সাৰ পাই উঠিল মোৰ নিস্তব্ধ নিশা

সাৰ পাই উঠিল মোৰ নিস্তব্ধ নিশা

আৰু অকণমান নিবিড় আবেগে আহি ছুই  

হিয়াৰ গুপুত পৃথিৱী……..

নৈতিকতাৰ সীমা কিয় বাৰু পাহৰিবলে মন গৈছে আজি?

মইতো নহয় নৱযৌবনা গাভৰু,

নাই মোৰ উন্মত্ত মনত প্রথম প্রেমৰ আসক্তি….

বহাগৰ বলিয়া বতাহে নকৰে মোক উন্মনা,

খৰিকাজাঁইৰ সুবাসে জোনাক ৰাতি নকৰে মতলিয়া

মই শিলেৰে গঢ়িছিলো দুর্গ চাৰিওকাষে,

মোৰ নিৰ্লিপ্ততাৰ সীমান্ত আজি দেখোন অস্পষ্ট

মোৰ কোঠালিল মুক্ত বৰ চাঙেৰে সোমাই আহিছে এখনি অনুৰাগৰ নদী,

উতুৱাই লৈ যায় মোক

কাহানিও নেদেখা, কেতিয়াও নুশুনা নিৰতিৰ বুকুলৈ……

মই স্তব্ধ হৈ ৰওঁঅভিভূত হৈ চাই আছোঁ জীৱনৰ এই নতুন পৰিক্ৰমা,

আৰু বুজিও অবুজন হোৱাৰ এটি অব্যক্ত আমেজে আহি

আবৰি ধৰিছেহি মোক

মই যেন এক নতুন অনিৰূদ্ধৰ ঊষা আজি,

মই যেন মেনকা কোনো কলিযুগৰ বিশ্বামিত্রৰ

মই যেন হওঁ এটি আধাসঁজা মূর্ত্তি কোনো অজ্ঞাত তক্ষকৰ,

বা  পাৰা মোক তুমি এখন আধৰুৱা ছবি, অজানা চিত্রকাৰৰ………

নুবুজো মই এই উদ্ভ্ৰান্তি, নামানো মই আনে অঁকা অৱধি,

হয়তো মই হেৰায় যাম অচিনাকী গহ্বৰত..

কিন্তু আজি নাই আন একো সমিধান,

মই আজি নীলিমাৰ সান্নিধ্যত

এখন সাগৰৰ অপেক্ষাত……. আহিবানে তুমি ?

Comments

Popular Posts