শূন্য
এটা চক্র, এটি শূন্য…ক’ব পাৰা এটা বৃত্ত,
সীমাহীন…নাই কোনো আদি, আৰু নাই অনন্ত …
মই ভাবিছোঁ আজি
শূন্যতা কিয় ইমান গভীৰ?
দার্শনীক নহয় মই, মাথো মানুহ মই
চিন্তা, মোহ, প্রেম,বেজাৰৰ – মোৰ লগৰী…
কিন্তু………
কিয় জানো বাৰে বাৰে শূন্যতে গৈ ৰইছে…
এক বৃত্তাকাৰ ৰূপ দিয়ে মনে।।
কোনো প্রেয়সীৰ অভিমানক
কোনো প্রেমিকৰ মৰমক
যি চক্রাকাৰ বাটেৰে ঘূৰি ঘূৰি
আহি থিতাপি লয়
এটি আবেগত, একেটি মাদকতাত,
হয়তো এক মূহুর্ত্তত…নতুবা এটা যুগত ।।
এক বৃত্তাকাৰ ৰূপ দিয়ে মনে।।
আইৰ চেনেহক, আইৰ আকুলতাক…
আইৰ সৰি পৰা দুটোপাল চকুলোক …
টোপালবোৰো ঘূৰণীয়া ।।।
অম্বাৰ নিস্বার্থ মৰম, অতূলনীয়…
সেই অনুভূতি, সিও বৃত্তীয় ।।।।
অপৰিচিত ব্যক্তি,অপৰিচিন আত্মা
সমগ্র সৌৰমণ্ডলত তাৰ উপস্থিতি
হয়তো এটি বৰদান,
হয়তো নেদেখাজনৰ বিধান ।।
আৰু মণ্ডলাকৃতি আকাৰৰ
সেই উপলব্ধিবোৰৈ ঘূৰণীয়া…
নাম নুশুধিবা…নেজানো মই……
শূন্যতে সৃষ্টি, শূন্যতে বিনাশ,
শূন্যতে পৃথিবী, শূন্যতে আকাশ……
শূন্য জীবনৰ এটি শূন্য ক্ষণত
শূন্যতায়ে দিলেহি শান্তি…
মনক মুক্তি………
Comments
Post a Comment