মোৰ হেৰায় যোৱা চকুপানিৰ শুকান এসোপা আবেগ…
মোৰ হেৰায় যোৱা চকুপানিৰ শুকান এসোপা আবেগ…
চকুলোবোৰে দেখোন পাহৰিলে নিগৰি যাবলে…
কিনো কৰিম মই ?
আৰু মোৰ হাঁহি ?
কিমান হাঁহিম আৰু ?
ভাগৰি পৰিছোঁ পৰিস্থিতিৰ বহুৱা হৈ হৈ..
কৃত্রিম হাঁহিখিনি মুচি পেলাবও নোৱাৰোঁ,
খুব কষ্ট পাইছোঁ মই ….
মই জীৱন নাটৰ ৰঙীন অভিনেত্রী
ৰামধেনুৰ সাতো ৰং মোৰ লগৰী
অর্ধাঙ্গিনী, ভগ্নি, মাতৃ, জীয়ৰী, বোৱাৰী, বান্ধবী, প্রেয়সী মই..
মোৰ অলেখ ৰূপ
ব্যস্ততাৰ মঞ্চত মই কেন্দ্রীয় পাত্র
মই অবিহনে মঞ্চ শূণ্য….
আৰু মোৰ মনৰ শূণ্যতা ?
এক শূণ্যৰ আদি আৰু অন্তৰ সন্ধান বিচাৰোঁ..
আহ্বান কৰোঁ শুকান আবেগক…
বিচাৰোঁ দুটোপাল চকুপানি..
ঠিকনা বিচাৰি পাইছোঁ নিজৰ,
কোনোবা অচিন কবিৰ
বহু বছৰ বিৰতিৰ পিছত বিচাৰি পোৱা কবিতাৰ উত্তপ্ত ছন্দত…
বৰ আপোন লাগে সেই কবিতাৰ নিয়ৰসনা শব্দ…
আছে মোৰ তেজৰ ৰং সেই কবিতাৰ ধমনীত,
আৰু আছে মোৰ শুকান চকুলোৰ সমিধান….
কিমান হাঁহিম ?
হাঁহি হাঁহি বৈ পৰা মোৰ অশ্রুৰ নদীয়ে
কিজানিবা জীপাল কৰিছে দূৰৈৰ এখন
উকা. অনাৰ্দ্ৰ বুকু……
আৰু সেই বুকুৰ প্রাণস্পন্দনত হয়তো জ্বলি উঠিছে
মই গম নোপোৱাকৈয়ে এগজ কপাহী অনুভূতিৰ চাকি…
যদিও দেখা নাই মই সেই শলিতাৰ জ্যোতি
কিন্তু অনুভব কৰিছোঁ তাৰ পোহৰ….
মই বুজিছোঁ……..
যদিও মোৰ বিবেকে মাজে মাজে উকিয়াই…
অকনমান সতর্ক কৰে মোক…
উপলব্ধিবোৰ নোৱাৰোঁ বান্ধিব মই…নোৱাৰিম…
সেয়ে আজি বৈ যাওঁ মই
কোনো অজ্ঞাত মানসৰোবৰৰ পৰা নামি অহা
নীলা অনামিকা নদীৰ সোঁতত……….
হেৰাই যাওঁ তাৰ গভীৰতাত
আৰু যেন নিজকে হেৰুৱাইও বিচাৰি পাওঁ
ধপলিয়াই বিচাৰি ফুৰা সাঁথৰৰ উত্তৰ,
এটি প্রশান্তি, এটি অনুভূতি…
সজল হৈ পৰিছে মোৰ আবেগ….
মহানির্বাণৰ যেন দিশ হে পালোঁ,
অশ্রু স্মিতাৰ মাজেৰে তেওঁৰ সাত্বিক
মৰমৰ সাগৰখনি মই সামৰি ল’লোঁ…..
Comments
Post a Comment