মনত পৰে
মনত পৰিলে জানানে আজি তুমি কোৱা দুটামান কথা…
সেই যে এদিন কইছিলা তুমি…
নাই নাই, কোনো গহীন-গম্ভীৰ প্রেমিকৰ দৰে
ভালপোৱাৰ আস্বাশ দিয়া নাছিলা…
আৰু কোৱাও নাছিলা মোক
যে মইয়ে তোমাৰ ভূত, বর্ত্তমান আৰু ভবিষ্যত ।
মনত পৰিছে আজি ঠাণ্ডাত কপি থকা
জুপুকা মাৰি বহি থকা পাগলীজনি দেখি
তুমি আগুৱাই গৈ আইতাৰ গাত
জাপি দিয়া এৰি চাদৰখন
আৰু আগটোৰে চকুলো মছি তোমাৰ মুখলৈ চাই
পুতেকক বিচৰা আইতাৰ উত্রাৱল চকুহাল …
শুনাছোঁন, বকুল দদাইটিৰ জীয়েকৰ বিয়াখন মনত আছেনে ?
তেজেৰে ৰাঙলী পুতেকৰ দেহাৰ লালীমায়ে যেন
ৰভাতল ৰক্তাক্ত কৰিছিল…
তুমি সেইদিনা দদাইটিৰ পুতেক হৈ আখৈ দিছিলা,
মূহুর্ত্তলৈ হ’লেও তেওঁৰ চকুত জিলিকিছিল
আহোঁ নাহোঁ কৈ ভুমুকি মৰা এটি হাঁহিৰ ছাঁয়া ।।
ধৈৰ্য্য ধৰিছিলা তুমি,
যিদিনা আনৰ পৃথিৱী উজলাবলে
তোমাৰ চোতাল উকা কৰি আঁতৰি আহিছিলো মই…
তুমি হাঁহিছিলা – মোৰ হাতত ধৰি …
তোমাৰ আশীষৰ জোৱাৰত জীপাল হৈ উঠিছিল আনৰ ফুলনি…
আজি তুমি ক’ত?
কোনোবা আইতাৰ এন্ধাৰ জগতৰ চাকি হৈ আছা নেকি ?
নে কাৰোবাৰ উকা শিৰৰ সেন্দুৰ হে তুমি ?
মনত পৰে মোৰ আজি
কওঁ নকওঁ কৈ নোকোৱাকৈ থাকি যোৱা
তোমাৰ নীলা ভাষাবোৰ,
আৰু বিদায় পৰত সৰোঁ নসৰোঁকৈ সৰি পৰা
তোমাৰ দুটোপাল চকুলো ……
Comments
Post a Comment