মই সদায় লেখিলোঁহেঁতেন কবিতা ....

যদি এন্ধাৰ নিশাবোৰ সোণালী দেৰে তুমি সজালাহেঁতেন,
দিনৰ আকাশৰ নীলা চাদৰত যদি তৰালীৰ বুটা বাছিলাহেঁতেন,
যদিহে আনি দিয়া মোক পাৰিজাতৰ থোপা সৰগৰ পৰা,
যদিহে অকালতে মৰহি নেযায় শুভ্র শেৱালী তলসৰা,
যদি বাৰ মাহে দুবৰিত জিলিকি ৰয় নিয়ৰৰ কণিকা,
জানিবা তুমি মইও সদায় লেখিম কোনেও নিলিখা কবিতা !!

আবেলিৰ হেঙুলে যদি বোলাই যায় উজ্জ্বলতা শেঁতা হৃদয়ত,
হাঁহিয়েই যদি চিৰস্থায়ী হয় সকলোৰে জীৱনত,
লুইতৰ বুকুত যদি বানে নকৰে কাহানিও তাণ্ডব,
কালচক্রত যদি নেহেৰালেহেঁতেন সৰুপথাৰৰ বিপ্লব,
মানুহৰ হাতত যদি পৃথিৱী নহলহেঁতেন ধৰ্ষিতা,
সদায়ে মই ৰচিলোঁহেঁতেন নতুন কবিতা !!

সাগৰৰ মুকুতা কাঢ়ি আনি তুমি যদি মালা গাঁথিলাহেঁতেন,
ৰামধেনুৰ দেশৰ জোনাকী কাৰেং যদি মোক দেখুৱালাহেঁতেন,
দৈনন্দিনত থকা লে নিতৌ নতুনত্বৰ সুবাস,
থাপ মাৰি যদি মুঠিতে লুকুৱাব পাৰিলোঁহেঁতেন এই বিশাল আকাশ,
তোমাৰ সান্নিধ্যত যদি নহলহেঁতেন মোৰ অনুভূতি পুষ্পিতা,
প্রতিদিনে তুমি পঢ়িলাহেঁতেন নতুন ৰঙৰ কবিতা !!

প্রতি নতুন অনুভবে যদি কৰি্লেহেঁতেন আমাৰ উপলব্ধিৰ উত্তৰণ,
বৰ্তমানৰ সাঁচিপাতত যদি সময়ে লেখি লহেঁতেন ভবিষ্যতৰ বিৱৰণ,
ঋতুৰ দৰে যদি বৰণ সলালেহেঁতেন শ্যামল বিটপীয়ে,
প্রেমক যদি নাবান্ধিলয়েহেঁতেন সমাজৰ পৰিধিযে,
নৈৠতত যদি সূৰ্যোদয় হয় আৰু ঈশানত মাৰ যায় বেলি,
সৌভাগ্যই যদি ধ্বংসকাৰী ধুমুহাক কপালত লয় তুলি,
জ্বলি-জ্বলি যদি শেষ নহলহেঁতেন জীৱনৰ শলিতা,
তোমালৈ বুলি মই সদায় লেখিলোঁহেঁতেন অসাধাৰন কবিতা ।।

Comments

Popular Posts