মোৰ উদং আকাশত উদয় হয় এটি হেঙুলীয়া বেলি
তোমাৰ বুকুৰ বাটটিত এখোজ পেলাই মোৰ উদং আকাশত উদয় হয় এটি হেঙুলীয়া বেলি
আৰু আকোৱালি লয় দুবাহুত মোক এন্ধাৰৰ মায়াজাল দূৰলৈ ঠেলি।
দোকমোকালিৰ দুৱাৰডলিত সৰি ৰয় নিয়ৰৰ অকণমান সেমেকা আমেজ,
দুবৰি বনৰ পৰশে তোমাৰ স্পৰ্শৰ স্মৃতি কৰি তুলিছে সতেজ।
শালিকী এজনীৰ এঙামুৰিৰ ভাঁজত দেখিছোঁ নিশাৰ স্বপ্ন-মায়াৰ আভাস,
এছাটি চেঁচা বতাহে আহি তোমাৰে আদৰ যেন কৰিছে প্রকাশ।
বিদায় মাগিছে ভাগেৰুৱা জোনে ওৰে ৰাতি থাকি উজাগৰে,
এডৰা কহুঁৱা ডাৱৰক আদৰিছে মৰমেৰে এই পুৱতি প্রহৰে।
নতুন দিন, নতুন আশা, নতুন জীৱনৰ পাতনি মেলিছে পৃথিৱীয়ে,
কোমল সূৰুযৰ ৰশ্মিয়ে আহি ঢালেহি ধৰাত চেনেহৰ অনুভূতি নিতে।
প্রতি পুৱা তুমি ৰ’বানে এনেকৈয়ে মাথোঁ মোৰ বাবে তোমাৰ দুবাহু মেলি?
তোমাৰেই বুকুৰ বাটটিত খোজ পেলাই মোৰ উদং আকাশত জিলিকে এটি হেঙুলীয়া বেলি…।
Comments
Post a Comment