মই নহওঁ এক অদৃশ্য ঠিকনা...
মাথো ক’লা-বগা নহয় মোৰ অনুভবৰ বৰণ,
ইন্দ্রধেনুৰ সাতো ৰং দেখিবা তুমি…
তুমি নিষ্ক্ৰিয় বুলিলেও
গতিশীল মোৰ ভাবনাৰ চক্র…
মই নহওঁ বুৰঞ্জীৰ মহিয়সী নাৰী -
উৱঁলি যোৱা সাঁচিপাতত নাই মোৰ পৰিচয়,
অনুভূতিবোৰ নিৰবে হাঁহিৰে ঢাকি
সুখ-দুখ সকলো একাকাৰ কৰি
দৈনন্দিনৰ কাৰ্য্যসূচিত বিলিন নহয় মোৰ চিনাকী,
ক্ষন্তেকীয়া আবেগৰ অনুৰাগীও মই নহওঁ…
যদিহে ভাবিছা তুমি যে বৰদৈচিলাৰ কোবাল গতিত
মই উটি-ভাঁহি গৈ পাহৰি যাম নিজৰ অস্তিত্ব
তেনেহ’লে তুমি বহু ভুল ভাবিছা,
মই এজাক বৰদৈচিলাক মোৰ বুকুত লুকুৱাই ৰাখিছো বহু যুগ ধৰি…
কেতিয়াবা হয়তো কোনোবা উন্মাদ হৈ পৰা
প্রেমিকৰ অসংলগ্ন কথাবোৰত তুমি মোৰ কথাৰ প্রতিধ্বনি শুনিবা,
উৰ্বশী মেনকাৰ অত্যুৎসাহী মঞ্চত মোক তুমি নেপালেও
দেহোপজীৱিনী কোনো অপৰিচিত সুন্দৰীৰৰ সান্নিধ্যত
হয়তো মোৰ অনুৰাগৰ ছাঁ দেখিবা,
দিনৰ পোহৰত নেদেখিলেও মোক
সন্ধ্যা তৰাৰ চিকমিকনিত তুমি মোক বিছাৰি পাবা…
অভিনয়ৰ বলেৰে ভাবনাবোৰ সজাই-পৰাই
প্রস্তুত কৰিব নাজানোঁ মই,
ঈৰ্ষা,অভিযোগ আৰু অবুজ অভিমানে ছানি ধৰে মোক,
যুক্তি আৰু বিবেকক উলাই কৰে মোৰ মনে,
এটি শিশুৰ দৰে
অভিমানী হৈ পৰোঁ মই…
মই নহওঁ নিজান ৰাতিৰ ক্ষণস্থায়ী বাসনা ,
নৱযৌৱনা জীৱনৰ প্রবল কামনাও মই নহওঁ ,
জীৱনে দিয়ে মোক নানা বিশ্ৰদ্ধ চানেকি -
মই প্ৰকৃতাৰ্থত জীৱন্ত মানুহ,
মই নহওঁ এক অদৃশ্য ঠিকনা…
উপন্যাসে কবিতায়ে তুমি যদিও নোপোৱা মোৰ বৰ্ণনা
মই নহওঁ এক অদৃশ্য ঠিকনা…
মোক নুবুলিবা তুমি এক অদৃশ্য ঠিকনা…।

Comments
Post a Comment