সপোন

তুমি আৰু মই কিয় পাতোঁ সপোনৰ কথা ?
আলাসৰ চাংখনি সৰি পৰাৰ ভয় হয় মোৰ

তোমাৰ পদুলীতে যবনিকা পৰিব মোৰ যাত্ৰাৰ,
কিন্তু বাটৰ সন্ধান নেপাওঁ মই ..
মই খোজ দিয়া একা-বেকা বাটটো মিলি যায়
এক মণিব নোৱাৰা গন্তব্যস্থানৰ বুকুত,
মই দিশহাৰা হওঁ ….

চৌপাসে বিছাৰোঁ কোনোবা স্থাপত্যবিদৰ সৃষ্টিক ;
এনে এটি কীৰ্ত্তিস্তম্ভ 
 মোৰ জীৱনৰ লয়ে তোমাৰ পৃথিৱীতো 
অনুভৱৰ লহৰ আনিব
চিকুন চোতালৰ সেউজ ঘাঁহনিত
বহি  আমি,
কেতিয়াবা বাস্তবৰ গুণা-গঁথা কৰিম,
কেতিয়াবা সপোনৰ কবিতা লেখিম 

আবেগৰ আহ্বানত হয়তো সপোনো থমকি  -
বোলাই যাব দিঠকৰ তুলিকাত অকণমান আবিৰ,
কৈ যাব মোক ইন্দ্রধেনুৰ আগমনৰ কথা,
সপোন আগুৱাব
একা-বেকা বাটটোৰে,
আৰু বাটটো মিলি যাব
এক মণিব নোৱাৰা গন্তব্যস্থানৰ বুকুত
সপোনৰ সিপাৰৰ পৃথিৱীখনত 
হয়তো আছে আৰু এটি বাস্তৱৰ আলিবাট;
সেই বাটে মোক লৈ যাব নেকি
তোমাৰ চুবুৰীলৈ ?
নে সপোন মাথো নিশাৰ হে প্রেমিক ?
সেয়েহে মাজে মাজে মই ভাবোঁ-
তুমি আৰু মই কিয় পাতোঁ সপোনৰ কথা ?

Comments

Popular Posts