কেতিয়াবা মোৰ মন যায়

কেতিয়াবা মোৰ মন যায়
আকৌ এবাৰ শৈশৱৰ ধেমালিবোৰ 
সোঁৱৰণীৰ জোলোঙাৰ পৰা উলিয়াই
দিঠকৰ দাপোনলে আনি ল’বলে…
হেঁতালিৰ শিলগুটিকেইটা মুঠিত বিছাৰিছোঁ
কিন্তু সময়ে দি যোৱা ৰেখাবোৰৰ চক্রবেহুত আজি 
শিলগুটিবোৰৰ চিহ্ন নাই…
মই তথাপি বিছাৰোঁ
ত্রিছ গৰকা জীৱনৰ পদুলিত মোৰ ল’ৰালিৰ ছবি……

মই লৈ আনোঁ
সেই কৈশোৰৰ স্মৃতিবোৰ
কপাহী সপোনবোৰ
কল্পনাৰ কোঠালিৰ বাহিৰলৈ… 
বর্তমানৰ ৰ’দ পুৱাবলৈ…
উজাগৰি ৰাতিবোৰৰ আধৰুৱা উত্তৰবোৰ ;
আৰু আজি মই ধপলিয়াই কৰিছোঁ 
মোৰ সেই কৈশোৰৰ প্রশ্নৰ সন্ধান…

অভিযোগ আৰু অভিমান ভৰা
মোৰ যৌৱনৰ দুপৰীয়াবোৰ…
মোৰ শৰীৰ, মোৰ ম্‌ন, মোৰ অনুভ্‌ব,
সেই আত্মকেন্দ্রিক যৌৱন মোৰ……
মইতে আদি, মইতে অন্ত ,
মোৰ প্রেমৰ মোৰ অনুৰাগৰ
কিছুমান ভগা-চিঙা টুকুৰা ;
মই মোৰ আজিত বিছাৰোঁ
সেই টুকুৰাবোৰৰ অস্তিত্ব…

কেতিয়াবা আহিবা মোৰ ঘৰলৈ…
আলি-কেকুঁৰিতে লগ হৈ কথা পাতিম আমি ;
আৰু হয়তো কথা-প্রসংগতে মই 
তোমাক দেখুৱাব পাৰিম মোৰ জীৱনৰ 
ধূসৰ কিছুমান ছবিৰ প্রতিবিম্ব…
আহিবাছোন এদিন…।

Comments

Popular Posts