গুৱাহাটিৰ এটি সন্ধিয়া……………

কংক্রিটৰ নগৰীৰ বুকুৰে বৈ যোৱা নৈখনৰ বালিচৰাত বহি নৈসৰ্গৰ সান্নিধ্যত এটি গোমা সন্ধিয়া কটাইছিলোঁ,
শৰাইঘাটৰ বয়োবৃদ্ধ ককালত অজস্র মটৰ গাড়ীৰ অনৰ্গল অহা-যোৱাৰ অত্যাচাৰ,
মহানগৰীৰ আবৰ্জনাৰ ঢলে মলিয়ন কৰা লুইতত ক’ত মই মহাবাহুৰ প্রত্যাহ্বান বিছাৰি পাওঁ?
মনত পৰিছে পৰহি গধূলি দিপৰ বিলৰ পাৰত কটোৱা সময়খিনি
মই এখন্তেক ৰৈ সুঁৱৰিছিলো সেই কাব্যিক ভাবি অভিযন্তাজনৰ কথা,
তেওঁৰ ভঙা কলমৰ নীলা চিয়াঁহীবোৰ বিলৰ পানীখিনিত পৰি ৰোৱা দেখিলোঁ,
মই নেজানো কোন পাহাৰৰ বুকুত এতিয়া তেওঁৰ কবিতাৰ নীলা চিয়াঁহীৰে লেখা বিথিকাৰ
প্রতিধ্বনিবোৰে খুন্দা মাৰেগৈ.........
সেইয়া যেন অন্য এক যুগ আছিল, যেন এক প্রাচীন সাধুকথাৰ ৰাজ্য...
ভৰ বাৰিষাত লুইতৰ দেওধনি ছেৱতো কিমান যে অনুৰাগ আছিল,
নৰকাসুৰৰ ছাঁত থিয় দিওঁতেই মনত পৰিছিল শিখৰত থকা শিলচটাত বহি নিতৌ ৰাতি
গীটাৰ বজোৱা ল’ৰাটোৰ কথা,
এতিয়া দৈনন্দিনৰ যুদ্ধত তাৰ গীটাৰৰ তাঁৰবোৰত এলান্ধুৰ ৰাজত্ব
অ’, আৰু এজনী গান গোৱা ছোৱালীও আছিল এই পাহাৰতে
এতিয়া তাই ব্যস্ত চিকিৎসক,
অবুজ বেদনাৰে ভৰা বহুতো প্রহৰ সহনীয় কৰি তুলিছিল তাইৰ সন্ধ্যা ৰাগে
কিন্তু আজি তাই মুক, আৰু বধিৰ নৰকাসুৰৰ শ্রোতা
কাঠৰ ভগা নাওঁখনত বহি মই দেখিছোঁ আকাশত ভাঁহি থকা বৰষাসিক্ত এডৰা ক’লা বৰণীয়া মেঘ,
সেই মেঘৰ বুকু ফালি উৰি অহা এজাক বগলীয়ে যেন আকাশে বতাহে পাহাৰে নদীয়ে
হাবাথুৰি খাই বিছাৰি ফুৰিছে হেৰোৱা কবিতাৰ ছন্দ, এটি মতলীয়া গীতাৰৰ সুৰ, এটি পাহৰা গানৰ কলি,
অকলশৰে অথচ সাহসেৰে নৈৰ বুকুত থিয় দি ৰোৱা উমানন্দ দ্বীপেও যেন মাজে মাজে ৰোমন্থন কৰে এইবোৰ কথা,
ৰ’দে পোৰা দেহৰ নাৱৰীয়াটোও হয়তো সাক্ষী বহু অলেখিত ইতিহাসৰ, বহু উৱঁলা স্মৃতিৰ,
মুকলি আকাশ নেদেখা চোতালবিহীন কংক্রিটৰ নগৰীলৈ উভতিবৰ পৰত
নদীপাৰৰ বালিচন্দাবোৰৰ আশে-পাশে কিছুমান কবিতাৰ টুকুৰা পৰি থকা দেখিলোঁ,
সপোনসনা দিগন্তৰ পৰা ভাঁহি অহা এটি সুৰে পাহৰনিত লুপ্তপ্রায় হোৱা এটি ৰাগিনীৰ সংবাদ আনিলে,
উভতি চাই দেখিলো লুইতে চকু টিপিয়াই হাঁহি মাৰি মোক কৈছে,
“মোৰ কাষলে আহিলেই শুনিবা তুমি দূৰণিৰ সাগৰ পাৰৰ পৰা ভাঁহি অহা মৌসনা সুৰ,
মোৰ বুকুত জুমি চালেই দেখিবা তুমি অতীতৰ সেই ছবি মধুৰ............

Comments

Popular Posts