ৰাতিৰ আকাশ

তুমি মোক আজি এটা কথা সুধিলা
ৰাতিৰ আকাশখন তুমি শেষবাৰ কেতিয়া দেখিছিলা ?
তৰালীৰ চাদৰৰ আঁৰৰ মৰমখিনি  যুগ আগেয়ে যাচিছিলা ?”
মোৰ মনত নাই জানানে
মই পাহৰি গৈছিলোঁ
এন্ধাৰ ৰাতিৰ সেই ক্ষণবোৰ,
যেতিয়া কালৰাত্রিয়ে বুকুত এসো্পা
মৰম লৈ পৃথিৱীক আকোৱালি ধৰিছিল,
তোমাৰ আঙুলিয়ে মোৰ সেমেকা চুলিত
কৰা জোনাকৰ সন্ধান ;
আৰু দূৰ আকাশৰ অপাৰ বিশালতাত 
আমি আমাৰ প্রেমৰ সীমা বিছাৰিছিলোঁ………
ডাৱৰবোৰে যেন চিনাকী-অচিনাকী বহু ৰূপ লৈ
আমাক আদৰণি জনাইছিল
মই সচাকে পাহৰিয়ে গৈছিলো
যে পাৰাপাৰহীন নীলিমাৰ সান্নিধ্যত 
এদিন তুমি মোক বহু প্রতিশ্রুতি দিছিলা;
মোক ভাল পাওঁ বুলি কৈছিলা,
এটি স্পর্শতে আহি থিতাপি
লৈছিলেহি বহু অনুৰাগে
মাজে মাজে হঠাতে দেখা এটি দুটি পপিয়া তৰা
আৰু মই চকুমুদি বিছৰা এটি সপোনৰ সার্থকতা..
আকাশো একাই, আমিও একেই,
আৰু সময় ?
সময়ে আজি হাঁহিছে
আকাশেও মিচিকিয়াইছে
কাৰণ সময় তাতেই আছে
ৰাতিৰ আকাশো আছে,
তুমি আৰু মইহে অলপ আঁতৰি আহিছোঁ ;
আহাঁচোন তুমি আজি মোৰ লগত,
আজি সন্ধ্যা আকৌ আমি আকাশখন চাওঁ ;
ঘাঁহনিডৰাত অলপমান জিৰাই লওঁ
আৰু মেঘৰ ৰেহ-ৰূপ চাওঁ
তুমি আৰু মই
আৰু সন্ধিয়াৰ আকাশ……

Comments

Popular Posts