মই দেখিছো্ঁ....
মাজে সময়ে মই আখৰবোৰৰ মাজত জীৱনৰ অৰ্থ বিছাৰোঁ,
সময়, ঠিকনা আৰু প্রয়োজনক আওকাণ কৰি
মই চিনাকী ছবিবোৰ ধুসৰ হোৱা দেখিছো্ঁ,
মোৰোকনিত হেৰাই যায় মোৰ জীৱনৰ পৰিচয়…
উগ্র আকুলতাৰে নঙলামুখত ৰৈ অনুভবে উপলব্ধিক আদৰা দেখিছোঁ,
অমানিশাৰ ৰাতিবোৰত কবিতাৰ ছন্দই জোনাক এছাটি সিঁচি দিয়া দেখিছোঁ,
অচিন কবিৰ অপৰিচিত কবিতাত মই এখন মহাকাব্যৰ পাতনি দেখিছোঁ ।।
আবেগৰ নৈত সাতুৰি-নাদুৰি ভাগৰি পৰা আ্ত্মাৰ আৰ্তনাদ শুনিছোঁ,
অকালতে হেৰায় যোৱা সপোনবোৰৰ উচুপনিয়ে
সাহসক নিঠৰুৱা কৰাও মই দেখিছো্ঁ ,
নদীৰ সোঁতত পৰিচয়বিহীন হোৱা এজাক বাৰিষাৰ বেজাৰো মই প্রত্যক্ষ কৰিছোঁ,
মেঘৰ বুকুত সেমেকা বেলিয়ে অশ্রুবন্যা বোৱাই দিয়া মই দেখিছোঁ,
দুচকুত নিজৰ প্রতিচ্ছবি বিছাৰোতে মই এডোখৰ নীলা আকাশৰ বিশালতা দেখিছোঁ ।।
ধুমুহা এজাকে জাউতিযুগীয়া বান্ধোনবোৰ ভাঙি-চিঙি নিয়ে ,
পৰিজ্ঞাতৰ বৃত্তক লঙ্ঘন কৰি আঁতৰি যায় সকলো…
নিৰব দৰ্শক হৈ ৰওঁ মই অকলে -
কিন্তু কিয় জানোঁ মই আগুৱাই যাওঁ ,
সময়ৰ কোবাল গতিত হাবাথুৰি খাই ভাগৰি পৰোঁতে মই পৰ্বতসম কিছুমান স্থবিৰতা দেখিছোঁ ।।
বহু দিহা পৰামৰ্শ, অলেখ গুণা-গঁথা
আৰু ছলনাকাৰী ভাষাৰে সান্তনা দিয়া শুনিছোঁ,
বৰ বৰ মানুহৰ সৰু সৰু কথাবোৰে
সবল মনোবল চূড়মাৰ কৰা দেখিছো্ঁ,
আকৌ কেতিয়াবা নিৰব উৎসাহে সুপ্ত পৃথিৱীক জগাই দিয়া দেখিছোঁ ,
নিৰিবিলি এটি মুহূৰ্ত্তত মই এটি যুগ পাৰ হোৱা দেখিছোঁ ।।
সেন্দুৰৰ ৰঙাবোৰ কোনোবা ন-কইনাৰ শিৰত তেজৰ টোপাল হৈ নিগৰা দেখিছোঁ ,
ধৰ্ষিত নিসৰ্গৰ ৰিক্ত গৰ্ভত বহু নৱ জীৱনৰ সঞ্চাৰ হোৱা দেখিছোঁ ,
জোনবাইৰ অনুপস্থিতিত সৰু সৰু তৰায়ে মোক বহু নিশা বাট দেখুৱাই দিছে ,
পৰিত্যক্ত দেৱালয়ত জোনাকী পৰুৱাই এটি সৰু চাকি জ্বলোৱা দেখিছোঁ ,
অৱহিত তক্ষকে অতি আগ্রহেৰে মৃত শিলচতাক জীৱনৰ ভাস্কৰ্য্যৰে সজোৱা দেখিছোঁ ।।
উপন্যাসৰ পৃষ্ঠাত বৃহৎ জীৱনবোৰ নগণ্য হোৱা দেখিছোঁ ,
গণিতৰ জতিলতাত সৰল সমিকৰণবোৰ হেৰায় যায় কেতিয়াবা …
পুৰস্কৃত ৰচনাবোৰত ভাবনাবোৰ মূল্যহীন হোৱা দেখিছোঁ ,
অজানিতে কোৱা একাষাৰ কথায়ে উপলব্ধিৰ সাৰাংশ সামৰি লোৱা দেখিছোঁ ,
তোমাৰ বুকুত মুৰ থৈ লোৱা জিৰণিৰ এখন্তেক পৰত
মই স্পন্দনবোৰে এখনি নতুন ইতিহাস বৰ্ণনা কৰা শুনিছোঁ ।।
শীতৰ নিয়ৰে মনৰ অনুভূতিবোৰক উদগনি দিয়ে ,
ৰসালি মাটিয়ে মৰহা পাপৰিবোৰ জীয়াই তোলা দেখিছোঁ ,
বহু মহান নদীৰ প্লাবনে সৃষ্টিক দুৰ্বল কৰা দেখিছোঁ ,
নতুন সাহসে উন্মাৰ্গগামী শক্তিক প্রত্যাহ্বান দিয়া দেখিছোঁ ,
অকলশৰীয়া এটি পাতত সৰি ৰোৱা এটোপাল পানীক মই এখন সাগৰ হোৱা দেখিছোঁ ।।

Comments
Post a Comment