FEW LINES
সেই নিজান ৰাতিৰ চোতাল নাই আৰু আজি,
কিন্তু আছে অন্ধকাৰৰ মাজতো পোহৰ,
জোণটো নাই যদিও জোনাকী পৰুৱাৰ জিলিকনিতেই
বিচাৰিব লাগিব আমি নতুন প্রহৰ……।।
হত্যা লুণ্ঠণ আজি চৌপাসে আমাৰ, মই বুজোঁ, মই দেখিছোঁ,
হেৰুৱাইছো মইও মোৰ দেউতাৰ ছাঁয়া ১৯৯১ চণৰ এটা গধূলি…
মনত আছে দেউতাৰ দেহাটি আজিও বগা কাপোৰে ঢাকি লৈ অহা
নিস্তব্ধ, তেজেৰে ৰাঙলী……।।
কিন্তু মই জানো, এই সকলো আমাৰ পৰিচয় নহয়,
তুমিও বুজা, তেহে আমি আনক বুজাব পাৰিম
অসম আজিও জিন্দাবাদ, আজিও নিজৰ, অতি আপোন,
বাপোতিসাহোন এই দেশ এনেকৈ জানো এৰিম????
নিশাটি জামানেই দীঘল নহওক বেলিটো ওলাবই লাগিব,
কিন্তু নিৰাশাৰ অন্ধকাৰত আমি হেৰাই গ’লে পোহৰখিনি দেৰিকৈ আহিব…
নতুন পোহৰ, নব ধাৰা তুমি, তুমি অসমৰ আত্মা, অসমৰ প্রাণ,
তুমি আৰু মই আৰু সত’ সত’ অসমীয়াই ৰাখিব লাগিব অসমৰ মান …।।
Comments
Post a Comment