মোৰ হাতখন অলপো নকঁপিলে...
মোৰ সোঁ হাতত মই তুলি লৈছিলোঁ এটা ক’লা বেৰেটা নাইনটি-টু…
এবাৰ মাথো চকুত পৰিছিল শত্রুপক্ষৰ জোৱানটোৰ তিৰবিৰাই থকা চকু দুটি,
হয়তো অলপ অপ্রস্তুত হৈছিলোঁ,
হয়তো অকণমান বেজাৰো লাগিছিল মোৰ,
তাৰ ৰঙা তেজৰ চিটিকনিয়ে মোৰ গাঢ় সেউজ পোছাকত চেকা লগাইছিল,
কিন্তু স্থিৰ হৈ আছিল মোৰ হাত -
মোৰ হাতখন অলপো নকঁপিলে…
ইণ্ডিয়ান মিলিটেৰী একাডেমীৰ সোণালী ইতিহাসৰ মই এটা তেনেই সৰু পৰিচ্ছে্দ,
সেই একাডেমীৰ পদুলীমুখতে মোৰ পৰিচয় হৈছিল মৃত্যুৰ সৈতে…
দেহৰাডুনৰ মানচিত্র গৌৰাম্বিত কৰা এই একাডেমীৰ চোতালত
ঊনৈশ শ বত্রিশ চনৰ পৰাই মৃত্যুৰ দপদপনি;
ইয়াত মৃত্যু কাৰোবাৰ সহযাত্রি, কাৰোবাৰ সহোদৰ…
একাডেমীৰ চিকুণ বাটবোৰত প্রতি খোজতে মই বহু নতুন শিক্ষা লভিছিলোঁ,
ভোলা মাষ্টৰৰ এচাৰিৰ কোবেও মোক এনে শিক্ষা দিব পৰা নাছিল,
আইৰ আব্দাৰ, দেউতাৰ অনুশাসনতো মই কাহানিও পোৱা নাছিলোঁ
এই শিক্ষাৰ কোনো চিহ্ন,
অ’, মাথো এবাৰ মই কিছুমান ধূসৰ আভাস পাইছিলোঁ –
মোৰ গাঁৱৰ মুকলি নীলা আকাশখন সেইদিনা উচুপি উঠিছিল,
ফুকন মৌজাদাৰৰ আগ-চোতালত কাৰগিলৰ পৰা আহিছিল
তেওঁৰ সাতাইশ বছৰীয়া নুমলীয়া পুত্রৰ মৃতদেহ,
ঊনৈশ শ নিৰানব্বৈ চনৰ এটি ভৰ দুপৰীয়া মই
সৰ্বস্ব হেৰুৱা এজন পিতৃৰ মুখত পৃথিৱীৰ সমস্ত সুখ পোৱাৰ সন্তুষ্টি দেখিছিলোঁ,
বুকু উদং হোৱা এগৰাকী মাতৃৰ শুকান দুচকুত
মৌন সাহস আৰু ধৈৰ্য্যৰ পৰিচয় পাইছিলোঁ,
ভাতৃহাৰা ভগ্নীয়ে গৰ্বিত হাঁহিত চকুলো লুকুৱা প্রত্যক্ষ কৰিছিলোঁ…
সেইদিনা সন্ধ্যা পৰত মোক ককাইদেউৱে কৈছিল দেহৰাডুনৰ একাডেমীৰ কথা,
চেম মানেকছ’ আৰু মোহম্মদ মুছাৰ কথা,
আৰু মৃত্যুৰে মিতিৰালি কৰা বহু ডেকা সাহসৰ কথা…
এদিন মইও দেহৰাডুনৰ সেই ঠিকনাত জীৱনৰ অৰ্থ বিছাৰি গৈছিলোঁ,
কেতিয়াবা ভাগৰত আইলৈ মনত পৰিছিল,
দেউতাৰ মৌন উদ্বিগ্নতা মই বুজি উঠিছিলোঁ,
চেটৱদ হলৰ বহল দীঘলী-বাটবোৰত মই মোৰ গাঁৱৰ
চেনাকী আলিটোৰ নিৰাপত্তাখিনি বিছাৰি পাইছিলোঁ,
মাজে মাজে ঢোলপুৰৰ শিলৰ স্তম্ভবোৰত মৃত্যুৰ কোলাত
চিৰকালৰ বাবে জিৰণি লোৱা ডেকা সৈনিকবোৰৰ ধেমালিৰো
মই অংশীদাৰ হৈছিলোঁ,
পাছিং আউত পেৰেডত মোৰ বাৰে বাৰে মনত পৰিছিল
ফুকন মৌজাদাৰৰ নুমলীয়া পুতেকৰ শান্ত মুখখন…
মইও হাতত তুলি লৈছিলোঁ এটা ক’লা বেৰেটা নাইনটি-টু,
মোৰ বেৰেটাই শত্রুপক্ষৰ সৈনিকটোৰ বুকুত
নাইন মিলিমিটাৰ পৰিধিৰ এটি বিন্ধা কৰিছিল,
হয়তো মোৰ হৃদয়খনো সেই মুহূৰ্ত্তত নাইন মিলিমিটাৰৰ হৈ গৈছিল…
মই আছিলোঁ প্রতিজ্ঞাবদ্ধ,
মই মোৰ ৰাংঢালী প্রেয়সীক দিয়া প্রতিশ্রুতিতকৈও দৃঢ় মোৰ প্রতিজ্ঞা,
আই-বোপাইৰ প্রতি থকা দায়িত্বতকৈও গভীৰ ।
সেয়েহে মোৰ হাতখন অলপো নকঁপিলে…
আৰু কেতিয়াও নকঁপে …।

Comments
Post a Comment