মই এটা পপিয়া তৰাৰ জীৱনী লেখিলোঁ...

প্রাণদায়ী কোনো মাতৃৰ কাহিনীৰ বিশ্লেষণ কৰিছিলোঁ মই,
প্রতি বেশতে জননী অতুলনীয়
চিয়াঁহী, কলম নতুবা কাগজৰ নাটনি নাছিল -
অভাৱ অনুভৱ কৰিছিলোঁ মই যথোপযুক্ত কিছু আবেগৰ….

প্রতাৰিত হোৱা এজনী সৰল প্রেমিকাৰ অকৃত্ৰিম অনুভূতিখিনিক
উপন্যাসৰ পৃষ্ঠাত বিছাৰিছিলোঁ মই,
কিন্তু তাইৰ ব্যৰ্থ অপেক্ষাৰ অপ্রকাশিত কাৰুণ্যক
শব্দৰে প্রকাশ কৰিবলৈ বহু চৰ্চিত লেখকজনো অপৰাগ হোৱা মই দেখিছিলোঁ,
যেন এটি মিঠা কবিতাৰ বাবে উপযুক্ত সুৰৰ চলাথত মই হাবাথুৰি খাইছিলোঁ

ৰাতিৰ লা বুকুত জোনৰ শুভ্র জোনাকখিনিয়ে 
আলফুল মাদকতাবোৰ সিঁচি দিয়া প্রত্যক্ষ কৰিছিলোঁ,
সময়ৰ কিছুমান আপুৰুগীয়া মুহূৰ্ত্তৰে স্মৃতিৰ তুলিকাত
মই ৰঙীন ছবি অঁকাৰ চেষ্টা কৰিছিলোঁ,
ৰঙবোৰ মই ৰপৰা বুটলি আনিছিলোঁ মোৰ মনত নাই,
কিন্তু সেই ছবিখনৰ সাৰমৰ্ম মই হৃদয়ঙ্গম কৰিবলৈ অক্ষম হৈছিলোঁ…..

অগণন বিষয়-বস্তুত, অলেখ ব্যক্তিত্বত আৰু প্রকৃতিৰ অলেখ সৃষ্টিত মই
জীৱনৰ প্রেৰণা বিছাৰি চালোঁ,
আকাশৰ নীলাত, পৰ্বতৰ চূড়াত,
সাগৰৰ বুকুত, অৰণ্যৰ গভীৰতাত
তো নেপালোঁ মই মোৰ প্রশ্নৰ উত্তৰ
সেয়েহে পৰম্পৰাগত আস্পদবোৰ কাটি কৰি 
মই এটা পপিয়া তৰাৰ জীৱনী লেখিলোঁ… 

Comments

Popular Posts