ৰঙা নদী নে নীলা নদী ?
ৰঙা নদী নে নীলা নদী ?
মনিব নোৱৰিলো…
ৰঙা কিম্বা নীলা নদীৰ মণি মুকুতা
সোপাকে যেন বুটলি উজাৰি দিলো..
গধূলী গধূলী যেন লগা সৌ আকাশত…
কিন্তু অকলশৰীয়া টুলুঙা নাৱঁখন চিনাকী..
ৰিণিকি ৰিণিকি ভাহি অহা নাৱঁৰীয়াৰ গানৰ কলি
শুনিছা জানো তুমি?
আৰু ব্যস্ততাৰে পৰিপূর্ণ তোমাৰ দিনবোৰত
শুনানে হঠাতে সেই নিবিড় গধূলীৰ
চিনাকী সুৰ?
নতুবা সেমেকা ৰাতি বৰমুঁহি যোৱা
তোমাৰ মোৰ শুকুলা সপোনবোৰৰ মলিয়ন ৰূপে
সোপা মাৰি ধৰেনে তোমাক ?
নোকোৱা মোক তুমি, মই জানো
অথচ্ ৰৈ থাকো
ৰঙা বা নীলা নদীৰ নিমাওঁ মাওঁ পাৰত…
এবুকু বেদনা আৰু দুচকুত এজাক বৰষূণ লৈ
অচিনাকী নাৱঁৰীয়াৰ চিনাকী বঠাৰ লয়ত
যানোচা শুনো তোমাৰ বুকুৰ স্পন্দন ।
বাৰু, তুমিতো দূৰণিৰ মানুহ আজি…
ভাবানে তুমি?
যেতিয়া ৰোদসীয়ে মেঘৰ ওৰণি লৈ
নামি আহে ৰঙা বা নীলা নদীৰ কাষলৈ…
ভাবানে?
যদি বিবেক আৰু আবেগৰ যুজঁত
তুমি কাপুৰূষ আৰু মই অধৈর্য্য নহ’লোহেঁতেন
আজি তুমি তুমি আৰু মই মই নহ’ই
আমি আমি হ’লোহেঁতেন।
এদিন ঘাহঁনিডৰাৰ সেউজ দলিচাত বহি
তোমাক কাষতে বহাই মই ক’ম….
আকাশে বৰণ সনা লুইত, থেম্চ্ বা নাইলৰ কথা…
শুনাম সেই অচিনাকী নাৱঁৰীয়াৰ গীতটি…
ক’ম তোমাক, যে দেখিছিলোঁ মই
ষ্ট্রীট্ লাইটৰ শেতা পোহৰত
বহু যুগ আগেয়ে তোমাৰ চলচলীয়া চকুযুৰি..
মনতে সমৰি লৈ যাবা কথাবোৰ….
এদিন সময় পালে এটা কবিতা ৰচিবা…
নহ’লে লেখিবা এখনি নাট…
ৰঙা বা নীলা নদীৰ পাৰৰ ভাষাৰে…
আৰু নিৰবতাৰ মাদকতাৰে………
মনিব নোৱৰিলো…
ৰঙা কিম্বা নীলা নদীৰ মণি মুকুতা
সোপাকে যেন বুটলি উজাৰি দিলো..
গধূলী গধূলী যেন লগা সৌ আকাশত…
কিন্তু অকলশৰীয়া টুলুঙা নাৱঁখন চিনাকী..
ৰিণিকি ৰিণিকি ভাহি অহা নাৱঁৰীয়াৰ গানৰ কলি
শুনিছা জানো তুমি?
আৰু ব্যস্ততাৰে পৰিপূর্ণ তোমাৰ দিনবোৰত
শুনানে হঠাতে সেই নিবিড় গধূলীৰ
চিনাকী সুৰ?
নতুবা সেমেকা ৰাতি বৰমুঁহি যোৱা
তোমাৰ মোৰ শুকুলা সপোনবোৰৰ মলিয়ন ৰূপে
সোপা মাৰি ধৰেনে তোমাক ?
নোকোৱা মোক তুমি, মই জানো
অথচ্ ৰৈ থাকো
ৰঙা বা নীলা নদীৰ নিমাওঁ মাওঁ পাৰত…
এবুকু বেদনা আৰু দুচকুত এজাক বৰষূণ লৈ
অচিনাকী নাৱঁৰীয়াৰ চিনাকী বঠাৰ লয়ত
যানোচা শুনো তোমাৰ বুকুৰ স্পন্দন ।
বাৰু, তুমিতো দূৰণিৰ মানুহ আজি…
ভাবানে তুমি?
যেতিয়া ৰোদসীয়ে মেঘৰ ওৰণি লৈ
নামি আহে ৰঙা বা নীলা নদীৰ কাষলৈ…
ভাবানে?
যদি বিবেক আৰু আবেগৰ যুজঁত
তুমি কাপুৰূষ আৰু মই অধৈর্য্য নহ’লোহেঁতেন
আজি তুমি তুমি আৰু মই মই নহ’ই
আমি আমি হ’লোহেঁতেন।
এদিন ঘাহঁনিডৰাৰ সেউজ দলিচাত বহি
তোমাক কাষতে বহাই মই ক’ম….
আকাশে বৰণ সনা লুইত, থেম্চ্ বা নাইলৰ কথা…
শুনাম সেই অচিনাকী নাৱঁৰীয়াৰ গীতটি…
ক’ম তোমাক, যে দেখিছিলোঁ মই
ষ্ট্রীট্ লাইটৰ শেতা পোহৰত
বহু যুগ আগেয়ে তোমাৰ চলচলীয়া চকুযুৰি..
মনতে সমৰি লৈ যাবা কথাবোৰ….
এদিন সময় পালে এটা কবিতা ৰচিবা…
নহ’লে লেখিবা এখনি নাট…
ৰঙা বা নীলা নদীৰ পাৰৰ ভাষাৰে…
আৰু নিৰবতাৰ মাদকতাৰে………
Comments
Post a Comment