ৰৈ ৰৈ যায় বোৱতি নৈ

ৰৈ ৰৈ যায় বোৱতি নৈ, 
কৈ কৈ যায় জীৱনৰ কথা,
থমকি থমকি সৰু বৰ লহৰে
গুপুতে কৰে বহু গুণাগথা ।

পাহাৰে পাহাৰে ডাৱৰৰ স্পর্শ
ডাৱৰে ডাৱৰে সেমেকা মৰম,
মৰমে মৰমে তোমাৰে স্মৃতি
স্মৃতিয়ে স্মৃতিয়ে ৰামধেনুৰ বৰণ ।

সাগৰে সাগৰে অনুৰাগৰ জোৱাৰ
জোৱাৰে জোৱাৰে বহুতো আশা,
বহুতো আশাৰ বুকুৰে মাজত
তোমাৰ চেনেহৰ চিনাকী ভাষা ।

চিনাকী চিনাকী হাতৰ পৰশ
পৰশে পৰশে জোনাকী মায়া,
জোনাকে জোনাকে সপোনৰ বাহৰ
বাহৰে বাহৰে তোমাৰে ছায়াঁ ।

আখৰে আখৰে কিনো নাম পঢ়িলোঁ ?
নামে নামে আজি একেটি নাম,
দিগন্তৰ সিপাৰৰ কবিতাৰ সুৰত মই
জীৱনৰ সুৰ-তাল বিছাৰি যাম ।

Comments

Popular Posts