ৰৈ ৰৈ যায় বোৱতি নৈ

ৰৈ ৰৈ যায় বোৱতি নৈ
কৈ কৈ যায় জীৱনৰ কথা,
থমকি থমকি সৰু বৰ লহৰে
গুপুতে কৰে বহু গুণাগথা 

পাহাৰে পাহাৰে ডাৱৰৰ স্পর্শ
ডাৱৰে ডাৱৰে সেমেকা মৰম,
মৰমে মৰমে তোমাৰে স্মৃতি
স্মৃতিয়ে স্মৃতিয়ে ৰামধেনুৰ বৰণ 

সাগৰে সাগৰে অনুৰাগৰ জোৱাৰ
জোৱাৰে জোৱাৰে বহুতো আশা,
বহুতো আশাৰ বুকুৰে মাজত
তোমাৰ চেনেহৰ চিনাকী ভাষা 

চিনাকী চিনাকী হাতৰ পৰশ
পৰশে পৰশে জোনাকী মায়া,
জোনাকে জোনাকে সপোনৰ বাহৰ
বাহৰে বাহৰে তোমাৰে ছায়াঁ 

আখৰে আখৰে কিনো নাম পঢ়িলোঁ ?
নামে নামে আজি একেটি নাম,
দিগন্তৰ সিপাৰৰ কবিতাৰ সুৰত মই
জীৱনৰ সুৰ-তাল বিছাৰি যাম 

Comments

Popular Posts