ক’ত আছা ?
ক’ত আছা ?
যেন এখনি ঢৌখেলা নদীৰ জোৱাৰত,
হয়তো আছা কোনোবা অকণমানি
এটি শিশুৰ নির্মল হাঁহিত,
য’ত নাই কৃত্রিমতা, নাই বর্বৰতা,
নাই কোনো অশ্লীলতাৰ ছাঁ…।
বিচাৰি পাওঁ তোমাক অস্ত যোৱা সুৰুজত
বিদায় পৰতো বিলাই যোৱাঁ
বহু উৎসাহ, নানা ৰঙ।।
ন জোনৰ শীতল ৰূপুৱালী নৈত আছা তুমি,
যেন এটি গভীৰ উপলব্ধি,
এটা কহুঁৱা অনুভূতি …
এটা কহুঁৱা অনুভূতি …
এটি সংলাপত, এটা শব্দত,
গধূলিৰ ছবিত, পদুলিৰ ধূলিত
গধূলিৰ ছবিত, পদুলিৰ ধূলিত
প্রতি অভিযানৰ জাগৃতি তুমি,
তুমি যেন এটি সঙ্গীত, অলপ গণিত,
এদিন তুমি বসন্ত, এদিন তুমি খৰালি…।
শীতৰ পুৱাৰ ৰ’দৰ আমেজ,
নিয়ৰেৰে স্নিগ্ধ হোৱা শেৱালি সতেজ…
তুমি পিতৃৰ পবিত্র আশীর্বাদ
তুমি আত্মাত, তুমি সত্ত্বাত,
তুমি কোন জানানে?
তুমি মোৰ অস্তিত্ব, তুমি চিত্ত ।।
Comments
Post a Comment