লেখিলোঁ পঢ়িলোঁ এনে অলেখ কবিতা...

প্রেমৰ কবিতা, বিষাদৰ কবিতা,

হাঁহিৰ কবিতা, অশ্রুৰ কবিতা,

নিজানৰ কবিতা, আনন্দৰ কবিতা,

লেখিলোঁ পঢ়িলোঁ এনে অলেখ কবিতা…

আজি পুৱাতে হঠাতে ভাবিলোঁ অগতানুগতিক বিষয় লওঁ,

কবিতা ৰচি তাৰে ওপৰত পৰীক্ষণ অলপ কৰি চাওঁ ।

শিয়ালীৰ ৰূপৰ বৰ্ণনা কৰোঁ নে কঠালৰ আঠাৰ কথাকে কওঁ ?

নে বগাধৰে গৰু এৰাল দিয়াৰ পৰত গুণ গুণোৱা গানৰ কলিকে গাওঁ ?

আইতাৰ ঘৰৰ বগৰিৰ আচাৰ আৰু পুখৰীত তাঁহানি দেখা ঘোলা পানী,

বৈয়ামৰ পৰা নিমখ উলিয়াই আমলখিবোৰ কিমান খালো সানি ।

টেঙামৰাৰ চাটনি,টেঙেছি শাক আৰু ভেদাইলতাৰ জোল,

বৰমায়ে ৰন্ধা ৰহৰ দাইল আৰু শুকানকৈ ভজা জহা ভোল ।

বহাগ বিহুৰ আগনিশা হাতত লগাই জেতুকাৰ বোল 

হাত দুখনি আঁটি আঁটি কলপাতেৰে মায়ে দিছিল বান্ধি 

(জেতুকাৰ ৰঙেৰে বিছনা চাদৰ লেতেৰা হ’লে মায়ে কৰে বৰ হুলস্থূল) ।

ন কৈ জগা গৰু পোৱালী আৰু বৰদেউতাই জোৰকৈ যাচি দিয়া ফেহুঁ এবাতি,

খুড়াহতঁৰ বিয়াত ঢলা বিছনাত হাঁহি-ধেমালিৰে কটোৱা বহু দীঘল ৰাতি ।

স্কুলৰ কিতাপৰ তলতে লুকুৱাই মনে মনে পঢ়া সাধু কিতাপ,

আলু পিয়াঁজ কিনাৰ পৰত টেঙা মৰ্টন খাই ভয়ে ভয়ে দিয়া পইছাৰ হিচাপ ।

আইতাৰ লাখুতিত ৰঙা ৰং কৰিলোঁ, গৰুৰ দানাত ঢালিলোঁ চাধা, 

একতকৈ কম নম্বৰ এবাৰ অঙ্কত পালোঁ যদিও নাছিলোঁ গাধা ।

মেকুৰীৰ বিয়া পাতিলোঁ- বোন্দাই পিন্ধালে সেন্দুৰ,

ভাইটিৰ পঢ়া-টেবুলৰ ড্রয়াৰত কোনে থৈছিল দুটি প্রকাণ্ড এন্দুৰ ?

মুখত আমুল স্প্রে পাউদাৰ লৈ গিলোতে মই খাওঁ চৰ-চৰনি,

পুতুলীবাইৰ চুলিত এবাৰ মাত্র লগাই চুইংগাম মাৰ পৰা খালোঁ চৰ বকনি ।

আৰুনো কি ক’ম মই ঘটনা ? 

এবাৰ খঙতে কেঁচিৰে মেখেলাখন কাটি পেলালোঁ মাহীৰ,

দেউতাৰ ঔ-কিলত পিঠি চিৰাচিৰ

বহু দিনলৈ মোৰ ওঁঠৰ পৰা হেৰাইছিল হাঁহি ।

ইতি কৰো কবিতা মই আজিলৈ, লহিয়ালে এতিয়া বেলি,

মোৰ দুই পুত্রই সদায়ে মনত পেলাই মোৰ শৈশৱৰ চবিখনি ।

Comments

Popular Posts