মাজে মাজে তুমিও আবেগিক হ'বাচোন
সোঁৱৰণীৰ দাপোনত সাঁচি থোৱা মোৰ চিনাকী এখন পৃথিৱীৰ ছবি…
মোৰ শৈশৱৰ, মোৰ কৈশোৰৰ ভিন্নৰঙী তুলিকাখনৰ ধুলিবোৰ
আঁতৰাই মই স্মৃতিৰ টুকুৰাবোৰ তোমাক দেখুৱাব খুজিছিলোঁ…
কুতুব মিনাৰ আৰু লাল-কিলাৰ ৰঙা বেৰবোৰত বহু সন্ধিয়া মই
অকলে চলাথ কৰিছিলোঁ বিশ গৰকা মোৰ নৱ যৌৱনৰ বহু অলেখিত কবিতা
আৰু অপ্রকাশিত অনুভবৰ ঠিকনা,
অচিনাকী যমুনাখনৰ বুকুত মই মাজে মাজে
লুইত, মানাহ আৰু ডিখৌৰ ঢৌবোৰ বিছাৰিছিলোঁ…
মোৰ বৰ্ত্তমানত মোৰ পৰিচয় আৰু মোৰ মনোভাব -
যেন প্রতিচ্ছবিহে মাথো - মোৰ অতীতৰ, মোৰ সপোনবোৰৰ…
কেতিয়াবা ঘূৰি যাওঁ পাহৰণিত হেৰাই যাব খোজা
মোৰ মৰমৰ পাহাৰবোৰৰ বুকুলৈ,
অতীতৰ সেউজীয়াবোৰ এতিয়া যেন অলপমান অচিনাকী ,
প্রতিবাদ আৰু বিপ্লবৰ উৎস মোৰ চেনেহৰ নদীখনো
যেন ৰীতিসন্মতভাবে আজিকালি গহীন-গম্ভীৰ…
দীঘল পদুলীৰ চিহ্ন নাই আজি মোৰ পুৰণি চুবুৰীটোত -
আছে মাথো সুউচ্চ এপাৰ্টমেন্টবোৰৰ ক’লা ছাঁবোৰ…
মাৰ যোৱা বেলিটিয়ে হেঙুল আভাৰে আছন্ন কৰা গধূলীবোৰত
মই আজিও বিছাৰোঁ অতীতৰ প্রতিবিম্ব…
তুমি হয়তো ভাবা যে মই মৰিচিকা খেদি নিৰাশ হ’ম ;
কিন্তু জানানে?
কিমান যে মাদকতা, কিমান যে পৰিতৃপ্তি
এই ৰোমন্থনবোৰত…
অত্যাধুনিক মোৰ বৰ্ত্তমানৰ কিছুমান ধূসৰ কেঁকুৰিত মই অপ্ৰত্যাশিতভাবে
লগ পাওঁ সৌ তাহানিতে এৰি অহা বহু অনুষঙ্গীক,
ৰিণি-ৰিণি মনত পৰে মোৰ বহু সৰু বৰ কথা,
সৰল শৈশৱৰ সহজ আশাবোৰৰ ৰেঙনিয়ে মোক আমনি কৰে,
ত্রিশৰ দেউনা পাৰ কৰা মোৰ জীৱনে অকণমান বিৰতি লয় প্রতিদিনৰ যুদ্ধখনৰ পৰা…
মনটো উৰি যায় ঘৰিয়াল-পানী খেলা আবেলিবোৰলৈ,
হেতালি খেলৰ শিলগুটিকেইটাত বিছাৰি পোৱা আত্মসন্তোষ্টিৰ দুপৰীয়াবোৰলৈ ;
কলেজৰ প্রথম দিনটোৰ উদ্বিগ্নতাবোৰে মোক ছুই যায় আজিও
নীলা পাহাৰৰ কোঁচত উমলি থকা মেঘবোৰৰ ভাঁজত
আজিও মই দেখোঁ কিছুমান সোণালী ৰূপালী সপোনৰ ছবি…
তুমি মোক আবেগিক বুলি কোৱা -
মাজে মাজে তুমিও আবেগিক হ’বাচোন !!

Comments
Post a Comment