অপেক্ষা.........
গৌতমৰ মূৰটো গৰম হৈ গ’ল । দিন নাই ৰাতি নাই অনবৰতে বুঢ়াটোৰ বকনি শুনি শুনি তাৰ কাণ দুখন ঘোলা হৈ গৈছে ।বাপেক নে মানুহটো তাৰ পৰম শত্রু গৌতমৰ সন্দেহ হয় কেতিয়াবা ।আৰু কি নো দোষ গৌতমৰ? স্নাতকোত্তৰ হৈও চাকৰি নাপালে আজি পর্য্যন্ত ।লগৰ মেট্রিক ফেল কমল বৰা এ ক্লাছ ঠিকাদাৰ ।স্কুলত ক্লাছ বাঙ্ক মৰা দিপজ্যোতি হালৈ চৰকাৰী চাকৰিয়াল ।আনকি সৌ কপিলৰ দোকানত বঢ়ি বঢ়ি চিগাৰেটৰ ধোঁৱাতে গোতেই শৈশৱ আৰু কৌশোৰ পাৰ কৰা নৃপেনো আজি কোটি টকাৰ মালিক ।
আৰু গৌতম ? ভাগ্য বেয়ায়ে বা আন কাৰণেই হওক, জীৱনটো থান থিত নেলাগিল তাৰ ।সৰু সুৰা ইটো সিটো কৰি কোনোমতে চলি আছে ।একমাত্র বুজা মানুহ হ’ল মাক বিজয়া ।মাকৰ ফালৰ পৰা চেনেহ আৰু সহানুভূতি নোপোৱা হ’লে গৌতম আজি পগলা নহ’লে চেৰা বলিয়া হ’লহেঁতেন ।
প্রথম বিভাগত মেট্রিকৰ পাছ কৰাৰ পিছত দেউতাকৰ অলপমান বিশ্বাস হৈছিল গৌতমৰ ওপৰত । আৰু যিদিনা ৰাধা মাষ্টৰৰ লগত মাকুমৰ পৰা গুৱাহাটিৰ কটন কলেজত এডমিছনৰ বাবে সি আহিবলৈ ওলাইছিল, প্রথমবাৰলৈ দেউতাক বকুল দুৱৰাৰ চকুত দুটোপাল চকুপানী দেখিছিল সি ।এটি বুজাব নোৱাৰা বিষত গৌতমৰ ১৬ বছৰীয়া বুকুখন ভাৰাক্রান্ত হৈছিল, আৰু মাকৰ আঁচলত ধৰি থকা গৌতমৰ জীৱনৰ এক নতুন পর্য্যায়ে পাতনি মেলিছিল । কটনৰ পৰা হায়াৰ ছেকেণ্ডেৰী পাছ কৰি উঠি সি ৰসায়ন বিভাগত মেজৰ লৈ ডিগ্রীত নামভর্তি কৰে ।তাৰ আশা আছিল আই এ এছৰ পৰীক্ষা দিয়া ।কিন্তু হঠাতে যেন সকলো পৰিকল্পনা শেষ হৈ গৈছিল ।
গৌতমৰ মনত পৰি্ল ককায়েক ৰনেনৰ কথা ।স্কুলত ৰিজাল্ট দিয়াৰ দিনা তিনিবছৰীয়া ডাঙৰ ককায়েকৰ লগত গৌতমৰ ৰিজাল্টৰ তুলনা হোৱাটো খাটাং ।বকুল দুৱৰাৰ বকনি আৰম্ভ হয় সেইদিনা ৰাতিপুৱাই ।“ডাঙৰটোৱে কিবা এটা কৰি খাব বাৰু, কিন্তু এই পেটমোছাটোৰ কি হ’ব? পঢ়া নাই শুনা নাই, অকল দিনৰ দিনতো চাইকেলখন ঠেলি ৰ’দত ঘুৰি ফুৰিলেই জানো জীৱনত কিবা কৰিব পাৰিব ?”মাক বিজয়ালৈ চাই দেউতাকে কয়, “তুমিয়ে ইয়াক নষ্ট কৰিলা ।দোষবোৰ লুকুৱাই লুকুৱাই মূৰত তুলিলা তাক ।ডাঙৰটোৱে ইমান ভাল নম্বৰ পায় আৰু সৰুজনাৰ মার্কছিট কি চাবা ।মাক বাপেক জীয়াই থকালৈকে বাৰু চলি থাকিব, তাৰ পিছত?” মাকে মনে মনে কথাবোৰ শুনে আৰু পর্দাৰ পিছফালে লুকাই থকা গৌতমক ভিতৰলৈ সোমাবলে ইঙ্গিত দিয়ে ।
ৰনেনৰ বিয়া ঠিক হৈছিল ঘৰৰ কাষৰে জুৰি গগৈৰ সৈতে ।সৰু কালৰ প্রেম দুয়োৰে । আৰু বিয়াৰ এমাহ আগেয়ে অসম চৰকাৰৰ অভিযন্তা ৰনেনৰ ওদালগুৰিৰ বোমা বিস্ফোৰনত মৃত্যু হয় ।গৌতম তেতিয়া ফাইনেল ইয়েৰত । পৰীক্ষা দিয়া নহ’ল সেইবাৰ ।আৰু ৮ মাহৰ পিছত জুৰি গগৈয়ে নগেন বৰদলৈৰ বাৰিত থকা পুখুৰীত জাপ মাৰি আত্মহত্যা কৰাৰ দিনা গৌতমৰ দ্বিতীয়টো বছৰ পৰীক্ষা দিয়া নহ’ল ।জুৰিৰ বিধবা মাক আৰু বেমাৰী ভায়েকৰ দায়িত্ব মূৰ পাতি ল’লে বকুল দুৱৰাই ।গৌতমে তাৰ পিছৰ বছৰ পৰীক্ষা দিলে, আৰু পাছো কৰিলে । কিন্তু আই এ এছৰ উদ্দ্যম হেৰাই গ’ল তাৰ ।ডিব্রুগড় ইউনিভার্চিটিৰ পৰা স্নাকোত্তৰো কৰিলে, কিন্তু চাকৰি নহ’ল ।
দিনে দিনে নিৰাশাবাদী হৈ গ’ল গৌতম ।চাকৰি নাই, বাপেক ৰিটায়াৰ হ’ল, আৰু তাতে জুৰিৰ মাক আৰু ভায়েকৰো পালন পোছন ।একমাত্র বাচি থকা পুতেক গৌতমৰ এই অৱস্থা বকুল দুৱৰাৰ সহ্য নহ’ল । মানুহটো খিঙখিঙিয়া হৈ গ’ল ।ৰনেন দুৱৰাই নিজৰ লগতে ঘৰখনৰ শান্তিও লৈ গ’ল ।
গৌতমৰ প্রেমিকা আছিল বনানি বৰুৱা ।আজি তাই ক’ত সি নেজানে ।সৌ তাহাঁনিতে কটনত এৰি অহা এটি স্মৃতি বনানি বৰুৱা ।সি পাহৰণিৰ দুৱাৰডলিত তাইৰ হাঁহিৰ শব্দবোৰ শুনে মাজে মাজে ।বৰষুণৰ বতৰত মনত পৰে তাইৰ তিতা চুলিকোছাৰ সেমেকা পৰশ । হেৰাই গ’ল বনানি ।হয়তো গৌতমৰ ৩৫ বছৰীয়া জীৱনে ক্ষমা কৰিব নোৱাৰে নিজকে কাঁহানিও; মাত নলগোৱাকৈয়ে আঁতৰি আহিছিল গৌতম ।জানি বুজি তাইক নিজৰ জটিল জীৱনৰ লগৰী কৰিব বিছৰা নাছিল গৌতমে ।আজি চাগে বনানি বিবাহিত ।সি কিন্তু আক্ষেপ নকৰে ।তাই সুখি হোৱাটোৱে তাৰ কামনা ।
এসপ্তাহৰ পিছত অকস্মাতে আহিছিল চিঠিখন । দিল্লীত কেন্দ্রীয় চৰকাৰৰ নতুন প্রজেক্টৰ এটি গুৰুত্বপূর্ণ পোষ্টৰ বাবে গৌতমে ৬ মাহমান আগেয়ে এপ্লাই কৰিছিল ।এনেয়ে ।কোনো আশা নাছিল তাৰ ।তাক ইন্টাৰভিউৰ কাৰণে মাতিছে তিনিদিনৰ পিছত ।গৌতমৰ বিশ্বাস নহ’ল ।কিন্তু বহু দিনৰ মুৰত বকুল দুৱৰাৰ মুখত সি হাঁহি এটি দেখিলে ।গৌতমে ইন্টাৰভিউৰ বাবে পিছদিনাই ততকালত টিকট কাটি দিল্লীলৈ ৰাওণা হ’ল ।
ইন্টাৰভিউ দিলে গৌতমে ।আৰু দীঘল অপেক্ষাৰ পাছত সি চাকৰি পালে । নাজিৰাত প’ষ্টিঙ ।১৫ দিনৰ ভিতৰত জইন কৰিব লাগিব গৌতমে ।মন খোলা হাঁহি এটাৰে এপইন্টমন্ট লেটাৰখন লৈ গৌতম ওলাই আহিল ৰাজধানীৰ পথলৈ । প্রথমেই মাকক ফোন কৰিলে ।দেউতাকৰ থোকা থুকি মাততো শুনি সি ভাবুক হৈ পৰিল । খবৰটোৱে যেন গোটেই মাকুমখন পোহৰাই তুলিলে ।
গৌতমে এটি কাম কৰাৰ কথা চিন্তা লৰিলে ।আৰু তাৰ পিছত এবাৰ কটন কলেজৰ চৌহদ খন চিবলৈ মন গ’ল তাৰ ।ঘৰত ক’লে ,”মই গুৱাহাটি হৈ ঘৰলৈ যাম ।দুদিন দেৰি হ’ব ।”
দুদিনৰ মুৰত গুৱাহাটিত সি উপস্থিত ।কটনৰ ৰঞ্জীত বৰপূজাৰী হোষ্টেলৰ সন্মুখত ৰৈ সি আবেগিক হৈ পৰিল ।বনানিক আজি সি মনত পেলাই প্রথমবাৰলৈ অলপ দুখ কৰিলে । এই চাকৰি কেইবছৰ মান আগেয়ে পোৱা হ’লে বনানিক হয়তো মুখখন দেখুৱাব পাৰিলেহেঁতেন সি ।
হঠাতে তাৰ পিঠিত কাৰোবাৰ স্পর্শ অনুভব কৰিলে সি । ঘূৰি চাই দেখিলে তাৰ লগৰ মৃদুল বৰা ।মৃদুল কটনৰ প্রফেছাৰ বুলি সি জানিছিল ।একো মাত নোলাল গৌতমৰ মুখৰ পৰা ।মৃদুলে সাৱটি ধৰিলে তাক ।১০ বছৰৰ চকুৰ আঁৰ তেনেই নগণ্য হৈ পৰিল ।
মৃদুলে ক’লে “ব’ল, ছানফ্লাৱাৰতে বহোঁগৈ ।”
গৌতমৰ অতি চিনাকী ছানফ্লাৱাৰ ৰেষ্টোঁৰা ।কফি একাপ হাতত লৈ মৃদুলক ক’লে সি চাকৰিটোৰ কথা ।মৃদুলে কলে, “ভাল হ’ল দে ।দেৰিকৈ হ’লেও চাকৰিটো হ’ল তোৰ ।পিছে বিয়া বাৰু পাতিলিনে নাই?” গৌতমৰ মৌনতা দেখি বুজিলে মৃদুলে ।আৰু গৌতমক আচৰিত কৰি আকৌ সাৱটি ধৰিলে তাক ।গৌতম বিবুদ্ধিত পৰিল ।মৃদুলৰ সেমেকা চকুজুৰিলৈ সি প্রশ্নবোধক দৃষ্টিৰে চালে ।মৃদুলে ক’লে, “গৌতম, এবাৰ অসমীয়া ডিপার্টমেন্টত সোমাই যাবি ।প্রফেছাৰ বনানি বৰুৱাক লগ কৰগৈ ।তাই ৰৈ ৰৈ আইতা হৈছেগৈ আৰু ।”
আজি শুকুৰবাৰ ।গৌতমৰ জন্মবাৰ । কৃতজ্ঞ দৃষ্টিৰে মৃদুলক এবাৰ চাই সি আগ বাঢ়িলে অসমীয়া ডিপার্টমেন্টলৈ বুলি । বনানিৰ কাষলৈ বুলি ।
Comments
Post a Comment