কেতিয়াবা কাৰণত, প্রায়ে অকাৰণত..


কেতিয়াবা কাৰণত, প্রায়ে অকাৰণত..
আৰু কেতিয়াবা দোকমোকালিৰ চকা-মকা প্রহৰত..
মাজে মাজে মিচিকনিত, মাজে মাজে কান্দোনত,
দেখোঁ মই তোমাৰেই ছবি মায়াবিনী এন্ধাৰত 

সৰু সৰু আবেগত, নীলা নীলা সপোনত,
সোণালী দৰ উত্তাপত, শীতল জোনাকীৰ পোহৰত,
অকস্মাৎ অহা বৃষ্টিত, কোনোবা নতুন কবিৰ সৃষ্টিত
পাওঁ মই তোমাৰেই পৰশ চিনাকী-অচিনাকী দৃষ্টিত 

মেঘাচ্ছন্ন আকাশত, দূৰৰ ধূসৰ পাহাৰত,
সাগৰৰ নীলাভত, পর্বতৰ শ্যামলত,
কপৌ ফুলৰ বৰণত, শেৱালীৰ সুবাসত
তোমাৰ উপস্থিতি আহি ৰয় মোৰ প্রতি উশাহত 

স্পষ্টতাৰ মুকলিত, অসংলগ্নতাৰ কুঁৱলীত,
জীৱনৰ বাটত, এটি নিবিড় পৰত,
ঠিকনা পালো তোমাৰ
মোৰ মনৰে মাজত, নিচেই কাষত 

Comments

Popular Posts