মোৰ কথা.......
মোৰ আজি বৰ লৰালৰি । মাহেকীয়া বজাৰ সমাৰ কৰি ঘৰ সোমাইছোঁ মাত্র, এনেতে মিছেছ অলকা গায়ন ওলালেহি ।মনে মনে মই অতিষ্ট হৈ পৰিলোঁ ।মিছেছ গায়ন অহা মানে দুঘণ্টা তিনিঘণ্টা নষ্ট । মানুহজনীয়ে বৰ কথা কয় ।তাকো আটি-গুৰি নোহোৱা এসোপামান কথা ।মই তেওঁক বহিবলৈ ক’লো আৰু চাহ একাপ বাকিবলৈ পাকঘৰত সোমালোঁ ।ভাবিলো সোনকালে চাহ খুৱাই বিদায় দিওঁ ।তাৰ পিছত মই অতুল শইকীয়াৰ জীয়েকৰ আঙঠি পিন্ধোৱালৈ যাব লাগিব।অতুল শইকীয়াৰ জীয়েক ঈশানীৰ বিয়া ঠিক হৈছে আমেৰিকাত চাকৰি কৰা অঙ্কুৰ গগৈৰ সৈতে ।অঙ্কুৰ আমেৰিকান বেঙ্ক এটাৰ উচ্ছ পদস্ত বিষয়া ।মাক-দেউতাক ডিগবৈত থাকে ।শইকীয়াৰ পৰিয়ালৰ লগত আমাৰ ঘৰুৱা সম্পর্ক; নগ’লে বেয়া পাব ।
অলকা গায়নে চাহকাপ হাতত লৈ ক’লে, “বুজিছানে মৃদুলা, আজি মই অলপ বহাকৈ আহিছোঁ ।এওঁ এইমাত্র বজাৰলৈ ওলাই গৈছে, আৰু ৰিঙ্কু শুই উঠাই নাই । মই বোলোঁ মৃদুলাৰ হাতৰ চাহ একাপ খাই আহোঁ ।কেক বনোৱা নাই নেকি ? বহু দিন তুমি বনোৱা কেক খোৱাই নাই ।” মোৰ উপায় নোহোৱা হ’ল । কেক বনাইছিলো যোৱাকালি ।প্লেট এখনত দুই পিছ্ কেক লৈ মই বহিলোহি অলকা বাউদেউৰ কাষত ।আজি যি দেখিছোঁ মোৰ আৰু শইকীয়াৰ জীয়েকৰ আঙঠি পিন্ধোৱালে যোৱা নহ’ব ।অতনুৰ, মানে মোৰ গৃহস্তৰ, বৰ খং উঠিব মোৰ ওপৰত ।অতুল শইকীয়া এওঁৰ নিজৰ ককাইয়েকৰ দৰে । অতনু আজি এখন বিশেষ মিটিঙত ব্যস্ত ।মোক দহাই দহাই কৈ গৈছিল শইকীয়া দাৰ ঘৰলৈ যাবলে ।উপাই-নেপাই অলকা বাইদেউক ক’লো, “বাইদেউ, মই আজি শইকীয়া দাৰ ঘৰলৈ যাব লাগে । অলপ লৰালৰি ।যদি বেয়া নেপায়, মই ওলাই মেলি লওঁ গৈ ।চাৰিটা বজাত দৰা ঘৰৰ মানুহ পাবহি । আঢ়ৈ বাজেলেই ।”
বাইদেউৱে মুখখন বেকা কৰি ক’লে, ” যাবা ৰ’বাছোন ।কিহৰ ইমান লৰালৰি ।ঈশানীৰ দৰা ঘৰৰ মানুহগাল লাহে ধিৰে আহিব । ফৰেনৰ জোৱাই পাই মানুহঘৰ ক’ব নোৱাৰা হৈ আছে ।আৰু তোমাৰনো কি ? ল’ৰা-ছোৱালী নোহোৱা মানুহ, আজৰিয়ে আজৰি ।আমাৰ আকৌ ভালকৈ মূৰটো আচুৰিবলেও সময় নাই ।শুই উঠিয়ে ৰিঙ্কুৱা ‘মা ইটো খাম, সিটো খাম; চাহ দিয়া’ বুলি চিঞৰ বাখৰ লগাই দিয়ে ।”
মই মনে মনে শুনি গ’লো ।মই নিঃসন্তান ।৪৭ বছৰ বয়সত এতিয়া আৰু কোনো আশাও নাই ।অতনুৱে কয় যে মই তেওঁৰ লগত থাকিলেই যথেষ্ট । বহু দম্পত্তি এনেকৈয়ে আছে ।মোৰ আগতে বৰ গাত লাগিছিল কথাষাৰ ।আজিকালি কাণষাৰ নকৰোঁ ।অলকা বাইদেউৰ কথাবোৰো বেয়া নাপালোঁ ।সচা কথায়ে কইছে । মোৰ ল’ৰা-ছোৱালী নাই ।কিন্তু মোৰ হাতত আকৌ আজৰি নেথাকে বৰকৈ ।ঘৰৰ সমস্ত দায়িত্ব মই মূৰ পাতি লইছোঁ ।অতনুৰ অফিচৰ কামতো মাজে-মধ্যে সহায় কৰি দিওঁ ।নতুন নতুন ব্যঞ্জন বনাওঁ, ওচৰ চুবুৰীয়াৰ ল’ৰা-ছোৱালীবোৰক খুৱাই ভাল পাওঁ ।বিয়া,সবা্হ, বার্থদে ইত্যাদিত মই লাগি ভাগি দি ভাল পাওঁ ।বিয়াৰ আগেয়ে ঘৰৰ কাষৰে স্কুল এখনত কাম কৰিছিলোঁ ।এতিয়া ঘৰৰ ওচৰৰ দুজনমান ছাত্র-ছাত্রীক আবেলি আবেলি পঢ়াওঁ । পইছাৰ বিনিময়ত নহয়; মই পঢ়াই ভাল পাওঁ ।অলকা বাইদেউহঁতৰ দৰে মোৰ নিজৰ সন্তান নাই, কিন্তু কোনো আক্ষেপ নাই মোৰ ।
বাইদেউ চাহ খাই যাওঁ-নাযাওঁকৈ অৱশেষত গ’ল ।মোৰ চকুৰ আগত এখন পুৰনা ছবি জিলিকি উঠিল ।শিৱসাগৰৰ ফুকন নগৰৰ ৰঞ্জয় বৰুৱাৰ ।ডাঃ ৰঞ্জয় বৰুৱা ।আজি দেশৰ খ্যাতনামা চার্জন ।মুম্বাই নিবাসী ।মোৰ অতীত আৰু মোৰ বর্ত্তমানৰ এটি অব্যক্ত সত্য । ৰঞ্জয় বৰুৱা - এসময়ৰ ‘ৰঞ্জয় দা’ , মেধাবী, সুশ্রী, অমায়িক ।
আজি কথাবোৰ যে ভাবি আছোঁ । কোবাকুবিকৈ নীলা জর্জেতৰ শাড়ীখন পিন্ধি ল’লো ।অতনুৱে অনা দিল্লীৰ পৰা ।নুমলীগড়ৰ কেম্পাছত মোৰ সাজ-পোছাক আটায়ে ভাল পাই । “মৃদুলাৰ choice বৰ উৎকৃষ্ট ।” সকলোৰে একমত ।ঈশানীৰ এই স্পেশ্বীয়েল দিনত মই সাজি-কাছি ওলাইছোঁ ।তাই মোক বৰ ভাল পায় ।মৃদুলা মাহী বুলিলে ক’ব নোৱাৰা হয় ।
ঠিক ৩;৫০ ত শইকীয়া দাৰ ঘৰ পালোগৈ ।গাড়ীখন গেটৰ বাহিৰতে ৰখালোঁ ।আলহী আহিলে কম্পাউণ্ডৰ ভিতৰত গাড়ী ৰাখিব পাৰিব ।বৌৱে মোক দেখিয়ে হুলস্থূল লগাই দিলে , “ইমান দেৰিকৈ আহিছা তুমি ।দৰাঘৰৰ মানুহ পাবহিয়ে হ’ল ।ঈশানী ৰৈ আছে তোমালৈ ।বোলে মাহীয়েহে কাপোৰযোৰ পিন্ধাই দিব । তুমি যোৱা ভিতৰলৈ ।মোৰ পাকঘৰত অলপ কাম বাকি আছেগৈ ।” মই ঈশানীৰ ৰুমত সোমালোহি ।বৰ ধুনীয়া তাই ।আজি আৰু ভাল দেখিছে তাইক ।অলপ লাজ লাজ কৈ আছে তাই । মই গুলপীয়া পাটৰ মেখেলা-চাদৰযোৰ তাইক পিন্ধাই দিলোঁ ।ঈশানীক পৰী পৰী যেন দেখিছে ।মোৰো ছোৱালী এজনী থকা হ’লে আজি ইমান ডাঙৰেই হ’লহেঁতেন । তাইৰ কপালত চুমা এটা খাই দিলোঁ ।চকুযুৰি তাইৰ পানীৰে ওপচি পৰিল মই ক’লো ” নেকান্দিবি । আই-লাইনাৰখিনি বৈ যাব ।” তাই হাঁহি হাঁহি চকুপানীবোৰ মছিলে ।
এনেতে বাহিৰত গাড়ীৰ হর্ণৰ শব্দ হ’ল ।মই ঈশানীৰ ৰুমৰ বাহিৰ পালোহি ।শইকীয়া দা, বৌ, মই আৰু ঈশানীৰ খুড়াক খুড়ীয়েকে আথে বেথে দৰাঘৰৰ মানুহক আদৰি ড্রইঙ ৰুমলৈ আদৰি আনিলোঁ ।শইকীয়া দাই মোক চিনাকী কৰাই দিলে ।মাক দেউতাক আৰু অঙ্কুৰ ।ইমান দিনে ঈশানীৰ মুখে অঙ্কুৰৰ কথা শুনিহে আছিলোঁ, আজি দেখি ভাল লাগিল । মাক দেউতাখালো কুথায়ে বতৰাই বৰ ভাল ।অঙ্কুৰ ল’ৰাটো বৰ মৰমলগা ।ঈশানীক দুবছৰ আগেয়ে বিয়া এখনত লগ পোৱা । তাতেই দুয়োৰে প্রেম, আৰু আজি এই আঙঠি পিন্ধোৱা দিন ।দুমাহ পিছত বিয়া ।ঈশানীক মই হাতত ধৰি বাহিৰলৈ লৈ আহিলোঁ ।লাজত তাই আৰু ধুনীয়াজনী হৈ পৰিছে ।খুড়ীয়েকে চাহ-জলপানৰ যোগান ধৰিলেহি ।মইও লাগি দিলোঁ ।শইকীয়া দা অলপ অপ্রস্তুত হৈছে ।একমাত্র জীয়েকৰ বিয়াৰ কথা ভাবি হয়তো অলপমান মনতো বেয়া লাগিছে ।
মাকে আগবঢ়াই দিয়া আঙঠিতো হাতত লৈ অঙ্কুৰে ঈশানীলৈ চিলে ।তাৰপিছত শইকীয়া দা আৰু বৌলে চাই লাহেকৈ ক’লে, ” মই আপোনালোকক এটা জৰুৰী কথা ক’ব লাগিব । ঈশানীয়ে জানে । আপোনালোকে জনাটো দৰকাৰ ।সকলো কথা খোলাখুলিকৈ ক’লেহে মই শান্তি পাম ।মাহঁতে ক’ব নেলাগে বুলি কৈছিল । কিন্তু নক’লে মোৰ মনত বো্জা এটা থাকি যাব ।” শইকীয়া দা অলপ সজাগ হৈ উঠিল ।কি কথা বা কয় ভাবি জোঁৱায়ে ?মইও কৌতুহলত । লাহেকৈ ক’লো ” মই ভিতৰৰ পৰা আহোঁ ।তুমি কথাষাৰ পাতি লোৱা ।” অঙ্কুৰে ক’লে “মাহী, আপুনি ঈশানীৰ নিজৰ মাহীৰ দৰে ।সেয়ে আপুনিও কথাতো জনাতো মই বিছাৰোঁ ।”
আমি সকলো বহি ল’লো অঙ্কুৰৰ কথা শুনিবলৈ ।সি ক’লে ,” মই মোৰ মা দেউতাক বহুত ভাল পাওঁ ।তেওঁলোকে মোক বহু কষ্টৰে ডাঙৰ দীঘল কৰিছে ।মোৰ পঢ়া শুনাৰ কাৰণে নিজৰ বহু ইচ্ছা পুৰা নকৰাকৈ থাকিলে ।কিন্তু মোৰ জীৱনৰ এটা বৰ ডাঙৰ সত্য আছে ।আশাকৰো আপো্নালোকে সকলো জানি-বুজি মোক আপোন কৰি ল’ব ।”
শইকীয়া দায়ে ক’লে’”কোৱাছোন তুমি ।যদি তোমাৰ মা, দেউতা আৰু ঈশানীয়ে মানি লৈছে, আমিও মানি ল’ম ।”
মিচিকিয়া হাঁহি এটা মাৰি অঙ্কুৰে ক’লে ” কওঁ শুনক ।মই মাহতঁৰ তোলনীয়া পুতেক ।মার্ঘেৰিটাৰ এখন অনাথ আশ্রমৰ পৰা মোক তেওঁলোকে লৈ আনিছিল ২৬ বছৰ আগেয়ে ।মোৰ জন্মদাতা মা বা দেউতাক মই নেজানোঁ । জনাৰ ইচ্ছাও নাই ।কিন্তু আপোনালোকে কথাটো জমা দৰকাৰ আছিল ।সেয়ে ক’লো ।”
অঙ্কুৰৰ দেউতাকে ক’লে’ “মাত্র চাৰি দিনৰ আছিল অঙ্কুৰ ।২৩ জুলাই ১৯৮৫ৰ কথা ।কোনোবা এজন আদহীয়া মাঊহে ইয়াক আশ্রমত থৈ গৈছিল । অবিবাহিত জীয়েকৰ সন্তান আছিল অঙ্কুৰ ।আমি তুলি তালি ডাঙৰ কৰিলোঁ ।অঙ্কুৰেই আমাৰ র্সবস্ব ।”
শইকীয়া দাইয়ে কি ক’লে মই নুশুনিলো । জুলাই ১৯৮৫,মার্ঘেৰিটা, অবিবাহিত জীয়েক । মোৰ মূৰটো ঘূৰাই যোৱা যেন লাগিল ।চাৰি মাহ মাহেকীয়া নোহোৱাৰ পিছত ৰঞ্জয় দাৰ আগত মোৰ কন্দা-কটা, ৰঞ্জয় দাক মাকহঁতে মুম্বাইলে পঠিয়াই দিয়া-মোৰ আগত জল-জল পট-পটকৈ ভাঁহি উঠিল ।২০ বছৰীয়া জীয়েকৰ বদনামৰ ভয়ত মা-দেউতাই মোক মার্ঘেৰিটাত থকা মঞ্জু মাহীৰ ঘৰলৈ লৈ যোৱা দিনতো ।আৰু পাঁচমাহৰ পিছত মই জন্ম দিয়া সন্তানতো ।ল’ৰা নে ছোৱালী নেজানিলোঁ, কাৰণ মাহী আৰু দেউতাই তৎক্ষণাতে অনাথ আশ্রমত থৈ আহিছিল মোৰ কেচুৱাটো । মই কান্দিছিলোঁ, আৰু এমাহ পিছত “টি বি”ৰ চিকিৎসা কৰাই শিবসগৰলৈ ঘূৰি আহিছিলোঁ ।এবছৰ পিছত অতনুৰ লগত মোৰ বিয়া হৈ গৈছিল ।মই পাহৰি গৈছিলোঁ ৰঞ্জয় দাৰ কথা ।অতনুৰ লগত সংসাৰ পাতিলোঁ ।সন্তান মোৰ আৰু নহ’ল ।মই মার্ঘেৰিটাৰ বুকুত এৰি থৈ অহা প্রসৱৰ বেদনাও যেন পাহৰি গৈছিলোঁ ।মা-দেউতায়েও কাহানি সেই কথা নুলিয়ালে ।
অঙ্কুৰক ভালকৈ চালোঁ ।ৰঞ্জয় দাৰ চকুহাল ভাহি উঠিল মোৰ সন্মুখত ।আৰু তাৰ ওঁঠযুৰি ছোন মোৰ নিচিনা ।
শইকীয়া দাৰ মাতষাৰ শুনিলোঁ , “অঙ্কুৰ, তোমাৰ কথাবোৰ শুনি মই অভিভূত হৈ পৰিছোঁ ।তোমাৰ জন্ম দিয়া মা বা দেউতা কোন আমাক নেলাগে । তুমি অমল গগৈৰে পুত্র আৰু মোৰ ভাবি জোঁৱাই ।মোৰ কোনো আপত্তি নাই ।তোমালোক সুখে থাকা ।”
অঙ্কুৰে মুঠিত লৈ থকা আঙঠিটো ঈশানীক পিন্ধাই দিলে ।
আৰু মই ? চাই ৰ’লো মনে মনে । মৃদুলাৰ পুতেক অঙ্কুৰক ।নিঃসন্তান এজনী মাতৃৰ সন্তানক ।মোৰ তেজ মঙহ, কিন্তু কোনো অধিকাৰ নথকা ৰঞ্জয় আৰু মৃদুলাৰ অঙ্কুৰ ।অমল গগৈৰ পুত্র ।

Comments
Post a Comment