মোক আজি একলম নীলা চিয়াঁহী লাগে...

মোৰ সৰু কোঠালিৰ খিড়িকীখনেৰে
ৰাতিৰ সুৰবোৰ ভাঁহি আহে,
মই জোনাকৰ ৰূপুৱালী নৈখনত তোৰ চেনেহৰ
ঢৌ বিছাৰোঁ
অভিমানৰ চাকনৈয়াত বন্দি হৈ ৰয় মোৰ আকুল
মনৰ অনুভূতিবোৰ,
জোনটো তই আকাশৰ পৰা মোক আনি দিব নোৱাৰ’-
মই জানো
কিন্তু আজি মোক এমুঠি জোনাক লাগে

নীলা সপোনৰ জাল বান্ধে
কিছুমান চয়াময়া অনুভবে,
সেই জালতে বান্ধ খাই ৰয়
মোৰ সমস্ত সত্তা,
মই বাট চাই ৰওঁ উপলব্ধিৰ পদুলিমুখ্
ৰাতিৰ গাঢ় নীলিমাই মোক কবিতা ৰচাৰ কথা কয় -
তই বুজনে বাৰু কবিতাৰ ভাষা ?
তোৰ বাবেই মই লেখিম কবিতা,
মোক আজি একলম নীলা চিয়াঁহী লাগে

ডাৱৰৰ বুকুত কিছুমান আবেগৰ
আলফুল মাদকতাই ঘৰ পাতে,
তাৰে ঠিকনা
বিছাৰি বতাহত উৰে ফুৰে 
বহু কপাহী আশা
বগলীজাকে মোক কাণে কাণে কয়হি
মেঘালীৰ দেশৰ কথা,
মোৰ জীৱন আকাশত থকা মেঘবোৰে মোক
হাত বাউল দি মাতে,
ডাৱৰৰ কাষলৈ যাবলে মোক দুখন পাখি লাগে

Comments

Popular Posts