য'ত বৰষুণজাকে উটুৱাই লৈ যায় চকুলো আৰু বেজাৰবোৰ

 বৰষুণজাকে উটুৱাই লৈ যায় চকুলো আৰু বেজাৰবোৰ,
 নীলা নীলা পাহাৰে আকোৱালি লয় বুকুৰ মাজত,
 নেলাগে বিছাৰি যাব নিৰাপত্তাৰ সন্ধানত চিনাকী মানুহ,
ঝৰণায়ে  শুনায় নিতৌ জীৱনৰ সঙ্গীত,
শ্যামল বিথিকাৰ শীতল ছাঁয়াত জীৱনে লয় জিৰণি…..
নাই হেৰুৱাৰ ভয়,
নাই পোৱাৰ আনন্দ,
মাথো অলপ আত্মীয়তা আৰু মৰমৰ সান-মিহলি,
সৰু সৰু অভিমান
আৰু চেনেহৰ ধেমালি
তোমাৰ আধৰুৱা উপন্যাসখন
আৰু কিছুমান কবিতাৰ টুকুৰা,
আবেগৰ জোলোঙাত ভৰাই লৈ 
আহিবা এদিন সেই পাহাৰৰ দেশলৈ,
নীলিমাৰ চিয়াঁহী আৰু অভিজ্ঞতাৰ কলমেৰে
সম্পূর্ণ কৰিবা লিখনিবোৰ…….
এনেকৈয়ে এদিন যাম আমি সেই দেশলৈ
 বৰষুণজাকে উটুৱাই লৈ যায় চকুলো আৰু বেজাৰবোৰ,
 নীলা নীলা পাহাৰে আকোৱালি লয় বুকুৰ মাজত……

Comments

Popular Posts