আনিছোঁ মই বাৰিষাৰ ঢল
আনিছোঁ মই বাৰিষাৰ ঢল,
ধাৰাষাৰ বৰষুনৰ এচাৰকনি…
লগতে আনিছোঁ দেহ-মন জুৰুৱা
তুষাৰৰ শীতলতাখিনি ।
নামি অহা টোপালৰ পৰশে
মনলৈ আনিছে কিমান যে ঢৌ…
শ্বিলংৰ ৰাস্তাত অক্টোবৰৰ
সেই সেমেকা সন্ধিয়া…
কিন্ কিন্ পানীবোৰ শুকুলা তৰা
হৈ জিলিকিছিল তোমাৰ চুলিত
আৰু মোৰ কপাহী আচলেৰে
তোমাৰ চুলিবোৰ মচি দিয়া…।
তোমাৰ কপালৰ পৰা সৰো-সৰো কৈ থকা
বৰষুনৰ টোপাল হে মই,
যেন জীবনৰ চাকনৈয়াত
থেৰো গেৰো কৰি থকা এটি চঞ্ছল ধাৰা…
মেঘালীৰ বুকুৰ নিয়ঁৰৰ মুকুতা
আনিছো তোমালৈ বুলি
মুকুতাৰ মালাডাল আলফুলে
যতনাই মোকেই দিবা…যদি পাৰা ।।।
দ্বীপৰ বীলৰ বহল বুকুৰ বিশালতাৰ
আশ্রয় পাইছানে তুমি?
জানোচা মোৰ কথা মনত পেলাই
দূৰণিলৈ চাইছা জুমি জুমি…????
Comments
Post a Comment