ব্রহ্মপুত্র
পাতনি মেলোঁ মই তামচক খামবাবৰ কথাৰে..
এই জুৰিটিয়ে হেনো জন্ম দিলে ‘হর্চ ৰীভাৰ’ক,
মেকমোহন ৰেখাৰে সিপাৰে নাম যাৰ ‘ছেঙপো’
ছেঙপো কুৰুঙেদি হঠাতে সলাই গতি
এই গভীৰ নদী
চিয়াঙ হৈ অৰুণাচল কৰেহি শুৱনি,
ব্রহ্মপুত্র কিম্বা লোহিত হৈ তুমি
অসমীৰ মাটিত দিয়াহি ভৰি,
খেনোৱে ক’লে ধ্বংসকাৰী, খেনোৱে ক’লে জীৱনদায়ী,
কেতিয়াবা তুমি গান্ধৰীৰ ধৈর্য্য
মোহনীয় তোমাৰ শান্ত সৌন্দর্য্য..
খেতি-শষ্য-হাবি-বন সাৰুৱা শ্যামল
ৰঙা নদী তুমি - সৌম্য, শীতল…
তৰালীয়ে ফুল বাছে নিশা স্থবিৰ নীলা পানিত
আৰু তোমাৰ পাৰতেই প্রাণ পায় নব ষৌৱনৰ সহস্র সপোনে,
প্রেৰণা তুমি গায়কৰ
তুমি লাচিতৰ উৎসাহ
ৰংমন-ৰহদৈৰ জীৱিকাৰ বাট
লুইত, তুমি সঞ্জীৱনীৰ উৎস
বেহুলা - লক্ষীন্দৰৰ কাহিনিৰ সাক্ষী নেকি তুমি?
তোমাৰ মোৰোকনিত সলিল সমাধি লয় হেজাৰ আঁচনিয়ে
তোমাৰ সোঁতত উটি ভাহি যায় শ শ কুমলীয়া আশা
অজানিতে ৰঙা নদীৰ ৰং আৰু গভীৰ হয়
বহু ডেকা-বঢ়া শ্বহীদৰ তেজেৰে
কিন্তু হলেও তুমি নির্বিকাৰ
নিৰন্তৰ তো্মাৰ গতি
তুমি যমুনা
আৰু পদ্মা…
তুমি মেঘনা…
বঙ্গোপসাগৰত বিলীন হোৱাৰ পৰত তুমি
পশ্চাদ্দৰ্শন কৰানে?
সৰে নে দুটোপাল চকুলো নিঃশেষ কৰি অহা জীৱনবোৰলে ?
নে সৃষ্টিৰ উন্মাদনাত মতলীয়া হৈ অট্টহাস্য কৰোঁতে
তোমাৰ হাঁহিৰ প্রতিধ্বনিত হেৰাই যায় কিঞ্চিত বেদনাৰ সুৰবোৰ ?
তুমি মহাবাহু, তুমি জাউতিযুগীয়া
অসমীৰ সুখ-দুখৰ লগৰী তুমি
তোমাৰ বহ্নিমান বিষ্টির্ণতাত জীৱন আৰু মৃত্যুৰ তাণ্ডৱ
ব্রহ্মপুত্র, তোমাতেই আমাৰ পৰিচয়
আমাৰ সাহস, আমাৰ মান
তুমি ধন্য, নমন্য ।

Comments
Post a Comment