আদিৰ অন্ত

চিৰস্থায়ী জানো  পাৰে ?
এই পৃথিৱী, এই পাহাৰ , এই সাগৰ
যবনিকা পৰিব সকলো সৃষ্টিৰ 
আমি মানি বলৈ কষ্ট পাওঁ
কিন্তু আদিৰ অন্ত নিশ্চিত
তুমি, মইও এদিন নিঃশেষ ;
স্বার্থপৰ হৈ তুমি মোক কৈছিলা,
আমি শেষ নহওঁ
যদিও তুমি জানা
যে সামৰণি পৰিবই এদিন
আমাৰ সপোনবোৰৰ,
আমাৰ মৰমবোৰৰ,
সকলো কথাৰ মোখনী মাৰি
এদিন স্রজোতাই হাঁহিব…..
মানুহ মানুহেই
আমি কেতিয়াবা পাহৰি যাওঁ
যে নিতৌ নতুন আবিস্কাৰ কৰিলেও
মানুহে অমৃতাশন  নোৱাৰে..
জন্মতে আৰম্ভনি
মৃত্যুতে সামৰণি;
কিন্তু মাজে মাজে মইওঁ তোমাৰ দৰে ভাবোঁ
আমি জাউতিযুগীয়া হৈ ….
ইতিহাসত থাকি যাব আমাৰ কথাবোৰ
চিৰযুগমীয়া আমাৰ আধ্যায়…”
হয়তো অনন্ত তোমাৰ মোৰ কাহিনী
নতুবা অনাদি আমাৰ কিংবদন্তি…..
মইওঁ ভাবোঁ কেতিয়াবা……..

Comments

Popular Posts