তোমাৰ সৈতে বহিছিলোঁ, শাওণৰ এটি পুৱা........

তোমাৰ সৈতে বহিছিলোঁ, শাওণৰ এটি পুৱা
কৃষ্ণচূড়াজোপাৰ ছাঁত,
ফুলা নাছিল ৰঙা ফুলবোৰ কৃষ্ণচূড়াৰ…..
কিন্তু তোমাৰ কবিতাৰ ৰক্তিমাই সেন্দুৰী কৰি তুলিছিল 
শাওণৰ এটি পুৱা…..
মোৰ কোচত সৰি পৰে সৰু সৰু সেউজ পাতবোৰ
যেন অপৰিসীম মৰমেৰে ওপচাই দিছা মোৰ পৃথিৱী..
আমৰলি পৰুৱাৰ লানিয়ে যেন সপোনৰ কথা কয়,
আঁতৰত ৰৈ থকা ঘৰচিৰিকা দুটাই যেন ভবিষ্যতৰ পৰিকল্পনাবোৰক
ৰেহ-ৰূপ দিয়াত ব্যস্ত..
শাওণ যদিও আকাশ ফৰকাল….
নীলাভ অঙ্গীকাৰ, নীলা চেতনা,
মোৰ মনৰ নীলিমাত মেঘ মেঘ যেন লগা
তোমাৰ চেনেহৰ ঢৌ………
মন ভৰি যায় বহু আশাৰে
কিছুমান আকাংক্ষাৰে……
শাওণ নে ভাদ নে অন্য কোনো মাহ
মই ৰখা নাই হিচাপ,
আৰু মই চোৱাও নাই মুৰ তুলি যে
মোৰ জীৱনৰ কৃষ্ণচূড়াজোপাত ফুল আছেনে নাই
কিয় জানানে তুমি ?
তোমাৰ আগমনে লৈ আনে মোৰ জীৱনলৈ 
কৃষ্ণচূড়া ফুলৰ ৰঙা ৰং,
মেঘে মেঘে সানি যায় তোমাৰ কথাবোৰে 
প্রতিশ্রুতিৰ বৰণ,
আঁকি দিয়া তুমি কবিতাৰে বতাহত নানাৰঙী সপোনৰ ছবি,
ঢালি দিয়া অনুভূতিৰ পৰশ বাৰিষাৰ এচাৰকনিত……

Comments

Popular Posts