The story of his green valley...........
সোণাপুৰৰ নতুন ৰিজৰ্টখনৰ কথা চাদিকৰ মুখত তাই যোৱা এবছৰ মানৰ পৰা শুনি আছে। ৰিয়াধৰ পঞ্চতাৰকা হোটেলৰ বিভিন্ন ব্যঞ্জনৰ নিতৌ সোৱাদ লোৱাৰ স্বত্তেও চাদিকৰ মতে অসমৰ ধাবাৰ সমান ভাল মাংসৰ আঞ্জা পৃথিৱীৰ কোনো ঠ
াইতে পাবলে নাই। আজি দুপৰীয়া বৰঝাৰ এয়াৰপৰ্টত নামিয়ে সি টেক্সীখন ঠিক কৰি ল’লে মাকুমৰলৈকে, যাতে বাটত ৰৈ-ৰৈ সোণাপুৰৰ ৰিজৰ্ট, বোকাখাটৰ ‘গোপাল-কৃষ্ণ’ৰ ‘পুৰি-চব্জী’, আদিৰ জুতি ল’ব পাৰে। মণিমাৰ কেতিয়াবা অতিষ্ঠ লাগি যায়। খোৱাৰ প্রতি ইমান ৰাপ মানুহটোৰ! বিয়াৰ এই ষোল্ল বছৰে মাথো ৰন্ধা-বঢ়া কৰি থাকোতেই গ’ল তাইৰ। আৰু অকলেও নহয়; বাটে-ঘাটে লগ পোৱা দুই-চাৰিটা বন্ধুকো সদায় চাদিকে ঘৰলৈ লৈ আনে ভাত খুৱাবলে।
পোন্ধৰ বছৰ আৰবৰ সুন্দৰ চহৰ ৰিয়াধত কটোৱাৰ পিছত আজি সিহঁত দুটা অসমলৈ বুলি ঘূৰি আহিছে। বুৰ্জ অল মামলাকাহৰ অষ্টাশী তলাত অতি সুসজ্জিত অফিছত বহি এক মোটা ৰকমৰ দৰমহা ঘটা চাদিকে হঠাতে অসমলৈ স্থায়ীভাৱে ঘূৰি অহাৰ সিদ্ধান্তটো মণিমাৰ মাক-বাপেকৰ বাবে অতি আশ্চৰ্য্যকৰ আছিল। কিন্তু ইমান বছৰ চাদিকৰ লগত সংসাৰ পতাৰ পিছত মণিমাই বুজি উঠিছিল যে মাকুমৰ সেই সৰল ল’ৰাটো ৰিয়াধৰ জকমকনিৰ মাজত কাহানিও হেৰাই যোৱা নাছিল। একমাত্র পুতেক ৰুবেনক ৰাজস্থানৰ মেয়’ স্কুলত ভৰ্তি কৰাই ৰিয়াধলৈ ঘূৰি যোৱাৰ পৰত চাদিকে তাইক কৈছিল, “মণি, আমি সোনকালে অসমলৈ ঘূৰি আহিব লাগিব। মই আৰু বাছি দিন নিজৰ মানুহখিনিৰ পৰা আতঁৰত থাকিব নোখোজোঁ। যি পৰিস্থিতিৰ কবলত পৰি অনিচ্ছা স্বত্তেও মই ৰিয়াধলৈ যাবলগীয়া হ’ল সেই কথা তুমি জানাই। ধাৰখিনি শেষ হ’লেই আমি গুছি আহিম অসমলৈ।“
মণিমাৰো লাহে লাহে আমুৱাইছিল ইমান দূৰত থাকি থাকি। বহু কষ্টত ডাঙৰ-দীঘল হৈছিল চাদিক। দেউতাকক বহুত সৰুতে সি হেৰুৱাইছিল। মাকুমৰ বেচৰকাৰী এখন স্কুলত কেৰাণীৰ কাম কৰা মাকে অনেক ধাৰ লৈ মেলি পুতেকক পঢ়ুৱাইছিল। চাদিকে ৰুৰকীৰ পৰা ইঞ্জীনিয়াৰিং পঢ়ি ঘূৰি অহা মানে মাকক ধাৰে টেটু চেপি ধৰিছিল। অয়লৰ চাকৰীটো ভাল আছিল যদিও চাদিকে অতি সোনকালে বেছি টকা ঘটা জৰুৰী হৈ পৰিছিল। ঘৰৰ কাষৰে মণিমাৰ লগত যেতিয়া তাৰ মাকে নিকাহৰ কথা ক’লে, সি না কৰাৰ কোনো কাৰণ উলিয়াব নোৱাৰিলে। মণিমায়ো ইমান ভাল ল’ৰা এটাক জীৱনসঙ্গী ৰূপে পাই সন্তুষ্ট হ’ল। বিয়াৰ এবছৰ পিছতে চাদিকে আৰবৰ চাকৰীটো পালে। মাকে কিন্তু অসম নেৰোঁ বুলি নাছোড়বান্দা হৈ ৰ’ল। ৰিয়াধত নতুন মানুহ, নতুন পৰিবেশ, নতুন উদ্যমেৰে জীৱন আৰম্ভ কৰিলে। ৰুবেনৰ জন্মৰ লগে লগে সিহঁতৰ পৃথিৱীখন যেন আৰু শুৱনি হৈ পৰিল। মাকৰ ধাৰো শেষ হ’ল, আৰু চাওঁতে চাওঁতে ৰুবেনে দহ বছৰত ভৰি দিলে। চাদিকে তাক ভাৰতবৰ্ষতে পঢ়ুৱাৰ মন মেলিলত প্রখ্যাত মেয়’ স্কুলত ৰুবেনৰ নামভৰ্তি কৰালে সিহঁতি। এইবাৰ ৰুবেনে মেট্রিক দিব। চাদিকেও যোৰহাটৰ চাহ-বাগান এখনৰ পৰা এটা ভাল অফাৰ পালে। সেয়েহে আজি ঘৰ অভিমুখী যাত্রা চাদিক আৰু মণিমাৰ।
কিন্তু অসমলৈ অহাৰ আগে আগে এখুন্দা লাগিল দুইটাৰে। সাম্প্রতিক অসমৰ পৰিস্থিতিয়ে মণিমাক বিচলিত কৰি তুলিছে। নামনি অসমৰ বাংলাদেশৰ মুছলমান মানুহখিনিক লৈ হোৱা গণ্ডগোলত হেনো বহুত অসমৰ মুছলমান মানুহো নিহত হৈছে। কথাখিনি কিমান সঁচা বা মিছা, তাক ধাৰ্য কৰাৰ কোনো উপায় নাছিল মণিমাৰ। কথাটো চাদিকক কোৱাত সি খঙত একেবাৰে অগ্নিশৰ্মা হৈ পৰিল। তাইক দেশবিৰোধীকে ধৰি নানান গালি পাৰিলে। আৰু মণিমায়ো নিজৰ উদ্বেগক বেবুনিয়াদি বুলি আওকাণ কৰি অসমলৈ ঘূৰি অহাৰ যো-জা কৰাত লাগিল।
অৱশেষত ৰাতি এটা বজাত মণিমা আৰু চাদিক মাকুম পালেহি। চাদিকৰ মাক ইমান ৰাতিলৈকে সাৰে আছিল। তেওঁ আথে-বেথে পুতেক আৰু বোৱাৰীয়েকক পদূলীমুখৰ পৰা আদৰি আনিলগৈ। গা-পা ধুই ভাত-পানী খাই তিনিও শুই পৰিল। কাইলৈ দুপৰীয়া তেওঁলোক মণিমাৰ মাকৰ ঘৰলৈ যাব লাগিব কাৰণ পৰহিলে চাদিকে নতুন চাকৰী জইন কৰিবলৈ যোৰহাট যাব লাগিব। তাৰ আগেয়ে শহুৰ-শাহুৱেকক সি লগ ধৰিব লাগিব এবাৰ।
ৰাতিপুৱা আঠ বজাত শুই উঠিল মণিমা-চাদিক। লৰালৰিকৈ গা ধুই মণিমা পাকঘৰ পালেগৈ। ইতিমধ্যে চাদিকৰ মাকে লুচি-ভাজি বনাই আজৰি। খুব তৃপ্তিৰে তিনিও ৰাতিপুৱাৰ সাজ খাই মণিমাৰ মাকৰ ঘৰ বুলি ওলালে।
মণিমাৰ ঘৰত আজি উছৱৰ পৰিবেশ। তাইৰ মাক, দেউতাক, ককায়েক, বৌৱেক আৰু দুইজনী ভতিজাক ভিন্ন কামত ব্যস্ত। জীয়েক জোঁৱায়েক আহিব বুলি মণিমা দেউতাক চইদুল আহমেদে পাচলি, ফল-মূল, মাছ, মাংসৰে ঘৰ ভৰাই থৈছে। তাতে জোৱায়েকৰ খোৱাত বৰ চখ।
মণিমাই চাহ একাপ লৈ বাৰাণ্ডাত বহিল। পুৰণি চোতালখনৰ বকুল গছজোপা চাই চাই তাই সৰুকালৰ কথাবোৰ ৰোমন্থন কৰিছে।
এনেতে তাইৰ তন্ময়তা ভাঙি হুলস্থূল কৰি এজাক মানুহ আহি সিহঁতৰ চোতাল পালেহি। একেবাৰে আগত তাইক কলেজ যাওঁতে সদায় জোকোৱা মুনীণ বৰুৱাৰ পুতেক যতীন। মদ খাই ভেকেটা ভেকেট গোন্ধোৱা যতীনে চিঞৰিলে, “ আৰবৰ পৰা আহি এই বাংলাদেশী দুটাই আমাক লুটিবলে আহিছে। কুকুৰহঁত, ইমান দিনে দেশলৈ মনত নপৰিল। এতিয়া লেৰেলা দেশ ভক্তি দেখুৱাবলে আহিছ’।“
চিঞৰ-বাখৰ শুনি চাদিক আহি বাহিৰ পালেহি। মণিমাই একো তৰ্কিবই নোৱাৰিলে। কোন তলকত জানো যতীনে মেচি দাখন উলিয়াই এঘাপ মাৰি পঠিয়ালে চাদিকক। এটা মাত্র মুহূৰ্ত, আৰু মণিমাই দেখিলে হোলোকে-হোলোকে তেজ উলাই থকা মূৰ নোহোৱা চাদিকৰ দেহাটো।। তাইৰ কাণত মাক, দেউতাক, ককায়েক, শাহুৱেক, বৌৱেকৰ আতাহবোৰ নোসোমাল। তাইৰ মনত পৰিল আৰবৰ মৰুভূমি দেখি ৰিয়াধৰ বন্ধুবোৰক সঘনাই চাদিকে কোৱা এষাৰ কথা,” Life is so arid here..Begging excuses from Richard Llewellyn, let me tell you, how green was my valley!!”
কিন্তু ক’ত সেই শ্যামল উপত্যকা? চাদিকৰ তেজেৰে ৰাঙলী হৈ পৰা বাৰাণ্ডাখনত ঢল খাই বেহুঁচ হোৱাৰ সময়ত মণিমায়ে মাথো ভাবিছিল,” His valley is no longer green………..”

Comments
Post a Comment