মোৰ প্রতিশ্রুতি...
এখন উন্মনা বাউলি নৈ…
আছিল বুকুতে সাবটি এজাক ধুমুহা,
শান্ত পৃষ্ঠ আৰু হৃদয়ত বা -মৰলিৰ ঢল…
চঞ্চল, উত্রাৱল চিত্ত, নিৰন্তৰ আনুৰাগৰ সোঁত…
বই যায় উন্মনা নৈ, মোৰ মনৰ বাউলি নৈ…
এনেতে এদিন হঠাতে
ৰীতৰ মথাউৰি সমাজে দিলে সাজি…
উন্মনা নৈ মোৰ থমকিল ক্ষন্তেক…
বুকুতে কিন্তু লুকাই আছিল এজাক ধুমুহা
আৰু গর্ভৰ স্ৰোতত চক্ৰবাতৰ খেলা…
অশান্ত মন, শান্ত ৰূপ
নৈ উদাসীন, উকলিল যুগ…
এদিন আহিল এজাক ধাৰাষাৰ বৃষ্টি
থমকি ৰ’ল নৈৰ দৃষ্টি
ভূইকঁপৰ অধিকেন্দ্রই কৰিলে সহায়
এখনি উপনদী দিলেহি সজায়…
আৰু সেই ন নৈৰ ঢৌবোৰে ল’লে কোবাল গতি
খুন্দিয়ালে তোমাৰ ঘাট, তোমাৰ পৃথিৱী…
তোমাৰ ঘাটত মোৰ নৈৰ ঢৌৰ ইচাতি-বিচাতি
তোমাৰ আত্মাৰ সৈতে কথা পাতে,
আজুৰি লৈ যায় তোমাৰ সত্ত্বা,
কিন্তু নোহোৱা তুমি দিশহাৰা…
মোৰ মন নদী নহয় সংকীৰ্ণ…
যি দিশে যাবা নৈৰ ঢৌখিনি বুকুতে পাবা…
ৰসালি কৰি ৰ’ব তোমাৰ ঘাট
চিৰযুগমীয়া চেনেহেৰে…
নৈখন নিশ্চিহ্ন হ’লেও তোমাক দি যাব
এক অপূর্ব প্রেমৰ চানেকি…
মোৰ প্রতিশ্রুতি…
আনন্দৰ ঢৌ খেলি যাব সদায় তোমাৰ অনুভবে…
আৰু নৈখন হৈ ৰ’ব সাক্ষী…
তোমাৰ ঘাট আৰু মোৰ ঢৌৰ মিলনৰ…
মোৰ প্রতিশ্রুতি…
Comments
Post a Comment