াইছিলোঁ আবেগৰ গহ্বৰলৈ
এনেকৈযে দোকমোকালিৰ বুকুত
এন্ধাৰ-পোহৰৰ অহা-যোৱাৰ প্রহৰত
মই সদায়ে লগ পাইছিলোঁ মোৰ জীৱনৰ চূড়ান্ত সত্যক
মাৰ্জিত সমাজে হয়তো এই সত্যক অশ্লীল বুলিব
নতুবা অবাঞ্চনীয় বাসনা বুলি নাক কোঁচাব…..
মই কিন্তু এই পৰিস্থিতিৰ বিশ্লেষণৰ প্রচেষ্টা চলোৱা নাই
মই কিন্তু এই পৰিস্থিতিৰ বিশ্লেষণৰ প্রচেষ্টা চলোৱা নাই
মোৰ দ্বিখণ্ডীত অনুভবৰ প্রতিচ্ছবি দেখি তুমি মোক কৈছিলা
মানুহৰ জীৱনৰ অলেখিত অভিধানখনৰ কথা,
সেই অভিধানত নেথাকে সকলো শব্দৰ অৰ্থ
তথাপি আমি বুকুত লৈ ফুৰোঁ সেইখন অভিধান
ব্যৰ্থতাৰ সন্মুখিন হ’ম বুলি জানিও মেলি চাওঁ অভিধানখন
যানোচা নিৰ্থকৰ মাজতে স্বত্তস্ফুৰ্ত কিছুমান অৰ্থ বিছাৰি পাওঁ…
প্রতি হৃদয়তে সময়ে লেখি যায় কিছুমান জটিল অঙ্ক
সেই অঙ্কৰ সমিকৰন নাই মোৰ বা তোমাৰ হাতত
কিন্তু তথাপি আমি হিচাপ-নিকাচ কৰি হাবাথুৰি খাওঁ
উকলা নম্বৰবোৰ ঠেলি-হেঁচি ভৰাব খোজোঁ জীৱনৰ ফৰ্মূলাত
যোগ-বিয়োগ কৰোঁ সপোন আৰু পৰিস্থিতিৰ নেওতাখন
পুৰণ আৰু হৰণ কৰোঁ হাঁহি, চকুলো,
কেতিয়াবা তুলনা কৰোঁ মোৰ পোৱা-নোপোৱাৰ ওজন-
ডগা পাল্লাখন ডাঙি ধৰোঁ উপলব্ধিৰ সন্মুখত,
কিন্তু নেপাওঁ কোনো সন্তুষ্টিকৰ উত্তৰ…
পৃথিৱীয়ে বাধা দিয়ে মোক,
পৃথিৱীয়ে বাধা দিয়ে মোক,
কেতিয়াবা মৰমেৰে বুজায়-
মনত পেলাই দিয়ে মোক
আধালেখা দস্তাবেজখন সযতনে সাঁচি থোৱা ছোৱালীজনীৰ কথা…
কেতিয়াবা ডাবি দি কয়
আপোন ঘৰতে পৰ হোৱা এজন শিল্পীৰ কথা,
মনত পেলাই দিয়ে প্রাচূৰ্য্যৰ সাগৰত হেৰায় যোৱা ৰঙা নদীখনৰ কথা,
মই সকলো বুজোঁ,
পৰিণতিৰ কথাও ভাবোঁ,
কিন্তু তোমাক কেনেকৈ আঁতৰাই পঠাওঁ মই ?
তুমি যে মোৰেই সত্য
বৰ্ত্তমানে তোমাক মৰিচিকা বুলিলেও মই নেমানোঁ,
মৰিচিকাৰ জানো আবেগ থাকে ?
সেয়েহে মই সদায়ে লগ ধৰোঁ মোৰ জীৱনৰ চূড়ান্ত সত্যক,
এখন অলেখিত অভিধান আৰু কিছুমান জটিল অঙ্কৰে
মই বন্ধুত্ব কৰোঁ,
আৰু এনেকৈযে দোকমোকালিৰ বুকুত,
এন্ধাৰ-পোহৰৰ অহা-যোৱাৰ প্রহৰত
মই সদায়ে লগ পাওঁ মোৰ জীৱনৰ চূড়ান্ত সত্যক….
Comments
Post a Comment