চিনাকী

বহু দিন, বহু ৰাতি, বহু ক্ষণ, বহু যু্,
মই খোজত খোজ মিলাই আগুৱাইছিলোঁ
কেতিয়াবা হাঁহিৰে, কেতিয়াবা চকুলোৰে,
কেতিয়াবা আবেগৰ ৰঙা-নীলা ভাষাৰে
মই অবুজন কিছুমান মুহূৰ্ত্তক
বুজনি দিছিলোঁ
নিচুকাইছিলোঁ নিৰব অভিযোগবোৰক,
সান্তনা দিছিলোঁ মৌন বেজাৰবোৰক
এদিন ৰবাত বাট হেৰুৱাইছিলোঁ
নিজকে বিছাৰি গৈছিলোঁ -
চলাথ কৰিছিলোঁ চিনাকী পাহাৰত,
ফঁহিয়াই চাইছিলোঁ বননিৰ বুকু,
নিজকে বিছাৰিলোঁ কাৰোবাৰ চাৱনিত,
আকাশে বতাহে নাই মোৰ ঠিকনা,
 লুকালে মোৰ চিনাকী ?
তুমিও নোৱাৰা আনিব বিছাৰি
ভাগৰি-জুগৰি এপলক বহি
ভৰ দুপৰীয়া নিজৰ ছাঁটি দেখি
বুজিলোঁ হঠাতে কথা এফাঁকি
মই নিজেই বিছাৰিব লাগিব নিজৰ চিনাকী ।।

Comments

Popular Posts