ঈৰ্ষা...

ভূতৰ জোলোঙাত মনে মনে সোমাই থকা 

এসোপা ভয়ানক সামগ্ৰীৰ

যেন নাভূত-নাশ্রুত ব্যবহাৰ মই কৰিম…

কলা যাদু কৰি বাৰু হূলেৰে বিন্ধি বিন্ধি

তাইৰ শৰীৰত গণিব নোৱাৰা বিন্ধা কৰি দিওঁ নেকি ?

অটব্য অৰণ্যৰ ভয়াবহ নিৰ্জনতাত তাইক ঠেলি দিম মই,

আৰু চুৱা পেলোৱা জাবৰৰ দ’মত তাইক 

লৰ-চৰ কৰিব নোৱাৰাকৈ বান্ধি পেলাই থ’ম…

পঁচা নৰ্দমাত ওলোটাকৈ পুতি থ’লে বাৰু কেনেকুৱা হ’ব ?

দয়া-মমতা নথকা কোনো অপহৰণকাৰীৰ হাতত তাইক সঁপি নিদিও কিন্তু…

যানোচা “স্তকহল্ম ছীন্দ্রম”ৰ আগমনে তাইক সাৰি যোৱাৰ সুযোগ দিয়ে ??

নাকে-কাণে সোপা দি আধা মৰা কৰি পেলাম তাইক

অসহায় কোনো পক্ষাঘাতৰ ৰোগীৰ দৰে তাইক মই নিৰ্ভৰশীল বনাই দিম…

হ’লেও তাই যদি সাৰি যায় ?

মই তাইক এৰাল চিঙা গৰুৰ দৰে এৰি দিব নোৱাৰোঁ…

বহু চল দিলো মই তাইক…

মোৰ প্রতিটো অভিব্যক্তিত তাই মাজে মাজে ভূমুকি মাৰে ;

কেতিয়াবা মই ঠেলি আঁতৰাই দিওঁ কাষৰ পৰা,

কিন্তু ঘূৰি-পকি তাই মোৰ সতিনীৰ নিচিনাকৈ 

মোক পৰিবেষ্টিত কৰি ৰয়…

সৰু সৰু ঘটনাই তাইৰ উপস্থিতিত বৃহৎ ৰূপ লয়…

মই নিৰব দৰ্শক হৈ ৰওঁ…

খঙে-দুখে জৰ্জৰিত হৈ মই তাইক ধিক্কাৰ দিওঁ,

শাওপাত দিওঁ…

উপায় নেপায় কাবৌ কৰোঁ,

তাইৰ বাবেই মই অনুষঙ্গীৰ মাজত হাঁহিয়াতৰ পাত্র হওঁ,

তাই তোমাৰ প্রতি অলপো আকৰ্ষণ নাই, তুমি জানানে নাই?

মই বুজি পাওঁ…

তথাপিও তোমাৰ আৰু মোৰ মাজত তাই

বহু কথাতে হস্তক্ষেপ কৰেহি ;

তুমি হয়তো তাইক মোৰ সৈতে দেখিলে

সেইয়া মোৰ তোমাৰ প্রতি থকা ভালপোৱাৰ

মালিকীস্বত্ত্বৰ প্রকাশ বুলি ভাবি তৃপ্ত হোঁৱা,

পিছে কথাটো সুকীয়া……

মই সঁচাকৈয়ে তাইক লৈ অতিষ্ট হৈ পৰিছোঁ…

প্রশান্ত মহাসাগৰত তাইৰ সলিল-সমাধি সাজোঁ

নে সূৰ্য্যৰ উত্তপ্ত বুকুতে তাইৰ মুখাগ্নি দিওঁ ?

কিন্তু মই থিৰাং কৰিছোঁ,

মই তাইক ধ্বংস কৰিমেই…

তাইৰ নাম ঈৰ্ষা…

নিৰণ্ঠুক মৰিশালীত মই তাইক পুতি থ’মগৈ,

মই দৃঢ় প্রতিজ্ঞ…………।
  

Comments

Popular Posts