তই মোৰ...

তই আকাশৰে ৰং সান’ 
বা সাগৰতে উটি যাৱ,
বতাহতে উৰি ফুৰ’ 
বা ফুলৰ সুবাসতে মিলি ৰৱ,
মই অলপো বেয়া নাপাওঁ….
কাৰণ প্রতি পুৱা সুৰুজৰ ৰশ্মিবোৰ নৈৰ নীলা পানীত সৰি পৰাৰ আগেয়ে
মোৰ অনুভবৰ পৰশে তোক স্পৰ্শ কৰি আহে

তোক কিমানে আৰাধনা কৰে,
কিমানে পুষ্পাঞ্জলী যাচে,
কতনা দেবদাসীয়ে তোৰ পূজাৰ নিৰ্ম্মালী শিৰত লয়,
মই তাৰ হিচাপ নাৰাখোঁ….
কাৰণ দোকমোকলিতে বেলিয়ে আকাশৰ বুকুত আশ্রয় লোৱাৰ আগেয়ে
মই পবিত্র ভাবনাৰে তোৰ আৰতি কৰোঁ……

তোৰ হেনো অনুৰাগী অনেক,
মোৰ নহয় হেনো তই,
তই ৰাইজৰ ভাৱৰীয়া
নে কোনোবা ৰাজ্যৰ ৰাজকুমাৰীৰ মৰমৰ কোঁৱৰ
নে সমাজৰ অণন্য ব্যক্তিত্ব 
নে সাহিত্যৰ ধৰোহৰ
মই কাহানিও লক্ষ্য কৰা নাই -
কাৰণ তোৰ অন্তৰাত্মাত মই বিলীন হৈ আছোঁ
মইতে তই মগ্ন,
তোৰে সৈতে মই একাত্ম….
  

Comments

Popular Posts