সিদ্ধান্ত

বিষত মুৰটো ফাটি যাব যেন লাগিছে অনুভাৰ কালি ৰাতি ভালকৈ টোপনিও নাহিল তাইৰ অলপ অচৰপ টোপনি আহোঁ আহোঁ কৰোতেই কাষৰ ঘৰৰ চন্দন বৰাৰ যিখনহে চিঞৰ বাখৰ আৰম্ভ ,  আৰু টোপনি আহিব বৰা মানুহটো বেয়া নহয়, কিন্তু মদগাল গিলি লে সম্পূর্ণ সলনি হৈ যায় ঘৈণিয়েকৰ ওপৰত তাৰ পিছত আৰম্ভ হয় গালিবর্ষণ আৰু চৰ-কিল 
অনুভাই কাম কৰা মানুহজনীক ইটো সিটো কৰিবলৈ কৈ চাহ একাপ বাকিলে এঢোক চাহ খালে হয়তো মুৰৰ বিষ অকণমান সাম কাটিব  তাইৰ মনতো উগুল থুগুল ধীমানৰ আৰু লাইলীৰ টিফিন তৈয়াৰ কৰি থাকোতেও আজি অনুভা অন্যমনস্ক হৈ আছিল 
এইখিনি সময় অনুভাৰ নিজৰ ধীমান ৰাজখোৱা আহি পাওঁতে গধূলী  টা বাজিব লাইলীৰ আজি ভাৰতনাট্যম ক্লাছ আছে সেয়েহে অনুভাৰ হাতত  বজালৈকে সময় আছে আজি কথাবোৰ জুকীয়াই চাবলৈ মাজে মাজে তাই ভাবে , পত্নী আৰু মাতৃৰ দায়িত্বৰ তাগিদাত কোন মুহূর্ত্তত যে তৰাজানৰ ৰাংঢালী আৰু এসময়ৰ বিহুকুৱঁৰী অনুভা গোস্বামী হেৰাই গৈছিল; জে বী কলেজৰ সেউজ ঘাঁহনিৰ শ্যামলীমাতে হয়তো ১৬ বছৰ আগেয়ে সমাধি লৈছিল অনুভা গোস্বামীয়ে, যিদিনা অভীক হাজৰিকাক তাইৰ বিদায় দিছিল, আৰু তাই হেৰুৱাই পেলাইছিল জীৱনৰ আতাইতকৈ আপুৰুগীয়া মানুহটো 

ধীমানক খোলা খুলিকৈ কথাবোৰ কৈছিল তাই বুজিছিল ধীমানে অনুভাৰ ওপৰত দৃঢ় বিশ্বাস তাৰ আজিও লাইলীৰ কাৰণে তাই আদর্শ মাতৃ - ডী পাৰফেক্ট ৱোমেন ভাবি জিকাৰ খাই উঠিল অনুভা তাইৰ মনৰ ধুমুহাজাকৰ উমান কোনেও নাপায়, নোৱাৰে তাই কাকো  কোনে বুজিব?
বাইদেউ, মই আহোঁ পার্ট টাইম কাম কৰা মানুহজনীৰ মাতত তাই চক খাই উঠিল।মানুহজনীক বিদায় দি দুৱাৰখন জপাই অনুভাই কিতাপৰ আলমাৰিটো খুলিলে অনুৰাধাৰ দেশ পৃষ্ঠাবোৰৰ মাজত বহু বছৰ এলাগী হৈ পৰি থকা নীলা খামটো হাতত লৈ অনুভা থমকি  ধীমানে অসমীয়া নপহে (মায়স্কুলত পঢ়া তেওঁ) আৰু লাইলীয়ে ছিডনী চেলডন হে পঢ়ে; অসমীয়া পঢ়ি বেয়া পায় সেয়েহে নীলা খামটো অনুৰাধাৰ দেশ বুকুত যে নিৰাপদে থাকিব,অনুভাই জানিছিল 
কপা কপা হাতেৰে খামটো খুলিবলে অনুভাই যো জা কৰিলে মনতো উৰি  অপৰাৰ ককাইয়েক অভীক হাজৰিকাৰ সুন্দৰ আবৃত্তি কৰা মাতটোলৈ 
                                   
“…সেমেকা পোহৰে সোঁৱৰাই দিয়া
তোমাৰ খোপাৰ আবেলি-আবেলি গোন্ধ
মনত পৰেনে…”

আৰু অভীকৰ তাইৰ ফালে হঠাতে চাই থমকি ৰোৱা সেই মুহূর্ত্তটি নীলা খামৰ নীলাভৰ মাজৰ পৰা ফটোখন উলিয়াই লে অনুভাই কেকোৰা চুলি আৰু উজ্জ্বল চকুৰ অভীক হাজৰিকা জীৱন্ত হৈ উঠিল তাই সন্মুখত তাৰ ইসৎ বেকাকৈ মৰা হাঁহিতে এসময়ত অনুভা হেৰাই গৈছিল ১৯৯৫ সেই বহাগ বিহুৰ ফাংচন, আৰু তাইৰ হাতখন লাহেকৈ ধৰি হঠাতে এৰি দিয়া সেই সন্ধিয়াটো  যে ভুল ? গোঁসাইৰ ঘৰৰ জীয়ৰী অনুভা বিজয়ী  হৈছিল প্রেয়সী অনুভাৰ লগত হোৱা যুদ্ধত অভীকে কাবৌ কৰিছিল, লাজ মান কাটি কৰি কান্দিছিল তাইক দুবাহুত ধৰি জোকাৰি দিছিল কিন্তু নির্বিকাৰহৈ ৰৈছিল অনুভা গোস্বামী দুমাহ পাছতে ধীমান ৰাজখোৱাৰ ৰাজহুৱা পত্নী আৰু তাৰ ডেৰ বছৰৰ পিছত লাইলীৰ মাক হৈছিল অনুভা ৰাজখোৱা হৈ পৰিছিল তাই অভীকৰ আভাহেৰাই   কিন্তু অনুৰাধাৰ দেশ বুকুত নীলা খামত সোমাই  অভীক হাজৰিকা 
এসপ্তাহ আগেয়ে মদন সোণোৱালৰ পুতেকৰ বিয়ালৈ গৈছিল তাই ধীমানৰ বন্ধু মদন দা ধীমান কামৰ সূত্রত চহৰৰ বাহিৰত  আৰু সেয়েহে অনুভা যোৱাতো অতি জৰুৰী হৈ পৰিল বিয়াৰ হুলস্থূলত মদন দায়ে তাইক চিনাকী কৰাইছিল চিকাগো থকা বোৱাৰীয়েকৰ দদায়েক অভীক হাজৰিকাৰ সৈতে অনুভা ভাগ্যে সৰি নপৰিল বিয়া ঘৰ নহ অন্য ঠাই হোৱা লে হয়তো তাই কি কৰিলেহেঁতেন ঠিক নাই আচন্দ্রাই কৰি অহা মূৰটো ঠিক হোৱাত সন্মুখত অভীকৰ চকুলৈ চাবলৈ তাই সাহস  মাজৰ সেই ১৬ টা বছৰৰ যেন অস্ত্বীত্বয়ে নাই  এই যেন ক্লাছৰ পৰা ওলাই অনুভা ৰৈ আছে অভীকৰ লগত একেলগে খোজ কাঢ়ি ঘৰলৈ যাবলে একেই আছে অভীক মাথো কপালৰ আষে পাষে চুলিবোৰ অলপ পকিছে নিজৰ অলপমান শকত হৈ পৰা দেহাটো লৈ অনুভা অলপ আত্মসচেতন হৈ পৰিলে আগৰ সেই বিহুকুঁৱৰীৰ লাহী কঁকাল ৰবাত হেৰাল  অভীকৰ চাৱনি কিন্তু তাইৰ চকুতে সীমাবদ্ধ কি বা ভাবিছিল সি ?(হয়তো চল্লিছ গৰকা প্রাতঃ প্রেয়সীৰ দুকুত পুণঃ নিজৰ চিনাকী বিছাৰিছিল )
ছেহঃ  কিযে ভাববোৰ আহিছিল মনত অনুভাৰ। তাই কি অধিকাৰ, কি সাহসেৰে আশা কৰিছে যে অভীক এতিয়াও তাইৰ প্রেমত বন্দী ?তাই নিজ হাতেৰে সকলো ভালপোৱা চূড়মাৰ কৰি ৰাজখোৱাৰ অর্ধাঙ্গিনী হৈ ঘৰ সংসাৰত ব্যস্ত তেনেহলে কিয় বাৰু তাই অভীকৰ কথা এনেকৈ ভাবিছে ?
নীলা খামৰ পৰা উলিয়াই লোৱা ১৬ বছৰ পুৰণা ফটোখনৰ লগত আজিৰ অভীকৰ তুলনা কৰিছে অনুভাই  বৰ অসহায় যেন লাগিল নিজকে  ধীমানক এইবোৰ লে সি কি  তাই জানে ; “তোমাৰ মিড লাইফ ক্রাইচিচহৈছে 
মদন দায়ে কোৱা পিছৰ কথাখিনি অনুভাৰ মনত পৰিল বোৱাৰীৰ খুড়াক আকৌ বৰলা দেই অনুভা ভাল ছোৱালী এজনী পালে দিবাছোন এওঁলৈ আমেৰিকাত বৈজ্ঞানীক এওঁ, যোৱা ১৫-১৬ বছৰে অকলে আছে তাত 
অকলশৰী্যা ঘৰটোত অনুভা আৰু এটি নীলা খামৰ স্মৃতি ৰোমন্থন  তাই ভাবিবলে বাধ্য হয় বহুতো -পুৰণি কথা বিয়া ঘৰৰ পৰা ওলাই অহা সময়ত অনুভাই ঘুৰি চাইছিল অভীকলৈ, আৰু যেন ১৬ বছৰে তাইৰ মৃতদেহ কঢ়িয়াই লৈ ফুৰা অভীকৰ মনৰ পৰিস্থিতি তাই বুজি পাইছিল বাৰু যিয়ে নহওক, সকলো একেই থাকিলে হয় যদিহে যোৱাকালি  টা বজাত ফোনটো নাহিলেহেঁতেন 
কালি আবেলি লাইলী আৰু ধীমান ঘৰতে আছিল দেওবৰীইয়া এটি আলস্য ভৰা দিন অনুভাই টি ভিটোতে চিনেমা চোৱাত ব্যস্ত  বাপেক জীয়েক দুয়ো টোপনিত লালকাল অকস্মাতে বাজি উঠা লেণ্ডলাইনটোৱে অনুভাক চক খুৱাই দিলে  অনিচ্ছা স্বত্তেও তাই ফোনটো উঠালে 
হেল্ল’ ?” দুবাৰো মতাৰ পিছতো কোনো সঁহাৰি নোপোৱাত তাই ফোনটো ঠেকেচা মাৰি থৈ দিবলে লওঁতে তাই মাতটো শুনিলে-
আভা
অনুভা শিল পৰা কপৌ হৈ ৰৈ  আভাবুলি তাইক মতা এটি প্রাণীয়ে আছে, আৰু সেইটো অভীক আবৃত্তি-আবৃত্তি লগা এটি মাতৰ সোঁৱৰণিয়ে তাইক ছুই  কোনোমতে তাই সুধিলে, “কি খবৰ তোমাৰ অভীক?”
যেনেকৈ তুমি এৰি থৈ গৈছিলা, তেনেকৈয়ে আছোঁ 
সাগৰৰ ঢৌৱে পাৰৰ শিলত খুন্দিয়ালে কেনেকুৱা লাগে তাই নাজানে, কিন্তু সেই মুহূর্ত্তত তাইৰ সমগ্র পৃথিৱী উলৎ পালৎ হৈ  
মই পৰহিলে যামগৈ চেন্নইত এটা ৰিছার্ছ ইন্ছটিটিউত জইন কৰিছোঁ আভা, ভবা নাছিলোঁ তোমাক কেতিয়াবা আকৌ লগ পাম বুলি মই বেলিভিউ হোটেলত আছোঁ  কাইলে ওলাই নেযাওঁ  তুমি এবাৰ আহি লগ ধৰিলে ভাল লাগিব 
আৰু সেয়েহে আজি নীলা খামটো হাতত লৈ বিবুদ্ধত অনুভা এবাৰ ফ্রমত সজাই থোৱা ধীমান-লাইলীৰ ফটোখন আৰু এবাৰ অনুৰাধাৰ দেশ ১৬ বছৰ নিদ্রাৰত নীলা খামটো চালে তাই 
আঢ়ৈটা বাজি  অতীতৰ শ্যামল ঘাঁহনিডৰাত আৰু বর্তমানৰ কঙ্ক্রীট হাইৱেত তাই বহুবাৰ পাইচাৰি কৰিলে আৰু তাই লে এটি সিদ্ধান্ত  At last, she was able to decide what she wanted to do…(ধীমানৰ ভাষাত………)
অনুভাৰ ফ্রীট্জ পার্লছে কোৱা কথা এষাৰ মনত পৰি 
“I do my thing and you do your thing.
I am not in this world to live up to your expectations,
And you are not in this world to live up to mine.
You are you, and I am I,
and if by chance we find each other, it’s beautiful.
If not, it can’t be helped.”
  

Comments

Popular Posts