নিৰব ক্ষোভ...........
নিৰব ক্ষোভ, মৌন অভিমান – উপলব্ধি কৰানে তুমি?
নিঃসাৰসাৰ ৰজনীৰ গভীৰ গহবৰত ভুমুকিয়াই চোৱা …
নিমাত বেজাৰ, নিফুত উচুপনি আৰু নিশ্চুপ কান্দোন
কিজানিবা শুনিয়ে পোৱা ………
কোনোবা নিজান সন্ধিয়া বুকুৰ গোতেইখিনি সত্যতা
এবাৰলৈ হ’লেও মনত পেলাই সুধিবা নিজকে…
ক’ত আছিল মোৰ ক্রুতি, মোৰ মৰমবোৰ জানো মিছা?
সুধিবা নিজকে…এলাগী কৰিলা কিয় মোক ইমান সহজে????
হাঁহিয়াতৰ পাত্র আজি মই, তুমি হেনো মৌন ভোক্ত ভুগী……
নীলা পাহাৰৰ নিতাল চূড়াৰ সত্যতা নাই তোমাৰ ।।
মোৰ বিমর্ষ মনৰ উত্তৰাধিকাৰী তুমি,
হেৰোৱা আন্দদৰ, তপত চকুলোৰ…
হৃদয় শীলৰ, বিবেক কুকুৰীকণা তোমাৰ ।।
মোৰ নিতাল হুমুনিয়াঁহক নেভাবিবা দুর্বলতা বুলি…
মৌনতা শক্তি মোৰ, ধৈর্য্য মোৰ সখি,
নিমাওঁমাওঁ বিবেকৰ বিশাল বন্ধুত্ব মোৰ সৈতে,
নীলা আকাশৰ নিজঞ্জাল নিলাভে আছে প্রহৰী হৈ ৰখি ।।
মনত যদি পৰে ভূলতে মোলৈ, মনত ৰাখিবা তুমি…
হাৰিবলৈ নিসিকিলো মই জীবনত…
হেজাৰ প্রতাৰনা, এশ এক চকুলো মছিও
আজিও বিশ্বাস মোৰ নিস্তব্ধ মনোবলত…তোমাৰ মৰমত ।।।
Comments
Post a Comment