তুমি লিখিবা


তুমি লিখিবা দেই..
আৰু মই পঢ়ি যাম
তুমি বর্ণনা কৰা সেই পর্বতৰ জীবনী…..
বানে মোক আকৌ ?
একা বেকা নৈখনে আনি দিয়া
মৰমবোৰৰ কথা
চিঠিখনৰ পৰা মৰমীৰ আবেগখিনি
ফুলৰ পাপৰি হৈ সৰি পৰা মূহুর্ত্তত
মই শুনিছিলো তোমাৰ নিৰব হুমুনিয়াহ,
বুজি পাওঁ, তুমি হয়তো কান্দিছিলা
চকুলোবোৰ শুকালে নে নাই গম নেপালো..
কিন্তু বাতৰিত শুনিছিলো তুমি
যুদ্ধলৈ যোৱা বুলি

গম পাইছিলা নে বাৰু?
আজি যে মাহিটিয়েও বৰ চিন্তা কৰি আছে..
দেউতাৰাই মৌনতাৰ আঁৰ লৈ
কপা-কপা হাতেৰে এগজ চাকি জ্বলালে গোঁসাই ঘৰত..

কোনোবা সৈনিকৰ ৰঙা তেজ 
হাতত যেতিয়া লাগিছিল
তুমি বাৰু সিয়ঁৰি উঠিছিলা নেকি?
আৰু শিৰৰ সেন্দুৰ মচি 
ভাঙি পৰা মানুহজনি দেখি
তুমি ভবিছিলা নে 
যদি মইওঁ হেৰাই যাওঁ?”

তুমি যে মোৰ আপোন,
স্বার্থপৰ হৈ উঠিছো মই..
কিন্তু তুমি আহিবা দেই
মোৰ ঘৰলৈ
আৰু বা মোক কথাবোৰ
ভাঙি-পাতি
মই শুনিম 
তোমাৰ কথা,
তোমাৰ মনতো বুজিম

এটা কথা মনত ৰাখিবা কিন্তু
তুমি মোৰ গৌৰৱ
তুমি আমাৰ সাহস
তুমিয়ে মনোবল, তুমিয়ে কৰা নিচিন্ত..
কিন্তু, ভালকৈ থাকিবা
আৰু মোৰ মৰমবোৰ
সাচি থবা যত্নৰে ।।

Comments

Popular Posts