জীৱনৰ ঠিকনা........
ওলালোঁ পুৱাতে মই বিচাৰি জীৱনৰ ঠিকনা
প্ৰভাতৰ পোহৰত দীপ্ত ধৰণী,
আৰু সুধিলোঁ ৰ’দালিক কাষলৈ মাতি
“দেখিছানে জীৱনৰ পঁজাটি তুমি ?
দিবানে আনি মোক বতৰা আজি,
কোৱাছোঁন ক’ত পাম জীৱন বিচাৰি ?”
নিমাত নিশান্তই মিচিকি হাঁহিলে
আঁতৰি গ’ল নির্বিকাৰ ভংগীৰে …
জীৱনৰ মোকামৰ সন্ধানত পালোহি
নীলাচলৰ সুউচ্চ শ্যামলীমাৰ বুকু
সেউজী পাহাৰে নক’লে মোক
মই বিচৰা পদূলিৰ ঠিকনা একো ।
দেখিলোঁ দূৰৈত এখন বিশাল পথাৰ
ধাননি সোণালী - সোণেৰে ওপছা,
জীৱনৰ আবাসৰ স্থিতি সুধিলত
নিদিলে উত্তৰ মোৰ মনে বিচৰা ।
লুইত, ধনশিৰি, ডিখৌকো কৰিলো
বহু মই কাকূতি পাৰতে বহি,
নেপালো ঠিকনা জীৱনৰ ক’তো
অলপ হতাশ হলোঁ, পৰিলো ভাগৰি……
নীলিম আকাশৰ নীলাভতো নাই
নাই সাগৰৰ গভীৰতাবোৰত,
মেঘালীৰ কপাহী পৰশতো নাই
জীৱনৰ ঠিকনা নাই বতাহত…
নিশিৰ আলোকহীনতাই নিৰাশ কৰিলে
নিদিলে বতৰা মই বিচৰা বাটৰ,
নিৰুত্তৰ সপোন, মৌন আবেগ
নিস্তব্ধ জোনটিও যেন এটি সাঁথৰ ।
তেনেতে আহিলা তুমি হঠাতে
আনিলা বতৰা জীৱনৰ লগতে ……
তুমি অনা হাঁহিটিত আছিলে জীৱনৰ
নানাৰঙী ৰামধেনুৰ প্রতিবিম্ব,
তোমাৰ চেনেহৰ ছাঁয়াতে পালোঁ মই
জীৱনৰ পদূলিৰ ঠিকনা নিচিন্ত ।
তোমাৰ পৰশে সম্ভেদ দিলেহি
জীৱনৰ পঁজাৰ চাকিটিৰ পোহৰৰ,
বাতৰি পালোঁ মই তোমাৰেই কবিতাত
জীৱনৰ বৰ্ণিল তুলিকাৰ ছবি আৰু আখৰৰ ।
Comments
Post a Comment