লুইত আজি বলিয়া
অসমীৰ জীৱনধাৰা…লুইত আজি বলিয়া
ধেমাজীৰ মুহিকান্তৰ ঘৰ ধলত উটিল…
লগতে উটি গ’ল সৰু সৰু বহু পৰিকল্পনা
আৰু জীৱনৰ ডাঙৰ ডাঙৰ সপোনৰ আঁচনি…
মথাউৰি খহিলে…বন্যাই ললে তীব্র ৰূপ
মাজুলিৰ কাকলি বৰুৱাৰ বিয়াখন আৰু নহ’ব
বানে ৰভাখনৰ লগতে কাকলিৰৰ দেহাটোও লৈ গ’ল…
তাইৰ যু্গ্মজীৱনৰ সপোনবোৰ সিচৰিত হ’ল লুইতৰ বুকুত ।
আৰু শদিয়ালৈ গৈ কেঁচা পাতত লোণ বান্ধিবলে আমি নাজাওঁ..
আজি কমল শর্মাৰ চোতালত ক্ষুধাৰ বিননি,
লোণ, চাউল, তেল, সোপাকে গিলিলে মহাবাহুৱে…
কাজিৰঙাৰ গাভিনী গড়জনীৰ মৃতদেতো ওপঙি আছিল…
তাইৰ পোহৰ নেদেখা পোৱালিটিয়ে বাৰু
অলপ আগলৈকে উশাহ লৈ আছিল নেকি?
জলপ্ৰলয়ৰ সোঁতত পৃথিৱী দেখাৰ আগেয়ে সি গুচি গ’ল,
মহামিলনৰ তীর্থ আজি মৰিশালি…
ডিব্রুগড়ৰ বাঢ়নীপানীয়ে উটুৱাই নিলে
সোণালী ধাননিৰ সোণবোৰ…
অলঙ্কাৰ অবিহনা পথাৰবোৰ উকা,
ভেকুলীয়ে নতুন সমাজ পাতিছে তাত…
আৰু বসন্ত কাইৰ তিনিওটা পুতেকৰ
হাৰম’ণিয়ামৰ কী হেন লগা কামিহাড়কেইডালৰ চুকত
ভোকৰ ভেকুলীৰ টোৰটোৰণী শুনিছোঁ…
ব্রহ্মপুত্র…তুমি সচাকৈয়ে বহ্নিমান…
ভূপেন্দ্রৰ গানতো, অসমীৰ দেহতো…
প্লাৱনে আওখলা ধুবুৰীত তাণ্ডৱ দেখিছোঁ,
কি বিভৎস এই ৰূপ…
বুঢ়া লুইতক প্ৰত্যাহ্বান দি দি তুমিও ভাগৰি গ’লা নেকি
বিস্তীর্ণ পাৰৰ গায়ক ?
হয়তো নেমানে হাৰ ভয়াবহ জলাতন অনা
এই নদীয়ে…
সৃষ্টি-ধ্বংসৰ অহা যোৱা আৰু মহাবাহু…
একেটি আধলিৰ যেন দুটি পিঠি………

Comments
Post a Comment