মই ৰূপালীম
নতুন ঘৰটোৰ ড্রইংৰুমৰ খিৰিকীখন মেলি ৰূপালীমে বাহিৰৰ বতৰতোৰ উমান ল’লে । আজি পাঁচদিন ধৰি নেৰানেপেৰা বৰষুণ । সেমেকা-সেমেকা পৰিবেশত মাজে-মাজে মনটোও সেমেকি উঠে ৰূপালীমৰ ।বৰমুহি যোৱা দুখনমান পুৰনা গামোছা তাই হাতত বুটলি ল’লে । সেইকিখন পাকঘৰত ব্যবহাৰ কৰিব পৰা যাব চিফা-চিকুন কৰৰ কামত ।তিনি-চাৰিদিন ধৰি নুশুকুৱা টাৱেলখনৰ ভেকেটা-ভেকেট গোন্ধটো বৰ অসহ্য লাগে তাইৰ ।টাৱেলখন বাৰান্দাৰ কাপোৰ মেলা স্টেণ্ডডালতে মেলি দিলেগৈ ।ঘৰটোত সোমোৱা মাত্র এসপ্তাহ হৈছে সিহঁতৰ; ‘সিহঁত’ মানে ৰূপালীম, তাইৰ গিৰিয়েক চিন্ময় চৌধুৰী, জীয়েক তন্মা আৰু পুতেক সমীৰ ।অহাৰ দুদিন পিছৰ পৰাই যিহে পেনপেনীয়া বৰষুণ আৰম্ভ হ’ল, আজি মাত্র এছেৰেঙা ৰ’দে অলপ সকাহ দিছেহি ।
ৰূপালীম চৌধুৰী সফল ব্যৱসায়ী চিন্ময়ৰ ঘৰৰ লক্ষী ।২৪ বছৰ আগেয়ে যেতিয়া সিহঁতৰ বিয়া হয়, তেতিয়া চিন্ময়ৰ নিজৰ বুলিবলে স্কুটাৰখন আৰু প্রেছৰ সৰু চাকৰিটোৰ বাহিৰে একো নাছিল ।ডিগবৈৰ চৰকাৰী কেৰাণী প্রশান্ত ভৰালীৰ কনিষ্ঠা জীয়ৰী ৰূপালীমক চিন্ময়ে দেখিছিল লগৰ বিপুল গগৈৰ বিয়াত ।বিপুল ৰূপালীমহঁতৰ সম্বন্ধীয়া ।মাতে-কথাই দেখাই-শুনাই সর্বগুণসম্পন্না ৰূপালীমক দেখিয়ে চিন্ময়ে মনে-মনে ঠিৰাং কৰিছিল যে সি তাইক নিশ্চয়ে বিয়াৰ প্রস্তাব দিব, আৰু তাৰ বিশ্বাস যে তাই তাৰ প্রস্তাব মানি ল’ব । আৰু সচাঁকৈয়ে চাৰিদিনৰ পিছত সি বিবাহৰ কথা আগবঢ়াবলৈ গৈ প্রশান্ত ভৰালীৰ ঘৰ ওলাইছিলগৈ ।ৰিটায়াৰ কৰাৰ পিছত ভৰালীৰ আর্থিক অৱস্থা অলপ তথৈবৈছ হৈ আছিল । তিনিজনী জীয়েকৰ বিয়া পাতি প্রশান্ত ভৰালী ৰূপালীমৰ বিয়া পতাৰ অৱস্থাত নাছিল ।চিন্ময়ৰ প্রস্তাব পাই তেওঁ হাততে সৰগ ঢুকি পোৱা যেন পালে ।এমাহৰ ভিতৰতে তাহাঁতৰ বিয়া হৈ গৈছিল ।নিজৰ সকলো শক্তি, ধৈর্য্য ৰূপালীমে চিন্ময়ৰ ঘৰত আৰু নিজৰ সংসাৰত ঢালি দিছিল ।আৰু অতি সোনকালে চিন্ময়ৰ স্কুটাৰখনৰ ঠাইত মাৰুতিখন, আৰু আজি বি এম ডব্লিউখন আহিল ।দুটা কোঠালিৰ ভাড়াঘৰৰ পৰা ফ্লেটটো, আৰু ফ্লেটটোৰ পৰা সিহঁতৰ এই চাৰিটা বেডৰুমৰ ৩০০০ স্কোৱেৰ ফিটৰ ঘৰটো; আঢ়ৈ দশকৰ এই যুগ্মজীৱনত ৰূপালীমে পদে-পদে চিন্ময় আৰু তন্মা-সমীৰৰ সকলো দায়িত্ব গাত পাতি লৈছিল ।ৰন্ধা-বঢ়া, স্কুলৰ প্রজেক্ট, হ’মৱর্ক; চিন্ময়ৰ বিজনেছ পার্টনাৰসকলৰ আলপৈচান, চাকৰ-নাকৰৰ হিচাপ-কিতাপ, সা-সম্বন্ধীয়াৰ বিয়া, অণ্ণপ্রাশণ, শ্রাদ্ধ, সবাহ, নাম, ইত্যাদি সকলো নিয়াৰিকৈ ৰূপালীমে চলাই নিলে ।আজি ২৩ বছৰীইয়া তন্মা আমেৰিকান কোম্পেনী এটাত অভিযন্তা, আৰু সমীৰে আই আই এম আহমেদাবাদত এম বি এ ফার্ষ্ট ইয়েৰত ।এসময়ত ইংৰাজীত ১০০ৰ ভিতৰত ৪২ পোৱা ৰূপালীমে আজিকালি সলসলীয়া ইংৰাজী ক’ব আৰু লেখিব পাৰে; কপাহী মেখেলা-চাদৰৰ ঠাইত ৪৮ বছৰীইয়া মিছেছ চৌধুৰীয়ে চিফনৰ ডিজাইনাৰ শাড়ী আৰু হাছ-পাপিজৰ হাই-হিল পিন্ধি চিন্ময়ক গৌৰাম্বীত কৰে ।চিন্ময় সুখী হয়; মানুহৰ আগত ৰূপালীমক পত্নী হিচাবে চিনাকি দি ভাল পায় ।তন্মাৰ বয়-ফ্রেণ্ড ৰুবেনে ৰূপালীমক ‘মধুবালা’ বুলি মাতে; অহা বছৰ জানুৱাৰীত সিহঁতৰ বিয়া ।
ৰূপালীমে ভাবে যে তাই সন্তুোষজনক ভাবে জীৱনৰ দায়িত্ববোৰ পুৰা কৰিলে । দেউতাকে চিন্ময়ৰ লগত বিয়াৰ পৰত তাইক কোৱা কথাষাৰ তাই আখৰে-আখৰে পালন কৰিছে; প্রশান্ত ভৰালীয়ে কৈছিল “ তই চিন্ময়ৰ সকলো দোষ-গুণ আপোনাই ল’বি মা ।ল’ৰাটো ভাল, কষ্ট কৰাৰ ক্ষমতা থকা । মিলি-জুলি থাকিবি, সকলো কথা মানিবি ।” তাকে কৰিলে ৰূপালীমে । বৈ পৰা দীঘল চুলিকোছা চিন্ময়ে ‘গাৱলীয়া’ যেন দেখি কাটিবলৈ কোৱাৰ দিনাই তাই ‘বিউটি পাৰ্লাৰ’ গৈ কাটি পেলালে ।মেখেলা-চাদৰ বেয়া পোৱা গিৰিয়েকক ভাল লগাবলৈ জীন্চ-টি চার্ট পিন্ধা আৰম্ভ কৰিলে । সঙ্গীত চর্চা কৰা ৰূপালীমে গান গোৱা বাদ দিলে-চিন্ময়ৰ ভাষাত ‘বজৰুৱা’ যেন লাগে হেনো গান-চান গালে; বিজনেছ পার্টনাৰ নুৰুল আহমেদৰ দ্বিতীয় পত্নী মবিনাৰ লগত চিন্ময়ৰ সম্বন্ধৰ কথা মানুহে কওঁতেও ৰূপালীমে চিন্ময়ক দুবাৰমান সোধোতে সি ‘একো নাই’ বুলি কওঁতে ৰূপালীমে তাক বিশ্বাস কৰিছিল ; তাই গিৰিয়েকক কোৱা নাছিল যে বহুবাৰ তাই চিন্ময় আৰু মবিনাক নেদেখিব লগীয়া জেগাত দেখিছে, বহুবাৰ চিন্ময়ে তাই “মিটিংৰ পৰা আহিছোঁ” বুলি মিছা মাতিছে ।বহু ভাবি-গুণি ৰূপালীমে ঠিৰাং কৰিলে যে আজি তাই চিন্ময়ৰ লগত অলপমান জৰুৰী কথা পাতিব ।
গধূলী ৮ বজাত চিন্ময় ঘৰ পালেহি ।ৰূপালীমে চিন্ময়ৰ ‘ফেভাৰেট ফ্লেভাৰ’ৰ ‘গ্রীণ টি’ একাপ আনি যাচিলেহি ।তাই নিজে একাপ কাঢ়া চাহ ল’লে ।ৰূপালীমে ‘গ্রীণ টি’ বেয়া পায় ।কিবা দৰব-দৰব লাগে তাইৰ ।চিন্ময়ে ক’লে, “আজি বজাৰৰ পৰা লাগতীয়াল বস্তুবোৰ আনিলানে? দুদিন পিছত ৰুবেনৰ মাক-দেউতাক অষ্ট্রেলিয়াৰ পৰা আহিব । ভালকৈ সোধ-পোছ নকৰিলে ডাঙৰ কথা হ’ব ।তুমি আকৌ তোমাৰ জলপান,মুড়ীঘণ্টৰ কাৰবাৰ নকৰিবা ।কন্টিনেন্টেল মেনু হ’ব, আৰু অর্ডাৰ কাইলে ৰাতিপুৱাই দি দিবা ।মই নিবিছাৰোঁ যে তোমাৰ মিডিল ক্লাছ মেন্টেলিটিৰ বাবে তন্মাৰ বিয়াখনত কিবা বাধা আহে ।বুজিলা?”
ৰূপালীমে মনে-মনে শুনি গ’ল ।একো মন্তব্য নিদিলে ।তাই জানে যে তাই এতিয়া যি ক’বলে ওলাইছে, সেই কথা শুনাৰ পিছত চিন্ময়ে কেনেকৈ ‘ৰিইয়েক্ট’ কৰিব । চাহৰ কাপটো চেন্টাৰ টেবুলখনত থৈ তাই ৫২ বছৰীয়া গিৰিয়েকটোক ভালকৈ চালে ।অচিনাকী যেন লাগিল চিন্ময়ক ৰূপালীমৰ ।বছৰবোৰ বাগৰাৰ লগে-লগে মানুহটোৰ নতুন নতুন ৰূপ দেখিছে তাই । আজি কোটি টকাৰ মালিক চিন্ময় চৌধুৰী পইছাৰ নিচাত মাতাল ।ভাল-বেয়া সকলো যেন নির্ভৰ কৰে টকা থকা-নথকাৰ ওপৰত ।দীঘলকৈ উশাহ এটা লৈ তাই পাতনি মেলিলে “মোৰ এটা কথা ক’ব লগীয়া আছে ।বহু দিনৰ পৰা ক’ম ক’ম বুলি আছোঁ ।তুমি বুজিবা বুলি আশা কৰোঁ ।”
চিন্ময়ে ৰূপালীমলৈ চাই ক’লে “সোনকালে কোঁৱা, মই নুৰুলৰ তালৈ যাব লাগে ।কাম এটা আছে ।”
তাই ক’লে, “মই অহা মাহৰ পৰা ঘৰতে গানৰ ক্লাছ আৰম্ভ কৰিব খুজিছোঁ ।বাহিৰৰ ফালৰ ৰুমটো এনেয়ে পৰি থাকে । তন্মাও লাহেকে যাবগৈ । তুমিতো ব্যস্ত হৈ থাকা ।সমীৰো নাই ঘৰত ।মই কেইটামান ল’ৰা-ছোৱালীক গান শিকাম ।সময়বোৰো পাৰ হ’ব, মোৰো ভাল লাগিব ।”
অলপ সময় চিন্ময় নিৰুত্তৰ হৈ থাকিল । তাৰ পিছত লাহেকৈ ক’লে “ভিক্ষাৰী বাপেৰে তোমাক মোৰ ডিঙিত বান্ধি দি সকাহ পালে । ভৰালীয়ে পেট পুৰাবলৈ জীয়েকক বজাৰত গান গোৱাই পইছা গোটাইছিল, কিন্তু চিন্ময় চৌধুৰী বজৰুৱা নহয় ।তোমাৰ খাবলে নাই নে পিন্ধিবলে নাই? এই আধাবুঢ়ী বয়সত গানৰ কি জক উঠিলে ? চিন্ময় চৌধুৰীৰ পৰিবাৰ হৈ তুমি এতিয়া কেইটামান টকাৰ কাৰণে গান শিকাবা ?তন্মাৰ বিয়াখন আগত; তুমি জীয়েৰৰ শহুৰৰ ঘৰৰ মানুহৰ আগত গান-বাজনা কৰাৰ প্লেন কৰিছা নেকি? ফাল্টু কথা বাদ দিয়া, মই আহোঁ নুৰুলৰ ঘৰৰ পৰা ।ভাত পানী খাই শুই থাকিবা ।মই খাই আহিম ।”
দুৱাৰখন জোৰকৈ মাৰি গপ-গপাই ওলাই যোৱা চিন্ময়লৈ ৰূপালীমে চাই ৰ’ল ।তাই জানিছিল যে তাৰ উত্তৰ এনেকুৱাই হ’ব ।কিন্তু হ’লেও অলপ আশা কৰিছিল যে চিন্ময়ে বুজিব ।চকুৰ পৰা বাগৰি অহা চকুপানী দুটোপাল ৰূপালীমে লাহেকৈ মছিলে । আজি বৰষুণজাক নাই ।কিন্তু ৰূপালীমৰ মনৰ ধুমুহাজাক আজি অতি প্রবল ।বহু কথা চিন্তা কৰিছে ৰূপালীমে ।
চল্লিছ গৰকা মানুহজনী যেন নৱযৌৱনা হৈ উঠিল ।মস্ত ঘৰটোৰ দামী আচবাববোৰৰ মাজত আজি যেন ৰূপালীমে নিজৰ চিনাকী বিছাৰি হাবাথুৰি খাইছে ।ৰূপালীম ভৰালী নে তাই ৰূপালীম চৌধুৰী ? নে চিন্ময়ৰ দামী ঘৰৰ মাথো এটি দেখনীয়াৰ আচবাব ? তন্মা-সমীৰৰ মাক নে অকল তাই? সিহঁত দুটায়েতো ৰূপালীমক মানুহ বুলি গ্রাহ্যই নকৰে ।বাপেকৰ পইছা আৰু বন্ধুবর্গতে সিহঁতৰ জীৱন সীমাবদ্ধ ।মাকৰ বাবে সময় নাই তাঁহাতৰ ।
পুৱতি নিশা ৰূপালীম উঠি বহিল । আথে-বেথে থৈ দিয়া কপাহী মেখেলা-চাদৰ কেইযোৰ আলমাৰীৰ পৰা ওলিয়াই বেগটোত ভৰালে ।চিন্ময় আহি পোৱাহিয়ে নাই । অতি স্পষ্টকৈ লিখা চিঠিখন তাই ডাইনিঙ-টেবুলৰ ওপৰতে পেপাৰ-ৱেটটো দি থ’লে ।
তাইৰ নামত “ৱীল” কৰি যোৱা প্রশান্ত ভৰালীৰ ডিগবৈৰ ঘৰটো অলপ মেৰা-মতি কৰাব লাগিব ।ভলভ’ বাছখনৰ খিৰিকীৰ কাষৰ চিটটোত বহি ৰূপালীমে তাই গাত পৰাহি এছেৰেঙা কোমল ৰ’দৰ মিঠা উত্তাপ অনুভব কৰিলে ।তাইৰ মুক্ত মনত আজি ৰাগ মল্হাৰৰ গুণ-গুণনি ।
মবিনাৰ কাষৰ পৰা আহি চিন্ময় যেতিয়া ঘৰ সোমায়, ৰূপালীম তেতিয়া নগাওঁ পাৰ হৈছে ।ডাইনিঙ-টেবুলৰ ওপৰত নীলা খামটো দেখি চিন্ময়ৰ অলপ কৌতুহল হ’ল; সি খামটো খুলিলে ।
ৰূপয়ালীমৰ স্পষ্ট গোট-গোট আখৰ কেইটি চিন্ময়ে পঢ়ি্লে, “ I do not want to be a wayside flower, plucked after work in an idle hour…………”
Comments
Post a Comment