দয়াল বলিয়াৰ পৃথিৱী...আৰু মই
সাত টকীয়া আলু পৰঠা আৰু দুটকীয়া চাহৰ ব্রেকফাষ্ট কৰি কেন্টিনৰ বাহিৰত ৰৈ পুহ মহীয়া ৰ’দৰ আমেজ লৈ আছিলোঁ আমি । ‘আমি’ মানে মই, জুলী, আবিৰ, মেঘালী, দিগন্ত আৰু সীমান্ত । আলোচনাৰ বিষয়, গুৱাহাটি মেডিকেল কলেজৰ চার্জাৰী ফাইনেল ইয়েৰৰ আটাইতকৈ ‘এলিজীবল বেচ্ছেলৰ’ নীলিম বৰুৱাৰ প্রেম কাহিনী । নীলিম দাৰ শেহতীয়া প্রেমিকা স্মৃতিকণা ভৰালীৰ কি দেখিনো সি তাইৰ প্রেমত পৰিল, আমি তাকেই কথা পাতি আছিলোঁ । মেঘালীৰ মনৰ দুখ মই বুজি পাওঁ। তাইৰ সপোনৰ ৰাজকুমাৰ নীলিম দা আজি স্মৃতিকণাৰ সান্নিধ্যত মতলীয়া ।কথাতো কিন্তু মানিব লাগিব - নীলিম বৰুৱাৰ সমান দেখনীয়াৰ ল’ৰা গোটেই অসমতে নাই ।
নৰকাসুৰৰ কৃষ্ণচূড়াৰ ৰঙা ৰঙে মন চুই যোৱা অনুভববোৰ আনে। আৰু আমি পাচোঁটাই নীলিম-স্মৃতিকণাৰ প্রেমকাহিনীত মছগুল । হঠাতে সন্মুখত ওলালেহি দয়াল । দয়াল বলিয়া, চিকিৎসা বিজ্ঞানৰ ভাষাত স্কিজ’ফ্রেণীক । দয়ালে মোলৈ চাই চিঞৰিলে, “ঐ ভনি, এইফালে আহ ।” মই দেখিলোঁ দিগন্তৰ মুখত তাচ্ছিল্য, আবিৰ আৰু জুলীৰ ভেঙুছা-ভেঙুছি ।সীমান্তই মোক কৈয়ে পেলালে, “জাননে, এই পাগলটোৱে তোক এনেকৈ মাতিলে মোৰ বৰ লাজ লাগে ।” মই নির্বিকাৰ ভাবে আগুৱাই গৈ দয়ালৰ কাষ পালোহি ।মাটিয়া ৰঙৰ দাঁতকেইটা নিকতাই সি মোক ক’লে “অ’ ভনি, টকা দহটা দেছোঁন ।অলপ ভোগ লাগিছে ।” আন বহুদিনৰ দৰেই দহ টকা দয়ালক দিবলৈ লওঁতেই দিগন্ত আৰু সীমান্ত আগবাঢ়ি আহিল ।সিহঁতে দয়াল বলিয়াৰ হাতৰ পোৰা দহ টকাটো কাঢ়ি ল’লে । দিগন্ত দপ দপাই উঠিলে “পাগল কৰবাৰ, নাটক কৰি কৰি মানুহৰ পৰা পইছা মাৰিবলে আহিছ ।যা ইয়াৰ পৰা ।” সেমেনা সেমেনি কৰি দয়াল আঁতৰি গ’ল ।মোৰ বৰ খঙ উঠিল দিগন্তৰ ওপৰত ।এটি বলিয়াৰ কাৰণে পাঁচ বছৰৰ বন্ধুত্ত্ব মোৰ আগত নগণ্য হয় পৰিল । মই আবিৰক ক’লো “তইও ক’ কিবা এটা ।আমাৰ নিচিনা এশটা নর্মেল মানুহতকৈ দয়াল ভাল ।মই তহঁতৰ লগত এতিয়া মেল মাৰি থাকিবলে ধৈর্য্য নাই ।মই আহোঁ ।” মই গুছি আহিলোঁ । সিহঁত কেইটাই ভেবা লাগি চাই ৰ’ল ।
মই পিছদিনা অলপ নিলগে নিলগে থাকিলোঁ । এবাৰ জুলী আহিছিল কিবা এটা চেলু লৈ, মই বৰ গুৰুত্ব নিদিলোঁ । আবিৰে কিন্তু ইমান সহজে নেৰে । তিনিটামান বজাত আগভেটি ধৰিলে মোক সি লাহী হোটেলৰ সন্মুখত ।আবিৰ ল’ৰাটো অলপ আবেগিক । মোৰ তাক বেয়াকৈ ক’বলৈ মন নগ’ল ।লাহীৰ সন্মুখত পাৰি থোৱা কাঠৰ বেঞ্চখনত বহি ঠাণ্ডা গজা আৰু হাফ চাহ একাপ হাতত লৈ আমি দুইটাই কথা পতাত লাগিলোঁ । আবিৰে মোক ক’লে “তই অলপ দৰকাৰতকৈ বেছি কৰিছ’ নেকি? দয়াল বলিয়াৰ কাৰণে তই আমাক এনেকৈ ব্যৱহাৰ কৰিবি বুলি মই কেতিয়াও ভাবিব নোৱাৰোঁ ।” আৰু ঠিক সেই সময়তে ভাওনাৰ পাত্রৰ নিচিনাকৈ উলালেহি দয়াল ।আজি যেন সি কিবা বুজিছে । মোক এবাৰো নেমাতিলে ।লাহীৰ কাঞ্চাই দিয়া বাহি ৰুটি দুখন লৈ দয়াল গুছি গ’ল । ।মোৰ মনটো বেয়া লাগি গ’ল ।আবিৰক ক’লো “তহঁতি মোক চাৰিটা বজাত কেন্টিনত লগ ধৰিবি ।মোৰ অলপ কথা আছে ক’বলে ।”
আগদিনাৰ নীলিম-স্মৃতিকণাৰ প্রেমৰ আলোচনাৰে হুলস্থূল কৰি থকা আমি আতাইতেঁইতা লগ হ’লোঁ কেন্টিনত । অলপ পৰিবেশটো সহজ কৰিবলে মেঘালীয়ে বেবেৰিবাং কিবা এগাল কৈ আছিল । মই মনে মনে থকা দেখি তাই ক’লে “ তই দয়ালক যোৱা দুবছৰ মানৰ পৰা ভালকৈ মাতবোল কৰ’ , আমি মন কৰিছোঁ ।তোক আমি সোধাও নাই তাৰ কাৰণ । হস্পিতলৰ সকলোৱে গা এৰাই চলা দয়ালক তই কিয় ইমান গুৰুত্ত্ব দিয় আমাক তই আজি ক’বই লাগিব ।” মই অলপ সময় নিৰুত্তৰ হৈ ৰ’লো, আৰু তাৰপিছত এটা সিদ্ধান্ত ললোঁ ।
মই ক’ম সিহঁতক দয়ালৰ কাহিনী ।
পাতনি মেলিলোঁ, “শুন, মই কওঁ । অলপ মন দি শুনিবি, কাৰণ সকলো কথা মই ইমান স্পষ্টকৈ কব নোৱাৰিবও পাৰোঁ ।”
“কিবা সুধিবলগীয়া থাকিলে শেষত সুধিবি ।মাজতে খেচেংকৈ মাত নেমাতিবি কিন্তু ।মই এই কথাখিনি শুনিছিলোঁ মোৰ বন্ধু অনুপমৰ ককাইয়েক গৌতম দাৰ পৰা ।অনুপম মোৰ স্কুলৰ বন্ধু । গৌতম দা ইঞ্জিনীয়াৰ ।আমাতকৈ আঠ বছৰমান ডাঙৰ ।অসম ইঞ্জিনীয়াৰিং কলেজত পঢ়া সি ।আৰু তাৰেই চিনিয়ৰ আছিল আমাৰ দয়াল বলিয়া ।আৰু এটা সূত্র আছে দয়ালৰ বিষয়ে মোক খবৰ দিয়া ।অলপ পিছত গম পাবি সেইটো ।”
সীমান্তৰ মুখখন দেখি বুজিলোঁ তাৰ মনৰ পৰিস্থিতি ।মোৰোঁ একেই অৱস্থা হৈছিল গৌতম দাৰ মুখে কথাবোৰ শুনি দুবছৰ আগেয়ে, যেতিয়া গঅম পালোঁ তাৰ অদ্ভুত পৃথিৱীখনৰ কথা।
মই কৈ গ’লো, “দয়ালৰ নাম দয়াল নাছিল । তেওঁ আছিল মৃণাল দুৱৰা ।দিনজানৰ এটি সম্ভ্রান্ত পৰিযালৰ একমাত্র পুত্র মৃণাল দুৱৰা।আমাৰ ‘ম’ষ্ট এলিজীবল বেচ্ছেলৰ’ নীলিম বৰুৱাৰ দৰে মৃণালো আছিল ‘ম’ষ্ট ডিজাইৰেবল’ ল;ৰা। মৃণালে কবিতা লেখিছিল, ফুটবল খেলিছিল, গান গাইছিল।সি ভাল পাইছিল হাঁহি ধেমালিৰে বন্ধুবোৰৰ লগত সময় পাৰ কৰি ।পঢ়াত মেধাবি মৃণালক সকলোৱে ভাল পাইছিল।”
“মই বুজি পাওঁ তহঁতি মানিবলে অলপ টান পাইছ’, একো আচৰিত নহয়।মইওঁ বিশ্বাস কৰা নাছিলোঁ ।কিন্তু গৌতম দাই সাঁচি থোৱা কলেজ মেগাজিনখনত মই দেখিছোঁ মৃণাল দুৱৰাক ।আমাৰ দয়াল বলিয়াক । পোন্ধৰ বছৰ আগৰ এটি চফল ডেকা ।মৃণালৰ গানে দ্বিপৰ বিল জীয়াই তুলিছিল। তাৰ কবিতাই বহুতৰ উপলব্ধিবোৰ কপাহী কৰি তুলিছিল । আৰু মৃণাল প্রেমত পৰিছিল ।নৰকাসুৰৰ কৃষ্ণচূড়াৰ পৰাগৰ আসক্তিয়ে মৃণালক আমনি কৰিছিল ।গুৱাহাটি মেডিকেল কলেজৰ থার্ড ইয়েৰৰ স্টুডেন্ত ৰূপালীম শর্মাৰ মৌ বৰণীয়া চকু আৰু দীঘল বেণীডালে মৃণালক সম্পূর্ণৰূপে গ্রাস কৰি পেলাইছিল । ৰূপালীমৰ সান্নিধ্যই মৃণালক উৎসাহীত কৰিছিল আৰু কবিতা লেখিবলৈ ।সেই প্রেমৰ যেন নাছিল আদি, নাছিল অন্ত । তহঁতি শুনি আচৰিত হবি যে মৃণালে এবছৰতে ৰূপালীমৰ ইমান কাষ চিপি আহিছিল যে ৰূপালীমৰ মাকহঁতে তাইৰ আৰু মৃণালৰ বিয়া তাই পঢ়ি থাকোতেই পাতি দিব খুজিছিল ।সকলো সুন্দৰ ভাবেই চলি আছিল ।”
“আৰু এদিন ৰূপালীম গৈছিল কামাখ্যা মন্দিৰলৈ ।নিচেই ৰাতিপুৱা ।দোকমোকালিতে ।মৃণালৰ চূড়ান্ত বছৰৰ পৰীক্ষাৰ আগেয়ে এগজ চাকি দিবলৈ গৈছিল তাই ।মনত বহু ভক্তি, আৰু মৃণাললৈ এবুকু মৰম সাঁচি লৈ । কি হৈছিল নাজানোঁ, কিন্তু মই শুনিছিলোঁ ৰূপালীমক খুন্দিয়াই থৈ গৈছিল ট্রাক এখনে । তাইৰ মৌ বৰণীয়া চকু ৰক্তাক্ত হোৱা মনত আছে মোৰ ।মনত আছে দেউতাৰ নির্বিকাৰ মুখখন, আৰু মাৰ অবিৰত চকুপানীৰ ঢল ।ৰূপালীম শর্মা, মই মাতিছিলোঁ ‘ৰিণি বা’ বুলি ।মোতকৈ এঘাৰ বছৰ ডাঙৰ মোৰ বা ।মনত আছে মোৰ মৃণাল দাৰ সেইদিনাৰ চেহেৰাটো ।শীলহেন চকুদুটা ।মা-দেউতাই তাক সাৱটি ধৰিছিল । কিন্তু ৰিণি বায়ে যেন মৃণাল দাকো লগতে লৈ গৈছিল ।”
“মোক হোষ্টেল পঠিয়াই দিছিল এমাহ পিছত ।সময়ৰ চাকণৈয়াত ৰিণি বাৰ বেণীডাল আৰু মৃণাল দাৰ কবিতা পাহৰি গৈছিলোঁ ।তহঁতক লগ পাই ৰিণি বাকো মনত পেলাবলে আহৰি নেপালোঁ ।কিন্তু দুবছৰ আগেয়ে আমাৰ কেন্টিনৰ ওচৰতে মোক “ঐ ভনি” বুলি মাতিলে আমাৰ সকলোৰে চিনাকী দয়াল বলিয়াই ।কেনেকৈ তাৰ উন্মাদ পৃথিৱীয়ে মোৰ পৰিচয় পালে মই আজিও নেজানিলোঁ, কিন্তু ৰিণি বাৰ মৃণাল দাক মই হঠাতে চিনি পালোঁ ।মই ঘৰত কওঁতে মা-দেউতাই খবৰ দিছিল দিনজানত, পিছে কোনো নাহিল ।ৰিণি বায়ে মৃণাল দাকো লগতে লৈ গৈছিল ।মাত্র যেন তাৰ দেহাটোৱে এতিয়াও নৰকাসুৰৰ পাহাৰৰ কৃষ্ণচূড়াৰ ছাঁতে ৰিণি বাক বিচাৰি পায় ।”
“কিমান তহঁতি বুজিলি মই নেজানোঁ ।কাৰণ এইখন পৃথিৱী দয়াল বলিয়াৰ পৃথিৱী, মোৰ পৃথিৱী, ৰিণি বাৰ মৌ বৰণীয়া চকু আৰু দীঘল বেণীডালৰ পৃথিৱী ।তহঁতৰ কাৰণে বৰ সহজ দয়ালক বলিয়া সজাতো, কিন্তু মই যে সেই বলিয়া পৃথিৱীৰে এটা ‘ভাইটেল পার্ট’ ।”
কথাখিনি শেষ কোৰি উশাহ ল’লোঁ মই ।জুলী, আবিৰ, মেঘালী, দিগন্ত আৰু সীমান্তৰ চকুবোৰত কি আছিল ক’ব নোৱাৰোঁ, কিন্তু লেতেৰা নীলা টি-চার্ট পিন্ধি ঘূৰি ফুৰা দয়াল বলিয়াৰ চকুত মই ৰিণি বাক পাইছিলোঁ ।পাওঁ ।আৰু নজনাকৈয়ে মোৰ চকুলো সৰি পৰিলে যেতিয়া সীমান্তই উঠি গৈ বাহি ৰুটি চোবাই থকা দয়াল বলিয়াক টকা দহটা দি আহিলেগৈ ।
আৰু এনেকৈয়ে এটি গধূলী পৰিচয় হৈছিল জুলী, আবিৰ, মেঘালী, দিগন্ত আৰু সীমান্তৰ দয়াল বলিয়াৰ পৃথিৱীৰ সৈতে ।
মোৰ পৃথিৱীৰ সৈতে ……।

Comments
Post a Comment