আখৰ আৰু আবেগ
কাঞ্চন বৰুৱাৰ কাঞ্চনমতীৰ স্বচ্ছ পানীত মই
সৌ তাঁহানিতে নিজৰ প্রতিবিম্ব দেখিছিলোঁ ;
বেজবৰুৱাৰ তেজীমলাৰ চকুলোৰ তপত উষ্মতাত
ডেই গৈছিল মোৰো দুগাল..
প্ৰাত্যাহিক জীৱনত মই যদিও আছিলোঁ বিলীন
ফণীনদ্রৰ অনুৰাধাৰ দেশখন মই প্রতিপলে বিছাৰিছিলোঁ
মোৰ চিনাকী পৃথিৱীখনৰ মাজত…
মই পুৱতি তৰা হ’ব খোজা নাছিলোঁ -
মোৰ প্রবল ইচ্ছা আছিল হৈ ৰ’বলে কাৰোবাৰ আকাশৰ ‘ভীনাছ’ ;
কাঞ্চনৰে প্রীঞ্চেছ,অনুভা, চম্পা আৰু গৌৰীৰ সৈতে
মই সখি পাতিব খুজিছিলোঁ…
পিছে বিছাৰিয়ে নাপালোঁ মই সিহঁতক ….
ভাবিছিলোঁ মই, এদিন কোনোবা দেবকান্তই মোক সাগৰ দেখুৱাব,
দেখিলোঁ সাগৰ, কিন্তু নেদেখিলোঁ মই সীমাহীন উৰ্মিমালাৰ শাৰী…
এনেকুৱা আছিল মোৰ উপন্যাস আৰু কবিতাৰ পৃথিৱীখন ;
শঙ্কৰৰ ভাষাত “অতি দারুণ” আছিল সেই পৃথিৱী মোৰ….
শৈশৱ আৰু কৈশোৰৰ মোৰ সহস্র প্রশ্নৰ উত্তৰ আছিল
সেই ক’লা ক’লা আখৰৰ শ শ বিথিকাত,
কিন্তু আজি মই বাস্তবিক -
মই নেদেখোঁ অসীমত সীমা হেৰুৱাৰ সপোন,
নকঁপে বতাহত মোৰ বাদামী ৰঙৰ বেণী দুডাল,
মাহীমাকৰ অত্যাচাৰত নাকান্দে তেজীমলাই…..
নিৰিবিলি কিছুমান মুহূৰ্ত্তত মই ধুলিবোৰ আলফুলে মুচি দিওঁ…
হাত বুলাই চাওঁ আলফুলে এটি এটি পৃষ্ঠাত,
বহু আবেগে আবৰি ধৰে মোক,
চম্পাৰ ৰূপৰ আধলিটোৰ পোহৰ ফাল মই আজিও পাবলে যত্ন কৰোঁ…
‘টীক ৱুড’ৰ ‘বুক শেল্ফ’ত অৱহেলাৰ বুকুত লুকাই থাকে মনে মনে
মোৰ অতীতৰ সতীৰ্থবোৰ ;
নকৰে অভিযোগ কাহানিও,
মাজে মাজে ভাবোঁ আকৌ মই সিহঁতক আকোৱালি ল’মনে ?
হয়তো মই হাত বাউল দি মাতোঁ মানে সিহঁত আঁতৰি যাব বহু দূৰলৈ…
বাস্তবিক-কাল্পনিকৰ দুইখন পৃথিৱীয়ে যে মোৰ অতি প্রিয্ ;
মই আকৌ এদিন বিছাৰি যাম সেই পৃথিৱীখন -
য’ত উপেক্ষীত নহ’ব মোৰ অতীতৰ সতীৰ্থ ;
আকৌ মই আখৰৰ বুকুত কিছুমান অৰ্থ বিছাৰিম,
পুৱতি তৰা কিম্বা সন্ধ্যা তৰাৰে কথা পাতি্ম,
পদুম পুখুৰীৰ পাৰত আকৌ নৱ যৌৱনৰ জোৱাৰ আহিব,
“হাতে নেমেলিবি” বুলি তেজীমলাও বিনাব,
আখৰে আবেগক নিচুকাব… বেজবৰুৱাই তৃপ্তিৰে হাঁহিব…।।

Comments
Post a Comment