ৰঙা নদীখনৰ কথা
ৰঙা নদীখনৰ কথা মই কৈছিলোঁ তোমাক এদিন,
সেই নদীৰ ধোঁৱাবৰণীয়া বালিত
মই কিছুমান আখৰ লেখিছিলোঁ…
নদীৰ কোবাল সোঁতে আখৰবোৰ কঢ়িয়াই
লৈ গৈছিল তোমাৰ ঘাটলৈ…
সেই ঘাটত বহু অনুভবৰ ইচাতি-বিচাতিৰ
ধুমুহা বলিছিল……
তুমি দিশহাৰা হ’বা বুলি চিন্তিত হৈছিলা।।
মনত পৰে মোৰ - তুমি আলফুলে বুটলি লোৱা
সেই আখৰোৰৰ টোপোলা,
‘ফ্লি মার্কেট’ত বাৰু বেচি থৈ আহিলা নেকি টোপোলাটো ?
নে অত্যাধুনিক নব লেখকৰ উপন্যাসৰ
বোজাৰ তলত পৰি টোপোলাটোৰ
অকালতে বাৰ্ধ্যকৰ কুঁজ ওলালে ?
তুমি পৰিবৰ্তনৰ কথা কোৱা,
তুমি নতুন লহৰৰ কথা কোৱা
তুমি কেতিয়াবা প্রথা নেওচি নতুন ৰীত
প্রচাৰ কৰাৰ কথা কোৱা,
মোৰ শুনি ভাল লাগে -
কিন্তু কিয় তুমি তুলি নোলোৱা সেই আখৰৰ টোপোলাটো ?
বুজিছা, পুৰণা হৈ আখৰৰ চালখন
তেনেই সোঁতোৰা-সোঁতোৰ হ’ব,
বল নাইকিয়া হ’ব সিঁহতৰ সময় বাগৰাৰ লগে লগে ;
টোপোলাটোও ফিচিকিব,
টাপলি মৰা টোপোলাৰ আখৰেৰে কিনো ৰচিবা তুমি?
মই বেছিকৈ ক’লে তুমি আমনি পোৱা,
কিন্তু ঢেলা পৰা আখৰবোৰে নোৱাৰে ক’ব
তোমাৰ অনুভূতিবোৰৰ কথা…
মই ৰৈ আছোঁ বহু আশাৰে
এদিন দেখিবলে পাম আখৰেৰে সজোৱা
বহু কেইখন পৃথিৱী আৰু বহু কেইখন আকাশ,
এদিন সেই উপন্যাস আহিব,
এদিন এটি কবিতা আহিব,
সিহঁতি ৰঙা নদীৰ সোঁতৰ কথা ক’ব
ক’লা আখৰৰ টোপোলাৰ কথা ক’ব
আশা আৰু ঊদ্যমেৰে ভৰা পুৱাৰ কথা ক’ব,
সপোনে ৰং সনা ৰাতিৰ কথা ক’ব…।।
সেই নদীৰ ধোঁৱাবৰণীয়া বালিত
মই কিছুমান আখৰ লেখিছিলোঁ…
নদীৰ কোবাল সোঁতে আখৰবোৰ কঢ়িয়াই
লৈ গৈছিল তোমাৰ ঘাটলৈ…
সেই ঘাটত বহু অনুভবৰ ইচাতি-বিচাতিৰ
ধুমুহা বলিছিল……
তুমি দিশহাৰা হ’বা বুলি চিন্তিত হৈছিলা।।
মনত পৰে মোৰ - তুমি আলফুলে বুটলি লোৱা
সেই আখৰোৰৰ টোপোলা,
‘ফ্লি মার্কেট’ত বাৰু বেচি থৈ আহিলা নেকি টোপোলাটো ?
নে অত্যাধুনিক নব লেখকৰ উপন্যাসৰ
বোজাৰ তলত পৰি টোপোলাটোৰ
অকালতে বাৰ্ধ্যকৰ কুঁজ ওলালে ?
তুমি পৰিবৰ্তনৰ কথা কোৱা,
তুমি নতুন লহৰৰ কথা কোৱা
তুমি কেতিয়াবা প্রথা নেওচি নতুন ৰীত
প্রচাৰ কৰাৰ কথা কোৱা,
মোৰ শুনি ভাল লাগে -
কিন্তু কিয় তুমি তুলি নোলোৱা সেই আখৰৰ টোপোলাটো ?
বুজিছা, পুৰণা হৈ আখৰৰ চালখন
তেনেই সোঁতোৰা-সোঁতোৰ হ’ব,
বল নাইকিয়া হ’ব সিঁহতৰ সময় বাগৰাৰ লগে লগে ;
টোপোলাটোও ফিচিকিব,
টাপলি মৰা টোপোলাৰ আখৰেৰে কিনো ৰচিবা তুমি?
মই বেছিকৈ ক’লে তুমি আমনি পোৱা,
কিন্তু ঢেলা পৰা আখৰবোৰে নোৱাৰে ক’ব
তোমাৰ অনুভূতিবোৰৰ কথা…
মই ৰৈ আছোঁ বহু আশাৰে
এদিন দেখিবলে পাম আখৰেৰে সজোৱা
বহু কেইখন পৃথিৱী আৰু বহু কেইখন আকাশ,
এদিন সেই উপন্যাস আহিব,
এদিন এটি কবিতা আহিব,
সিহঁতি ৰঙা নদীৰ সোঁতৰ কথা ক’ব
ক’লা আখৰৰ টোপোলাৰ কথা ক’ব
আশা আৰু ঊদ্যমেৰে ভৰা পুৱাৰ কথা ক’ব,
সপোনে ৰং সনা ৰাতিৰ কথা ক’ব…।।
Comments
Post a Comment