গীতা, বিদ্যুৎ দা, ইত্যাদিলৈ...

দিল্লীত মোৰ বহুত বন্ধু-বান্ধৱ আছে যিসকলে নিজৰ শৈশৱ আৰু কৈশোৰ কটাইছে অৰুণাচলত। এই গোটটোৰ মানুহখিনিৰ মাজত অভাৱনীয় মিল আৰু তাৰে দুজনমানো যদি লগ হয়, তেওঁলোকৰ লানি নিচিগা কথা-বতৰাৰ এপিচেণ্টাৰহয় অৰুণাচলৰ নান
ান কাহিনী। পুৰণি দিনৰ পালসিক উপত্যকাত এওঁলোকৰ সাময়িক স্থানান্তৰণৰ ফলত সৃষ্টি হয় বহু আমোদজনক আলাপ-আলোচনা। গীতা, বিদ্যুৎ দা, মোৰ better half দেৱ, সন্দীপ দা, বিজয় দা, সোণটো, পমি, ইত্যাদিৰ মখে শুনা বহু ঘটনাৰ ফলশ্ৰুতি এই লেখনি।

আজিৰ পৰা প্রায়ে বিশ-পঁছিশ বছৰ আগেয়ে পাহাৰৰ পৰা তললৈ ( মানে ভৈইয়ামলৈ! ) নাম অহা পৰ্ব অৰণাচলৰ অলপ ভিতৰুৱা ঠাইৰ থলুৱা গঞাঁ সকলৰ বাবে এটি সৰু-সুৰা উৎসৱই আছিল। নাইট-চুপাৰৰ যাত্রাৰ পুৰ্বে ভালকৈ এসাজ খাই উঠি দলে-বলে তললৈ নামি অহা সদস্যসকলে বাটত যতে গাড়ী ৰখাই ততে যি পায় তাকে খায়। কল, নাৰিকল, প্লাষ্টিকৰ পেকেটত পোৱা ভজা বুট আদিৰে বনভোজ সাদৃশ্য পৰিবেশৰ সৃষ্টি হয় বাছখনত। খিড়িকী বন্ধ বাছত ফলস্বৰপে উৎপত্তি হোৱা বাত-কৰ্ম আৰু দুই-এজনৰ উকুলিয়াই দিয়াৰ গোন্ধ মোৰ এই বন্ধুকেইজনৰ নাকত চিৰকালৰ বাবে থাকি গল। আজিও তেওঁলোকে নিজা বাহনত দূৰলৈ যাবলগীয়া হলে পেটৰ কেছু-কুমতি মৰা ভোকত কক-বকাই থকা সহযাত্রী লৈহে যায়। একেবাৰে গন্তব্যস্থান পায়হে পেটত কিবা অলপ পৰাৰ সৌভাগ্য হয় হতভগীয়া যাত্রীসকলৰ। ভুক্ত ভোগী বহুজনৰ মুখে এই কথা শুনাৰ পিছত মোৰ একান্ত ব্যক্তিগত মন্তব্য এয়ে যে আন কাৰোবাৰ নিজা গাড়ীত যাত্রা প্রাৰম্ভ কৰাৰ আগেয়ে চালকজন কত জন্ম হোৱা আৰু পঢ়া-শুনা কত কৰা, এই কথা কেইফাঁকি সুধি লোৱাতো অতি বাঞ্চনীয়!

এবাৰ হেনো এজন থলুৱা মানুহ তিনিচুকীয়ালৈ আহিল। হাতত তেওঁৰ এপছাও নাই। হঠাতে তেওঁৰ এখন জৰ্দা পাণ খাবলে মন গল। কি কৰা যায়? দোকানীয়েতো মুখখন চাই পাণ যাচিবলে নাহে! মানুহজন চেগ বুজি এখন ঘুমটিৰ সন্মুখ পালেগৈ আৰু পাইচাৰি কৰিবলে ধৰিলে। অলপ পাছত পাণ-দোকানীজনৰ কাণত তেওঁৰ কথাবোৰ পৰিলেহি। মানুহজনে ভূৰভূৰাই কৈ আছিল, “আজি বতৰ ভী ভাল নাই আছে। মোৰ মন ভী বেয়া আছে। আহঃ, কি কৰিম মুই! পাণ খাবলে মন ভী আছে, পইছা কিন্তু নাই আছে। দাওত ধাৰ ভী আছে।ধৰায় থোৱা দাৰে এঘাপ খোৱাৰ আগেয়ে দোকানীজনে উপযাচি মানুহজনক পাঁচখন মান পাণ বান্ধি দিলে।

নেপকোই (NEEPCO-North Eastern Electric Power Corporation) এবাৰ তেওঁলোকৰ আবাসীয় কলনীৰ আশে-পাশে থকা জঙ্ঘল চাফা কৰিবলে ঠিকা দিলে ২৬ বছৰীয়া হৃষ্ট-পুষ্ট এজন ডেকাক। প্রায় দুই বিঘা জঙ্ঘল কাটি মোকলোৱাৰ বাবদ ৫০০০ টকাৰ ঠিকা। ডেকা বেছ সুখী হল ঠিকাটো পায়। ইঞ্জিনিয়াৰ চাহাবৰ পৰা পোনপ্রথমেই ৩০০০ টকা আগধন ললে সি।তাৰপিছত দুদিনতে চাফাই কাৰ্য্যৰ সমাপন। গধুলি লাওপানী অলপ খাই ইঞ্জিনিয়াৰ চাহাবৰ পৰা বাকি পইছা আনিবলে গল সি। চাহাবেও অতি সাৱধানে হিচাপ কৰি ২০০০ টকা দিলে তাক। ডেকাই এবাৰ গণিলে, দুবাৰো গণিলে; তাৰপিছত ৰঙা চকু দুটা বহল কৰি ইঞ্জিনিয়াৰ চাহাবক উদ্দেশ্য কৰি কলে’ “, আৰু টাকা ভী দে মোক। ২০০০ দিছ। কথা ৫০০০ত কৈছিলি।
থতমত খাই ইঞ্জিনিয়াৰ চাহাবে তাক কলে হেৰ’, তই দেখোন পৰহিয়ে ৩০০০ টকা ললি।
কিন্তু ডেলা আকোৰগোজ। তাক ৫০০০ টকা লাগেই। সি গুজৰি উঠিল, “মোৰ মেহনতক তই বেয়া কলি! তই কি চোৰ আছে? মোৰ দাওৱে ইন্চাফ মাঙ্গিছে।এইবুলি সি তাৰ কঁকালৰ খোচনিৰ পৰা দাখন উলিয়ালেই।
ইঞ্জিনিয়াৰ চাহাবে দেখিলে কথা বিষম। তেওঁ লৰালৰিকৈ আৰু ৩০০০ টকা আগুৱাই দিলে ডেকাৰ ফালে। ডেকাই থাপ মাৰি টকাকেইটা ললে, সাৱধানে গন্তি কৰিলে আৰু ৩০০০ টকা ইঞ্জিনিয়াৰ চাহাবৰ হাতত গুজি দি কলে, “এইটো লতই। মই তো তোৰ পৰা পৰহি দিনা টকা অলপ লৈছিলো না। এতিয়া হিচাপ ঠিক আছে। চালাম।
আঁতৰি যোৱা ডেকাক ইঞ্জিনিয়াৰ চাহাবে মুখ মেলি চাই থাকিলে।

মোৰ বান্ধৱী গীতাৰ গিৰিয়েক, অৰ্থাৎ বিদ্যুৎ দাৰ মুখে এনে বহু কথা মই শুনো। ফেচবুকত এবাৰ মনেৰচা কাহিনী এটা লেখি এজন চিনাকী মানুহৰ পৰা তুমি কলিতা মানুহৰ কথা বেয়াকৈ লেখি মোক অপমান কৰিছাবুলিও শুনি থৈছোঁ। সেয়েহে মই পোনপতিয়াকৈ কৈছো যে মই অৰুণাচলৰ থলুৱা ৰাইজ নতুবা দিল্লীত বৰ্তমান বাস কৰা কিন্তু অৰুণাচলত জন্মা আৰু শিক্ষা লাভ কৰা অসমীয়া মানুহখিনিক ইতিকিং কৰি বা অপমান কৰি এই কথাবোৰ লিখা নাই। কেতিয়াবা একগোট হলে কথাই কথাই ওলোৱা মোৰ বন্ধুবৰ্গৰ অভিজ্ঞতাবোৰহে মাথো মই কব খুজিছোঁ। ইংৰজীত যাক কোৱা হয় no offense is meant. Everything that I have written is in good humour.

Comments

Popular Posts